--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি জ্বলি উঠিছে সমগ্ৰ দেশ। প্ৰতিৰক্ষা বিভাগত নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নামি পৰিছে জংগী আন্দোলনত। সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিছে নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতী সকল। বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে। 

ইতিমধ্যে এই অগ্নিপথ বিৰোধী আন্দোলন ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে। ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰে আজি বিহাৰত বন্ধও ঘোষণা কৰা হৈছে। এনে প্ৰতিবাদী ধামখুমীয়াৰ মাজতে এইবাৰ এক নতুন ঘোষণাৰে আন্দোলন বন্ধ কৰোৱাৰ চেষ্টা চলাইছে কেন্দ্ৰই।

আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অগ্নিপথ কেন্দ্ৰিক ব্যাপক প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু অসম ৰাইফলছত 'অগ্নিবীৰ'ৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰিছে। ইতিপূৰ্বে মন্ত্ৰালয়ে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে নিৰ্ধাৰিত উচ্চবয়সৰ সীমাৰ বাহিৰেও তিনি বছৰ বয়সৰ ৰেহাই ঘোষণা কৰিছিল। 

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চিএপিএফত 'অগ্নিবীৰ'সকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ যোজনাক লৈ সন্তুষ্ট হোৱা নাছিল নিযুক্তি প্ৰত্যাশী সকল। অমিত শ্বাহৰ এই ঘোষণাৰ কেইদিনমান পিছতে এতিয়া সংৰক্ষণ বিষয়ক এই নতুন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ১০ লাখ পদেৰে শক্তিশালী চি.এ.পি.এফ. হৈছে গৃহ মন্ত্ৰালয়ৰ অধীনত সৰ্ববৃহৎ নিযুক্তি সৃষ্টিকাৰী সংস্থাবোৰৰ ভিতৰত অন্যতম এক বিভাগ।

বৰ্তমান অৰ্ধসামৰিক বাহিনীৰ পাঁচটা শাখা- সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি), শাস্ত্ৰ সীমা বল (এছএছবি), আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) ত ৭৩,০০০ তকৈও অধিক পদ খালী হৈ আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি চি.এ.পি.এফ. আৰু অসম ৰাইফলছত প্ৰায় ৭৩,২১৯ টা পদ খালী আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আৰক্ষী বাহিনীত ১৮,১২৪ টা পদ খালী হৈ আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু