--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি জ্বলি উঠিছে সমগ্ৰ দেশ। প্ৰতিৰক্ষা বিভাগত নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নামি পৰিছে জংগী আন্দোলনত। সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিছে নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতী সকল। বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে। 

ইতিমধ্যে এই অগ্নিপথ বিৰোধী আন্দোলন ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে। ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে আজি বিহাৰত বন্ধও ঘোষণা কৰা হৈছে। এনে প্ৰতিবাদী ধামখুমীয়াৰ মাজতে এইবাৰ এক নতুন ঘোষণাৰে আন্দোলন বন্ধ কৰোৱাৰ চেষ্টা চলাইছে কেন্দ্ৰই।

আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অগ্নিপথ কেন্দ্ৰিক ব্যাপক প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু অসম ৰাইফলছত 'অগ্নিবীৰ'ৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰিছে। ইতিপূৰ্বে মন্ত্ৰালয়ে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে নিৰ্ধাৰিত উচ্চবয়সৰ সীমাৰ বাহিৰেও তিনি বছৰ বয়সৰ ৰেহাই ঘোষণা কৰিছিল। 

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চিএপিএফত 'অগ্নিবীৰ'সকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ যোজনাক লৈ সন্তুষ্ট হোৱা নাছিল নিযুক্তি প্ৰত্যাশী সকল। অমিত শ্বাহৰ এই ঘোষণাৰ কেইদিনমান পিছতে এতিয়া সংৰক্ষণ বিষয়ক এই নতুন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ১০ লাখ পদেৰে শক্তিশালী চি.এ.পি.এফ. হৈছে গৃহ মন্ত্ৰালয়ৰ অধীনত সৰ্ববৃহৎ নিযুক্তি সৃষ্টিকাৰী সংস্থাবোৰৰ ভিতৰত অন্যতম এক বিভাগ।

বৰ্তমান অৰ্ধসামৰিক বাহিনীৰ পাঁচটা শাখা- সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি), শাস্ত্ৰ সীমা বল (এছএছবি), আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) ত ৭৩,০০০ তকৈও অধিক পদ খালী হৈ আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি চি.এ.পি.এফ. আৰু অসম ৰাইফলছত প্ৰায় ৭৩,২১৯ টা পদ খালী আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আৰক্ষী বাহিনীত ১৮,১২৪ টা পদ খালী হৈ আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ