--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত নগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী গোট NSCN(IM)৷নগালেণ্ডৰ নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল(IM)এ শনিবাৰে (৯ ছেপ্টেম্বৰ) জাৰি কৰা এক বিবৃতিত সাত দশক পুৰণি নগা ৰাজনৈতিক সংঘাতৰ সমাধান ভাৰতীয় সংবিধানৰ অধীনত সম্ভৱ নহয় বুলি উল্লেখ কৰি সুকীয়া পতাকাৰ দাবী জনায় আৰু সংবিধানৰ কথা উল্লেখ কৰে।

কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী সংগঠনটোৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ কিছুদিন পাছতে এই বিবৃতি প্ৰকাশ কৰিছে।যোৱা ৮ ছেপ্টেম্বৰত সেনাপতি জিলাৰ (মণিপুৰত) মায়ংখাঙত অনুষ্ঠিত হোৱা পৰামৰ্শমূলক বৈঠকৰ শেষত এন এছ চি এন-আই এমৰ উদ্দেশ্য পোহৰলৈ আহে। ডেক্কান হেৰাল্ডৰ মতে, চলি থকা নগাসকলৰ ৰাজনৈতিক বিষয়টোৰ উন্নয়নৰ বিষয়ে নেতা আৰু ‘কাৰ্যবাহী পৰিচালনা সমিতি’ক অৱগত কৰিবলৈ এই বৈঠক আয়োজন কৰা হৈছিল।প্ৰতিবেদনত কোৱা হৈছে যে ২০১৫ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট’ৰ মূল বিষয়সমূহত আবদ্ধ হৈ থকাৰ প্ৰস্তাৱৰ আলোচনাৰ জৰিয়তে এই বৈঠকৰ সামৰণি পৰে।

উল্লেখ্য যে যোৱা ২৫ আগষ্টত দিল্লীত কেন্দ্ৰীয় চৰকাৰে সংগঠনটোৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ পাছত এন এছ চি এন-আই এমৰ এইটোৱেই আছিল প্ৰথমটো বক্তব্য। সভাত সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগালেং মুইবাই অংশগ্ৰহণ কৰে।মণিপুৰৰ পাহাৰত থকা সম্প্ৰদায়টোৰ চুবুৰীয়া কুকি জনগোষ্ঠীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ‘বিচ্ছিন্ন প্ৰশাসন’ৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে পুনৰ আৰম্ভ কৰিছে নগাসকলৰ লগত আলোচনা।স্মৰ্তব্য যে এন এছ চি এন-আই এমকে ধৰি নগা গোটসমূহে দাবী কৰে যে নগাসকল কেতিয়াও ভাৰতৰ অংগ নাছিল আৰু ১৯৪৭ চনৰ ১৪ আগষ্টত ‘স্বাধীনতা’ ঘোষণা কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা