--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাৰ ৰাগীত মাতাল হৈ মানুহে কি কি যে নকৰে। মাতাল মানুহে কেতিয়াবা এনে কিছুমান কাম কৰে যি আলোচনাৰ বিষয় হৈ পৰে। সকলো সীমা পাৰ কৰি মদৰ নিচাত বিয়াকে পাতি পেলালে দুজন পুৰুষে। তেলেংগানাত ঘটিছে এই ঘটনা। 

দুই সুৰাসক্ত পুৰুষৰ এজনৰ বয়স ২১ বছৰ আৰু আনজনৰ বয়স ২২ বছৰ। দুমাপালাপেট গাঁৱৰ এখন দোকানত দুয়োজন চিনাকি হৈ হৈছিল আৰু বন্ধু হৈ পৰিছিল। তাৰপাছত তেওঁলোকে প্ৰায়ে মদ খাবলৈ লগ হৈছিল। এদিন দুয়ো মদ খাই ইমানেই মাতাল হল যে নিজে কব নোৱাৰাকৈয়ে এটা মন্দিৰত উপস্থিত হৈ দুয়ো বিবাহপাশত আৱদ্ধ হয়। 

মন্দিৰত সেই সময়ত পূজাৰী বা কোনো ভক্ত উপস্থিত নাছিল। কিছুদিনৰ পাছত ২১ বছৰীয়া যুৱকজন ২২ বছৰীয়া যুৱকজনৰ ঘৰলৈ যায় আৰু তেওঁৰ পিতৃ-মাতৃক কয় যে ''আপোনাৰ ল'ৰাটোৰ লগত মোক থাকিবলৈ দিয়ক। মোৰ থকাৰ কোনো ঠাই নাই। মই এইটো ঘৰতে থাকিম।'' 

হাজাৰবাৰ অনুৰোধ কৰা স্বত্বেও যুৱকজনৰ পিতৃ-মাতৃয়ে ইজন যুৱকক ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। বহু তৰ্ক-বিতৰ্কও হ'ল। এবাৰ যুৱকজনে ক'লে যে ''আমি বিয়া পাতিছো আমাক একেলগে থাকিবলৈ দিয়ক।'' কোনো কাৰণতে ঘৰত এক খোজো প্ৰৱেশ কৰিবলৈ নিদিলে ২২ বছৰীয়া যুৱকজনৰ পিতৃ-মাতৃয়ে। অৱশেষত ২১ বছৰীয়া যুৱকজন আৰক্ষী চকীলৈ যায়। 

তেওঁ আৰক্ষীক অভিযোগ কৰি কয় যে যদি তেওঁ আঁতৰি যাব লাগে তেন্তে ল'ৰাজনৰ পিতৃ-মাতয়ে তেওঁক ১ লাখ টকা দিব লাগিব। আৰক্ষীয়ে বিষয়টো বিবেচনা কৰাৰ পাছত ২২ বছৰীয়া যুৱকজনৰ পৰিয়ালৰ পৰা ১০,০০০ টকাৰ এককালীন নিষ্পত্তিৰ বাবে সন্মত হয় ২১ বছৰীয়া যুৱকজন। ১০,০০০ টকা লোৱাৰ পাছত দুয়োপক্ষৰ সন্মতিত দুই যুৱক পৃথক হয়। এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আমোদৰো সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল