--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূৰ্বৰ অধিনায়ক বিৰাট কোহলীৰ উত্তৰাধিকাৰী হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ স্থায়ী অধিনায়ক হিচাপে নিযুক্ত হোৱাৰ পিছতে নিজৰ দক্ষতা প্ৰতিপন্ন কৰাত কোনো ত্ৰুটি ৰখা নাই ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাই।  ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে বৰ্তমান অধিনায়কৰ দায়িত্বত থকা ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিজৰ ধাৰাবাহিক ফৰ্ম অব্যাহত ৰাখিছে। ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতে দেওবাৰে ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক মেচত ৰোমাঞ্চকৰ জয়েৰে ২-১ ব্যৱধানত শৃংখলা দখল কৰে। 

এই মেচখনত জয় লাভ কৰাৰ লগে লগে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়ক হিচাপে এক বিশেষ কৃতিত্ব অৰ্জন কৰে। আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৰোহিত শৰ্মাই কালিৰ মেচখনৰ সৈতে ভাৰতক ৪২ তম টি-২০ মেচত নেতৃত্ব দিছিল আৰু কালিৰ জয়ৰ সৈতে এই ৪২ খন মেচত অধিনায়ক হিচাপে ৩৩ তম জয় সাব্যস্ত কৰে ৰোহিতে।

এইদৰে ৰোহিতে সতীৰ্থ তথা পূৰ্বৰ অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটটোত ভাৰতৰ দ্বিতীয় সৰ্বাধিক সফল অধিনায়ক হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ‘কেপ্টেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ পিছতে স্থান লাভ কৰে। ধোনীৰ নেতৃত্বত ভাৰতে ৭২ খন মেচৰ ৪২ খনত জয় লাভ কৰিছিল। আনহাতে তৃতীয় স্থানত থকা কোহলীৰ নেতৃত্বত ভাৰতে ৫০ খন মেচৰ ৩২ খনত জয়ৰ মুখ দেখিছিল। 

ইফালে অধিনায়ক হিচাপে টি-২০ মেচত জয়ৰ ক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো জয়ৰ শতাংশৰ হাৰ হিচাপত দ্বিতীয় স্থানলৈ উন্নীত হয় ৰোহিত শৰ্মা। দলক নূন্যতম ৩০ খন মেচত নেতৃত্ব প্ৰদান কৰি সৰ্বাধিক জয় শতাংশৰ হিচাপত ৰোহিত শৰ্মাই ৭৮.৫৭ শতাংশৰে দ্বিতীয় স্থানত থাকে। ৰোহিততকৈ এইক্ষেত্ৰত আগত আছে কেৱল আফগানিস্তানৰ প্ৰাক্তন অধিনায়ক আছগৰ আফগান। 

আছগৰ আফগানৰ নেতৃত্বত আফগানিস্তান ৫১ খন টি-২০ মেচৰ ৪১ খনতে জয়ী হৈছিল। এই হিচাপত আফগানৰ জয়ৰ শতাংশৰ হাৰ হৈছে ৮০.৩৯। তৃতীয় স্থানত থকা পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদৰ নামত আছে ৩৭ খন মেচৰ ২৯ খনত জয়ৰ ৰেকৰ্ড (৭৮.৩৮ শতাংশ)। 

উল্লেখ্য যে কালিৰ মেচখনত ভাৰতে অষ্ট্ৰেলিয়াই থিয় কৰোৱা ১৮৭ ৰানৰ বিজয় লক্ষ্য এটা বল বাকী থকা অৱস্থাত  ৰোমাঞ্চকৰ যুঁজৰ অন্তত অতিক্ৰম কৰে।  অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি অপেনাৰ কেমেৰুণ গ্ৰীণ আৰু মিডল অৰ্ডাৰ বেটাৰ টিম ডেভিদৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ১৮৬ ৰান সংগ্ৰহ কৰিছিল। গ্ৰীণে মাত্ৰ ২১ টা বলত ৫২ আৰু ডেভিদে ২৭ টা বলত ৫৪ ৰানৰ অবদান আগবঢ়ায়। 

ভাৰতৰ হৈ অক্সৰ পেটেলে ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে ভুৱনেশ্বৰ, চাহাল আৰু হৰ্ষল পেটেলে এটাকৈ উইকেট দখল কৰে। ১৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে প্ৰথমটো অভাৰতে অপেনাৰ ৰাহুলৰ উইকেট হেৰুৱাই বিপদত পৰে। দলীয় স্ক’ৰ ৩০ ৰানত অধিনায়ক ৰোহিত শৰ্মাইও ১৭ ৰান কৰি বিদায় ল’লেও তাৰকা বেটাৰ বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱৰ দুৰ্দান্ত বেটিঙৰ সহায়ত জয়ৰ দুৱাৰডলিত উপনীত হয় ভাৰত। 

কোহলীয়ে ৬৩ ৰানৰ এক নিৰ্ণায়ক ইনিংছ খেলি অন্তিম অভাৰৰ দ্বিতীয়টো বলত আউট হোৱাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে ৩৬ টা বলত ৬৯ ৰানৰ এক বিস্ফোৰক ইনিংছেৰে মেচখনৰ দিশ ভাৰতৰ পক্ষলৈ আনে। ভাৰতক অন্তিম অভাৰত জয়ৰ বাবে ১১ ৰানৰ প্ৰয়োজন আছিল। অভাৰৰ প্ৰথমটো বলত কোহলীয়ে এক বিশাল ছয় কোবোৱাৰ পিছত দ্বিতীয়টো বলত নিজৰ উইকেট হেৰুৱায়।

অৱশ্যে দলৰ নিৰ্ভৰযোগ্য তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই পঞ্চমটো বলত বল বাউণ্ডেৰীলৈ ঠেলি ভাৰতক জয়ৰ লক্ষ্যত উপনীত কৰায়। মেচখনত চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছটোৰ বাবে যাদৱে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে সমগ্ৰ শৃংখলাতে দৰ্শনীয় বলিং প্ৰদৰ্শন দাঙি ধৰা অক্সৰ পেটেল শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

কালিৰ এই শৃংখলাৰ পাছত টীম ইণ্ডিয়াই বুধবাৰৰ পৰা পুনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আন এক তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব। অহা মাহত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা দুটা ভাৰতীয় দলৰ বাবে বিশ্বকাপৰ প্ৰস্তুতি হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু