--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰীপ এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। হামাছ সন্ত্ৰাসবাদীয়ে গাজাত বহু ইজৰাইলী লোকক অতি নিষ্ঠুৰ ভাবে হত্যা কৰিছে। যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে  শ্ৰীলংকা ভ্ৰমণৰ কৰি  ঘৰলৈ উভতি আহিছিল। বহু দিনৰ মূৰত তেওঁ  তেওঁৰ বন্ধুবৰ্গৰ সৈতে ট্ৰেন্স মিউজিক ফেষ্টিভেললৈ গৈছিল। 

সেই ঠাইখনক কিবুটজ-ই-ৰিম বুলি কোৱা হয়, ঠিক গাজা ষ্ট্ৰিপৰ দৰে। কিন্তু  হামাছৰ সন্ত্ৰাসবাদীৰ এটা দলে  সকলোৰে চকুৰ সন্মুখতে ২৫ বছৰীয়া ইজৰাইলী যুৱতী  নোহ আৰ্গামনিক অপহৰণ কৰি নিয়ে। নোহৰ অপহৰণৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। "মোক হত্যা নকৰিব," যুৱতীগৰাকীয়ে  ভিডিঅ’টোত কান্দি কান্দি  কোৱা দেখা গৈছে । 

 সন্ত্ৰাসবাদীয়ে যুৱতীগৰাকীৰ এজন বন্ধুকো হত্যা কৰাৰ উদ্দেশ্য লৈ যোৱা দেখা গৈছে। প্ৰেমিক আভি নাথনে যুৱতীগৰাকীক মটৰ চাইকেলত উঠাই লৈ যোৱাৰ দৃশ্য  অসহায়ভাৱে মাথো চাই ৰৈছে...




এই ঘটনাৰ পিছতে নাথনৰ ভাতৃয়ে কৈছে "মই ফোনত কাকো বিচাৰি পোৱা নাই। আমি এতিয়া বহুত চিন্তিত। ''
কেৱল নোহ বা নাথনেই  নহয়, ইজৰাইলে অভিযোগ কৰিছে যে হামাছে  শ শ ইজৰাইলী নাগৰিকক অপহৰণ কৰিছে। তেওঁলোকক অকথ্যভাৱে নিৰ্যাতন চলোৱা  হৈছে। ছ'চিয়েল মিডিয়াত আন এটা ভিডিঅ' ভাইৰেল হৈছে,  য'ত হামাছৰ অত্যাচাৰৰ আন এখন ছবি বন্দী হৈছে। ভিডিঅ'টোত এটা ইজৰাইলী পৰিয়ালক হামাছৰ জিম্মাত থকা দেখুওৱা হৈছে। দেউতাক, মাতৃ আৰু তিনিটা সন্তান। ভিডিঅ'টোত, উগ্ৰপন্থীসকলক সকলোৰে চকুৰ সন্মুখত দুগৰাকী ছোৱালীৰ এগৰাকীক গুলীয়াই হত্যা কৰা দেখা গৈছে। কনিষ্ঠ কন্যাগৰাকীয়ে কান্দি কান্দি দেউতাকক সুধিছে, "দেউতা, আপোনাৰ হাতত তেজ কিয় লাগিছে?" ।






হৃদয়বিদাৰক ভিডিঅ'টো ইজৰাইলৰ সাংবাদিক ইণ্ডিয়া নাফটালিয়ে এক্স-হেণ্ডেলত পোষ্ট কৰিছে। সাংবাদিকগৰাকীয়ে লিখিছে "ইজৰাইলী পৰিয়ালটোক হামাছ উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল আৰু কেমেৰাৰ আগলৈ লৈ আহিছিল। পৰিয়ালটোৰ এজন সন্তানক সকলোৰে চকুৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাটোৱে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে। পৃথিৱীৰ সকলোৱে জানিব লাগে যে ইয়াত কি হৈ আছে। পৃথিৱীৰ সকলোৱে এই নিষ্ঠুৰতা বন্ধ কৰিবলৈ আগবাঢ়ি আহক। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন