--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কৃতবিদ্য মহিলালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল৷ ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে যে অধ্যাপিকা শ্ৰম অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনক ২০২৩ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

আনুষ্ঠানিকভাৱে আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ প্ৰদান কৰা বঁটাটোত  ১ কোটি ১০ লাখ কোটি টকাৰ ধনৰাশি আগবঢ়োৱা হয়৷১৯৪৬ চনত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ক্লাউডিয়া গোল্ডিন কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বিবৃত্তিযোগে জনায় যে,"এইবাৰৰ অৰ্থনৈতিক বিজ্ঞানৰ বঁটা বিজয়ী ক্লাউডিয়া গোল্ডিনে শতিকাজুৰি মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথম বিস্তৃত বিৱৰণ আগবঢ়াইছিল। তেওঁৰ গৱেষণাই পৰিৱৰ্তনৰ কাৰণসমূহ উন্মোচন কৰিছে, লগতে বাকী থকা লিংগ ব্যৱধানৰ মূল উৎসসমূহো উন্মোচন কৰিছে।"

উদ্ভাৱক আৰু উদ্যোগী আলফ্ৰেড নোবেলৰ ইচ্ছাত প্ৰতিষ্ঠিত অনুষ্ঠানটিত বিজ্ঞান, সাহিত্য আৰু শান্তিৰ মূল নোবেল বঁটা প্ৰদান কৰাৰ বিপৰীতে অৰ্থনীতি বঁটাটো পিছলৈ প্ৰৱৰ্তন কৰা হয়। ছুইডেনৰ কেন্দ্ৰীয় বেংকে ১৯৬৮ চনত ইয়াক আৰম্ভ কৰি পুঁজি আগবঢ়াইছিল।১৯৬৯ চনৰ পৰা অৰ্থনীতিৰ বঁটা প্ৰদান কৰা হয় আৰু এই বিজয়ীসকলৰ ভিতৰত ফ্ৰেড্ৰিখ আগষ্ট ভন হায়েক, মিল্টন ফ্ৰাইডমেন আৰু শেহতীয়াকৈ আমেৰিকাৰ অৰ্থনীতিবিদ পল ক্ৰুগমেনৰ দৰে ব্যক্তিকে ধৰি বহুতো প্ৰভাৱশালী পণ্ডিত আৰু চিন্তাবিদক সামৰি লৈছে।

উল্লেখ্য যে এইবেলি কাৰাবন্দী হৈ থকা ইৰাণৰ মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক প্ৰদান কৰা শান্তিৰ নোবেল বঁটাৰ পাছতে অৰ্থনৈতিক নোবেল ঘোষণা কৰা হৈছে। নোবেল কমিটীয়ে তেওঁৰ দেশত “নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে” আৰু “সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে” শান্তি বঁটা প্ৰদান কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে