--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটোৰ অৱশাদগ্ৰস্ততা দূৰ কৰিবলৈ দুজন যুৱক সন্ধিয়া লগ হৈছিল লগত এটা সুৰা বটল লৈ। যুৱক দুজন এজন পেছাত  অ’টো চালক, আনজন নিবনুৱা। সুৰাপান কৰাৰ পাছত তেওঁলোকে ইজনে সিজনক বিবাহৰ প্ৰস্তাৱ দিছিল। অকণো সময় পলম নকৰি যুৱক দুজনে পোনে-পোনে  মন্দিৰলৈ গৈ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু পাছদিনাই যুৱক দুজনৰ মোহভংগ হৈছিল।  নিবনুৱা যুৱকজনে অ’টো চালকজনৰপৰা বিবাহপাশৰ পৰা মুক্তিৰ দাবীত আৰক্ষীৰ কাষ চাপিছিল। উল্লেখ্য যে, ঘটনাটো তেলেংগানাৰ মেদক জিলাৰ চাণ্ডুৰত সংঘটিত হৈছিল।

সূত্ৰ অনুসৰি, চালকজনৰ বয়স ২২ বছৰ। আনজন যুৱকৰ বয়স ২১ বছৰ। ১ এপ্ৰিলত, তেওঁলোকে নিচাগ্ৰস্ত অৱস্থাত মন্দিৰত উপস্থিত হৈছিল। বিয়া হোৱাৰ পাছত অৱশ্যে তেওঁ নিজৰ ঘৰলৈ যায়। কেইদিনমানৰ পাছত, যোগীপেটৰ বাসিন্দা যুৱকজনে অটো চালকৰ ঘৰলৈ গৈ মাক-দেউতাকক তেওঁলোকৰ বিবাহৰ বিষয়ে কৈছিল। যুৱকজনৰ পৰিয়ালৰ লোকে অ’টো চালকজনক বিচাৰিছিল যদিও তেওঁৰ পৰিয়ালৰ লোকে তেওঁক ঘৰৰ বাহিৰলৈ উলিয়াই দিবলৈ অস্বীকাৰ কৰে।

ঘটনাটোত ক্ষুব্ধ হৈ যুৱকজন আৰক্ষী থানালৈ যায়। সকলো কথা আৰক্ষীৰ ওচৰত প্ৰকাশ কৰাৰ পাছত, তেওঁ অ’টো চালকজনৰ পৰা ১ লাখ টকা দাবী কৰিছিল। আৰক্ষীৰ আহ্বানত যুৱক দুজনৰ পৰিয়ালৰ লোকো আৰক্ষী থানালৈ আহিছিল। আলোচনাৰ পাছত, কোনেও অৱশেষত গোচৰ ৰুজু নকৰাৰ সিদ্ধান্ত ল’লে। অৱশ্যে, এক লাখ টকা নহ’লেও, অ’টো চালকজনে  নিবনুৱা যুৱকজনক ১০ হাজাৰ টকা দিব লাগিব। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ক্ষেত্ৰত যুৱক দুজনৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ