--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাৰ ৰাগীত মাতাল হৈ মানুহে কি কি যে নকৰে। মাতাল মানুহে কেতিয়াবা এনে কিছুমান কাম কৰে যি আলোচনাৰ বিষয় হৈ পৰে। সকলো সীমা পাৰ কৰি মদৰ নিচাত বিয়াকে পাতি পেলালে দুজন পুৰুষে। তেলেংগানাত ঘটিছে এই ঘটনা। 

দুই সুৰাসক্ত পুৰুষৰ এজনৰ বয়স ২১ বছৰ আৰু আনজনৰ বয়স ২২ বছৰ। দুমাপালাপেট গাঁৱৰ এখন দোকানত দুয়োজন চিনাকি হৈ হৈছিল আৰু বন্ধু হৈ পৰিছিল। তাৰপাছত তেওঁলোকে প্ৰায়ে মদ খাবলৈ লগ হৈছিল। এদিন দুয়ো মদ খাই ইমানেই মাতাল হল যে নিজে কব নোৱাৰাকৈয়ে এটা মন্দিৰত উপস্থিত হৈ দুয়ো বিবাহপাশত আৱদ্ধ হয়। 

মন্দিৰত সেই সময়ত পূজাৰী বা কোনো ভক্ত উপস্থিত নাছিল। কিছুদিনৰ পাছত ২১ বছৰীয়া যুৱকজন ২২ বছৰীয়া যুৱকজনৰ ঘৰলৈ যায় আৰু তেওঁৰ পিতৃ-মাতৃক কয় যে ''আপোনাৰ ল'ৰাটোৰ লগত মোক থাকিবলৈ দিয়ক। মোৰ থকাৰ কোনো ঠাই নাই। মই এইটো ঘৰতে থাকিম।'' 

হাজাৰবাৰ অনুৰোধ কৰা স্বত্বেও যুৱকজনৰ পিতৃ-মাতৃয়ে ইজন যুৱকক ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। বহু তৰ্ক-বিতৰ্কও হ'ল। এবাৰ যুৱকজনে ক'লে যে ''আমি বিয়া পাতিছো আমাক একেলগে থাকিবলৈ দিয়ক।'' কোনো কাৰণতে ঘৰত এক খোজো প্ৰৱেশ কৰিবলৈ নিদিলে ২২ বছৰীয়া যুৱকজনৰ পিতৃ-মাতৃয়ে। অৱশেষত ২১ বছৰীয়া যুৱকজন আৰক্ষী চকীলৈ যায়। 

তেওঁ আৰক্ষীক অভিযোগ কৰি কয় যে যদি তেওঁ আঁতৰি যাব লাগে তেন্তে ল'ৰাজনৰ পিতৃ-মাতয়ে তেওঁক ১ লাখ টকা দিব লাগিব। আৰক্ষীয়ে বিষয়টো বিবেচনা কৰাৰ পাছত ২২ বছৰীয়া যুৱকজনৰ পৰিয়ালৰ পৰা ১০,০০০ টকাৰ এককালীন নিষ্পত্তিৰ বাবে সন্মত হয় ২১ বছৰীয়া যুৱকজন। ১০,০০০ টকা লোৱাৰ পাছত দুয়োপক্ষৰ সন্মতিত দুই যুৱক পৃথক হয়। এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আমোদৰো সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ