--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰীপ এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। হামাছ সন্ত্ৰাসবাদীয়ে গাজাত বহু ইজৰাইলী লোকক অতি নিষ্ঠুৰ ভাবে হত্যা কৰিছে। যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে  শ্ৰীলংকা ভ্ৰমণৰ কৰি  ঘৰলৈ উভতি আহিছিল। বহু দিনৰ মূৰত তেওঁ  তেওঁৰ বন্ধুবৰ্গৰ সৈতে ট্ৰেন্স মিউজিক ফেষ্টিভেললৈ গৈছিল। 

সেই ঠাইখনক কিবুটজ-ই-ৰিম বুলি কোৱা হয়, ঠিক গাজা ষ্ট্ৰিপৰ দৰে। কিন্তু  হামাছৰ সন্ত্ৰাসবাদীৰ এটা দলে  সকলোৰে চকুৰ সন্মুখতে ২৫ বছৰীয়া ইজৰাইলী যুৱতী  নোহ আৰ্গামনিক অপহৰণ কৰি নিয়ে। নোহৰ অপহৰণৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। "মোক হত্যা নকৰিব," যুৱতীগৰাকীয়ে  ভিডিঅ’টোত কান্দি কান্দি  কোৱা দেখা গৈছে । 

 সন্ত্ৰাসবাদীয়ে যুৱতীগৰাকীৰ এজন বন্ধুকো হত্যা কৰাৰ উদ্দেশ্য লৈ যোৱা দেখা গৈছে। প্ৰেমিক আভি নাথনে যুৱতীগৰাকীক মটৰ চাইকেলত উঠাই লৈ যোৱাৰ দৃশ্য  অসহায়ভাৱে মাথো চাই ৰৈছে...




এই ঘটনাৰ পিছতে নাথনৰ ভাতৃয়ে কৈছে "মই ফোনত কাকো বিচাৰি পোৱা নাই। আমি এতিয়া বহুত চিন্তিত। ''
কেৱল নোহ বা নাথনেই  নহয়, ইজৰাইলে অভিযোগ কৰিছে যে হামাছে  শ শ ইজৰাইলী নাগৰিকক অপহৰণ কৰিছে। তেওঁলোকক অকথ্যভাৱে নিৰ্যাতন চলোৱা  হৈছে। ছ'চিয়েল মিডিয়াত আন এটা ভিডিঅ' ভাইৰেল হৈছে,  য'ত হামাছৰ অত্যাচাৰৰ আন এখন ছবি বন্দী হৈছে। ভিডিঅ'টোত এটা ইজৰাইলী পৰিয়ালক হামাছৰ জিম্মাত থকা দেখুওৱা হৈছে। দেউতাক, মাতৃ আৰু তিনিটা সন্তান। ভিডিঅ'টোত, উগ্ৰপন্থীসকলক সকলোৰে চকুৰ সন্মুখত দুগৰাকী ছোৱালীৰ এগৰাকীক গুলীয়াই হত্যা কৰা দেখা গৈছে। কনিষ্ঠ কন্যাগৰাকীয়ে কান্দি কান্দি দেউতাকক সুধিছে, "দেউতা, আপোনাৰ হাতত তেজ কিয় লাগিছে?" ।






হৃদয়বিদাৰক ভিডিঅ'টো ইজৰাইলৰ সাংবাদিক ইণ্ডিয়া নাফটালিয়ে এক্স-হেণ্ডেলত পোষ্ট কৰিছে। সাংবাদিকগৰাকীয়ে লিখিছে "ইজৰাইলী পৰিয়ালটোক হামাছ উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল আৰু কেমেৰাৰ আগলৈ লৈ আহিছিল। পৰিয়ালটোৰ এজন সন্তানক সকলোৰে চকুৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাটোৱে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে। পৃথিৱীৰ সকলোৱে জানিব লাগে যে ইয়াত কি হৈ আছে। পৃথিৱীৰ সকলোৱে এই নিষ্ঠুৰতা বন্ধ কৰিবলৈ আগবাঢ়ি আহক। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি