--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাস্থ্যৰ বাবে মদ অত্যন্ত ক্ষতিকাৰক। সুৰাপানৰ ফলত সমগ্ৰ শৰীৰক প্ৰভাৱিত হয়। অত্যধিক মদ্যপান কৰিলে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা বাঢ়ি যায়। সুৰাৰ এই সকলো সমস্যাবোৰৰ বিষয়ে জানিও ইয়াৰ আসক্তি ত্যাগ কৰাটো সম্ভৱ নহয়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে মদ্যপানৰ আসক্তি ত্যাগ কৰাত যথেষ্ট সহায় কৰিব পাৰে। সুৰাৰ পৰা হ’ব পৰা সমস্যা আৰু সুৰাৰ আসক্তিৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি জানো আহক।

 ১. সুৰাৰ পাৰ্শ্বক্ৰিয়া-

* মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে

* মদ্যপানে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়

* সুৰাপান কৰিলে যকৃতৰ ক্ষতি হয়

* সুৰাপান কৰিলে ডিহাইড্ৰেচন আৰু পেটৰ ৰোগ হয়

* অত্যধিক মদ্যপান কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়

* মদ্যপানৰ আসক্তিয়েও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে

* মদ্যপান কৰিলে লিভাৰ চিৰ’ছিছ হ’ব পাৰে

 ২. মদৰ আসক্তিৰ পৰা কেনেকৈ মুক্তি পাব পাৰি?

* কিচমিচঃ-কিচমিচ ব্যৱহাৰ কৰি সুৰাৰ আসক্তিৰ পৰা মুক্তি পাব পাৰে। যদি মদ খাবলৈ মন যায়, তেন্তে সেই সময়ত কিচমিচ খাব লাগে। ৪-৫টা কিচমিচ খালে সুৰাপান কৰাৰ ইচ্ছা কমি যাব আৰু আপুনিও নিচাৰ পৰা মুক্তি পাব পাৰে।

* খেজুৰঃ-খেজুৰ ব্যৱহাৰ কৰি সুৰাপানৰ আসক্তিৰ পৰা মুক্তি পাব পাৰে। মদৰ আসক্তি ত্যাগ কৰিবলৈ খেজুৰৰ পানী খোৱাটো বাঞ্ছনীয়। ইয়াৰ বাবে খেজুৰবোৰ কুটি পানীত তিয়াই থৈ দিব লাগে। এই পানী দিনে ২-৩বাৰ খালেও আপুনি সুৰা সেৱনৰ পৰা নিজকে মুক্ত কৰিব পাৰে।

* বিলাহীৰ ৰসঃ-মদ ত্যাগ কৰিবলৈ বিলাহীৰ ৰস খোৱা উচিত। ই সুৰাৰ আসক্তি ত্যাগ কৰাত সহায় কৰে। আপেলৰ ৰসো খাব পাৰে। দিনে ২-৩বাৰ আপেলৰ ৰস খালে সুৰাৰ আসক্তি ত্যাগ কৰাত সহায়ক হয়।

* তুলসী পাতঃ- তুলসী হৈছে আয়ুৰ্বেদিক ঔষধ। সুৰাৰ আসক্তি ত্যাগ কৰিবলৈ তুলসী পাত ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত সুৰাপানৰ প্ৰবল ইচ্ছা কমি যায়। তুলসীত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট উপাদান পোৱা যায়। যাৰ ফলত শৰীৰৰ ডিটক্সো হয়।

* অশ্বগন্ধাঃ-মদৰ আসক্তিৰ পৰা মুক্তি পাবলৈও অশ্বগন্ধা ব্যৱহাৰ কৰিলে খুব সোনকালে লাভৱান হ’ব। দৈনিক এচামুচ অশ্বগন্ধা গুড়ি গাখীৰত সেৱন কৰি সুৰাপান কৰাৰ অভ্যাস দূৰ কৰিব পাৰি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ