--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কৃতবিদ্য মহিলালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল৷ ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে যে অধ্যাপিকা শ্ৰম অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনক ২০২৩ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

আনুষ্ঠানিকভাৱে আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ প্ৰদান কৰা বঁটাটোত  ১ কোটি ১০ লাখ কোটি টকাৰ ধনৰাশি আগবঢ়োৱা হয়৷১৯৪৬ চনত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ক্লাউডিয়া গোল্ডিন কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বিবৃত্তিযোগে জনায় যে,"এইবাৰৰ অৰ্থনৈতিক বিজ্ঞানৰ বঁটা বিজয়ী ক্লাউডিয়া গোল্ডিনে শতিকাজুৰি মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথম বিস্তৃত বিৱৰণ আগবঢ়াইছিল। তেওঁৰ গৱেষণাই পৰিৱৰ্তনৰ কাৰণসমূহ উন্মোচন কৰিছে, লগতে বাকী থকা লিংগ ব্যৱধানৰ মূল উৎসসমূহো উন্মোচন কৰিছে।"

উদ্ভাৱক আৰু উদ্যোগী আলফ্ৰেড নোবেলৰ ইচ্ছাত প্ৰতিষ্ঠিত অনুষ্ঠানটিত বিজ্ঞান, সাহিত্য আৰু শান্তিৰ মূল নোবেল বঁটা প্ৰদান কৰাৰ বিপৰীতে অৰ্থনীতি বঁটাটো পিছলৈ প্ৰৱৰ্তন কৰা হয়। ছুইডেনৰ কেন্দ্ৰীয় বেংকে ১৯৬৮ চনত ইয়াক আৰম্ভ কৰি পুঁজি আগবঢ়াইছিল।১৯৬৯ চনৰ পৰা অৰ্থনীতিৰ বঁটা প্ৰদান কৰা হয় আৰু এই বিজয়ীসকলৰ ভিতৰত ফ্ৰেড্ৰিখ আগষ্ট ভন হায়েক, মিল্টন ফ্ৰাইডমেন আৰু শেহতীয়াকৈ আমেৰিকাৰ অৰ্থনীতিবিদ পল ক্ৰুগমেনৰ দৰে ব্যক্তিকে ধৰি বহুতো প্ৰভাৱশালী পণ্ডিত আৰু চিন্তাবিদক সামৰি লৈছে।

উল্লেখ্য যে এইবেলি কাৰাবন্দী হৈ থকা ইৰাণৰ মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক প্ৰদান কৰা শান্তিৰ নোবেল বঁটাৰ পাছতে অৰ্থনৈতিক নোবেল ঘোষণা কৰা হৈছে। নোবেল কমিটীয়ে তেওঁৰ দেশত “নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে” আৰু “সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে” শান্তি বঁটা প্ৰদান কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি