--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাস্থ্যৰ বাবে মদ অত্যন্ত ক্ষতিকাৰক। সুৰাপানৰ ফলত সমগ্ৰ শৰীৰক প্ৰভাৱিত হয়। অত্যধিক মদ্যপান কৰিলে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা বাঢ়ি যায়। সুৰাৰ এই সকলো সমস্যাবোৰৰ বিষয়ে জানিও ইয়াৰ আসক্তি ত্যাগ কৰাটো সম্ভৱ নহয়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে মদ্যপানৰ আসক্তি ত্যাগ কৰাত যথেষ্ট সহায় কৰিব পাৰে। সুৰাৰ পৰা হ’ব পৰা সমস্যা আৰু সুৰাৰ আসক্তিৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি জানো আহক।

 ১. সুৰাৰ পাৰ্শ্বক্ৰিয়া-

* মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে

* মদ্যপানে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়

* সুৰাপান কৰিলে যকৃতৰ ক্ষতি হয়

* সুৰাপান কৰিলে ডিহাইড্ৰেচন আৰু পেটৰ ৰোগ হয়

* অত্যধিক মদ্যপান কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়

* মদ্যপানৰ আসক্তিয়েও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে

* মদ্যপান কৰিলে লিভাৰ চিৰ’ছিছ হ’ব পাৰে

 ২. মদৰ আসক্তিৰ পৰা কেনেকৈ মুক্তি পাব পাৰি?

* কিচমিচঃ-কিচমিচ ব্যৱহাৰ কৰি সুৰাৰ আসক্তিৰ পৰা মুক্তি পাব পাৰে। যদি মদ খাবলৈ মন যায়, তেন্তে সেই সময়ত কিচমিচ খাব লাগে। ৪-৫টা কিচমিচ খালে সুৰাপান কৰাৰ ইচ্ছা কমি যাব আৰু আপুনিও নিচাৰ পৰা মুক্তি পাব পাৰে।

* খেজুৰঃ-খেজুৰ ব্যৱহাৰ কৰি সুৰাপানৰ আসক্তিৰ পৰা মুক্তি পাব পাৰে। মদৰ আসক্তি ত্যাগ কৰিবলৈ খেজুৰৰ পানী খোৱাটো বাঞ্ছনীয়। ইয়াৰ বাবে খেজুৰবোৰ কুটি পানীত তিয়াই থৈ দিব লাগে। এই পানী দিনে ২-৩বাৰ খালেও আপুনি সুৰা সেৱনৰ পৰা নিজকে মুক্ত কৰিব পাৰে।

* বিলাহীৰ ৰসঃ-মদ ত্যাগ কৰিবলৈ বিলাহীৰ ৰস খোৱা উচিত। ই সুৰাৰ আসক্তি ত্যাগ কৰাত সহায় কৰে। আপেলৰ ৰসো খাব পাৰে। দিনে ২-৩বাৰ আপেলৰ ৰস খালে সুৰাৰ আসক্তি ত্যাগ কৰাত সহায়ক হয়।

* তুলসী পাতঃ- তুলসী হৈছে আয়ুৰ্বেদিক ঔষধ। সুৰাৰ আসক্তি ত্যাগ কৰিবলৈ তুলসী পাত ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত সুৰাপানৰ প্ৰবল ইচ্ছা কমি যায়। তুলসীত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট উপাদান পোৱা যায়। যাৰ ফলত শৰীৰৰ ডিটক্সো হয়।

* অশ্বগন্ধাঃ-মদৰ আসক্তিৰ পৰা মুক্তি পাবলৈও অশ্বগন্ধা ব্যৱহাৰ কৰিলে খুব সোনকালে লাভৱান হ’ব। দৈনিক এচামুচ অশ্বগন্ধা গুড়ি গাখীৰত সেৱন কৰি সুৰাপান কৰাৰ অভ্যাস দূৰ কৰিব পাৰি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু