--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটোৰ অৱশাদগ্ৰস্ততা দূৰ কৰিবলৈ দুজন যুৱক সন্ধিয়া লগ হৈছিল লগত এটা সুৰা বটল লৈ। যুৱক দুজন এজন পেছাত  অ’টো চালক, আনজন নিবনুৱা। সুৰাপান কৰাৰ পাছত তেওঁলোকে ইজনে সিজনক বিবাহৰ প্ৰস্তাৱ দিছিল। অকণো সময় পলম নকৰি যুৱক দুজনে পোনে-পোনে  মন্দিৰলৈ গৈ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু পাছদিনাই যুৱক দুজনৰ মোহভংগ হৈছিল।  নিবনুৱা যুৱকজনে অ’টো চালকজনৰপৰা বিবাহপাশৰ পৰা মুক্তিৰ দাবীত আৰক্ষীৰ কাষ চাপিছিল। উল্লেখ্য যে, ঘটনাটো তেলেংগানাৰ মেদক জিলাৰ চাণ্ডুৰত সংঘটিত হৈছিল।

সূত্ৰ অনুসৰি, চালকজনৰ বয়স ২২ বছৰ। আনজন যুৱকৰ বয়স ২১ বছৰ। ১ এপ্ৰিলত, তেওঁলোকে নিচাগ্ৰস্ত অৱস্থাত মন্দিৰত উপস্থিত হৈছিল। বিয়া হোৱাৰ পাছত অৱশ্যে তেওঁ নিজৰ ঘৰলৈ যায়। কেইদিনমানৰ পাছত, যোগীপেটৰ বাসিন্দা যুৱকজনে অটো চালকৰ ঘৰলৈ গৈ মাক-দেউতাকক তেওঁলোকৰ বিবাহৰ বিষয়ে কৈছিল। যুৱকজনৰ পৰিয়ালৰ লোকে অ’টো চালকজনক বিচাৰিছিল যদিও তেওঁৰ পৰিয়ালৰ লোকে তেওঁক ঘৰৰ বাহিৰলৈ উলিয়াই দিবলৈ অস্বীকাৰ কৰে।

ঘটনাটোত ক্ষুব্ধ হৈ যুৱকজন আৰক্ষী থানালৈ যায়। সকলো কথা আৰক্ষীৰ ওচৰত প্ৰকাশ কৰাৰ পাছত, তেওঁ অ’টো চালকজনৰ পৰা ১ লাখ টকা দাবী কৰিছিল। আৰক্ষীৰ আহ্বানত যুৱক দুজনৰ পৰিয়ালৰ লোকো আৰক্ষী থানালৈ আহিছিল। আলোচনাৰ পাছত, কোনেও অৱশেষত গোচৰ ৰুজু নকৰাৰ সিদ্ধান্ত ল’লে। অৱশ্যে, এক লাখ টকা নহ’লেও, অ’টো চালকজনে  নিবনুৱা যুৱকজনক ১০ হাজাৰ টকা দিব লাগিব। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ক্ষেত্ৰত যুৱক দুজনৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ