--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত ‘প্ৰেমৰ কাহিনী’ৰ অভাৱ নাই। কিন্তু মাৰ্গাৰেট মেককেলামৰ (Margaret McCollum) কাহিনী একেবাৰে বেলেগ। ২০০৭ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। কিন্তু স্বামীৰ বাবে মাৰ্গাৰেটে যি কৰিছে, সি প্ৰেমৰ প্ৰতীক হৈ পৰিছে।

শীতকালেই হওক বা বাৰিষা হওক, মাৰ্গাৰেটৰ দৈনন্দিন সূচী সলনি নহয়। প্ৰতিদিনে তেওঁ লণ্ডনৰ এম্বাংকমেণ্ট মেট্ৰ’ ষ্টেচনলৈ যায়। তাত বহি তাই গিৰিয়েকৰ মাত শুনে।

মাৰ্গাৰেটৰ স্বামী অছৱাল্ড লৰেন্স আছিল এজন থিয়েটাৰ অভিনেতা। লণ্ডন মেট্ৰ’ আৰু আণ্ডাৰগ্ৰাউণ্ডৰ ঘোষক আছিল তেওঁ। ১৯৫০ চনত তেওঁৰ কণ্ঠ ‘প্লিজ কিপ ইউৰ ডিষ্টেন্স’ নামেৰে ৰেকৰ্ডিং কৰা হয়।

লৰেন্সৰ মাতেৰে যাত্ৰীসকলক সকীয়াই দিয়া হৈছিল। মেট্ৰ’ৰেলে ষ্টেচনত প্ৰৱেশ কৰাৰ লগে লগে এই ঘোষণা শুনি তেওঁলোকে পিছুৱাই থিয় হয়।

অভিনয়ৰ উপৰিও লৰেন্সে ট্ৰেভেল এজেন্সীত কাম কৰিছিল। ১৯৯২ চনত তেওঁ মৰক্কোলৈ গৈ মাৰ্গাৰেটক লগ পায়। লৰেন্স আৰু মাৰ্গাৰেটে ইজনে সিজনক ভাল পায়। লণ্ডনলৈ উভতি আহি বিয়া পাতিলে। তেতিয়াৰ পৰা দুয়োজনে একেখন চালিৰ তলত ১৫ বছৰ কটালে।

২০০৭ চনত লৰেন্সৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮৬ বছৰ। স্বামীৰ মৃত্যুত মাৰ্গাৰেট বিধ্বস্ত হৈ পৰিছিল। তেতিয়াৰ পৰাই মাৰ্গাৰেটে ৰোজ এম্বেংকমেণ্ট মেট্ৰ’ ষ্টেচনলৈ গৈ বহিছিল। গিৰিয়েকৰ মাতত ঘোষণাটো বাৰে বাৰে তাই শুনিবলৈ পাইছিল।

নৱেম্বৰ ২০১২। এদিন মাৰ্গাৰেট ষ্টেচনত বহি আছিল। হঠাতে তেওঁ লক্ষ্য কৰিলে যে মেট্ৰ’ ষ্টেচনত লৰেন্সৰ মাত আৰু শুনা নাযায়। মাৰ্গাৰেটে মেট্ৰ’ৰেলৰ বিষয়াসকলৰ কাষ চাপিল। লৰেন্সৰ মাতটো কিয় শুনা নাযায়, তেওঁ সুধিছে। তেওঁলোকে কয় যে নতুন ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে মেট্ৰ’ ষ্টেচনত ঘোষণা কৰা হৈছে। সেই ব্যৱস্থাত এতিয়া লৰেন্সৰ কণ্ঠৰ ব্যৱহাৰ নহয়।

মাৰ্গাৰেটৰ মনটো বিধ্বস্ত হৈ পৰিল। কৰ্তৃপক্ষক জনালে যে তেওঁ স্বামীৰ মাত শুনিবলৈকে ষ্টেচনত বহি থাকে। কৰ্তৃপক্ষই মাৰ্গাৰেটৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰে আৰু পুনৰ সেই সতৰ্কবাণী চলাবলৈ ধৰে।

লণ্ডনৰ সকলো আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন এতিয়া ডিজিটেল প্ৰযুক্তিৰে ঘোষণা কৰা হৈছে। কেৱল ৱেষ্টমিনিষ্টাৰ এম্বেংকমেণ্ট ষ্টেচনেহে লৰেন্সৰ পুৰণি মাতটো এৰি থৈ গৈছে, ‘প্লিজ আপোনাৰ দূৰত্ব বজাই ৰাখক’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি