--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ  টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি‌ এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি লাভ কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা  ভিলেজ ৰকষ্টাৰ চিনেমাখন ছিকুৱেল  ভিলেজ ৰকষ্টাৰ-২ চিনেমাখন ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত কিম জিচেক বঁটা(The Kim Jiseok Award)ৰ বাবে মনোনীত হৈছে।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল 'ভিলেইজ ৰকষ্টাৰ্ছ ২' সমাগত ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত 'ৱৰ্ল্ড প্ৰিমিয়াৰ'ৰ বাবে সাজু হৈছে। Jiseok Competition শাখাত আঠখন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা এইখন হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
 
Jiseok এছিয়াৰ চলচিত্ৰ নিৰ্মাতাৰ তিনি বা ততোধিক চিনেমাৰ প্ৰতিযোগিতা শাখা। দুখন শ্ৰেষ্ঠ চিনেমাক Kim Jiseok বঁটা প্ৰদান কৰা হয়। এছিয়াৰ চিনেমাৰ উৎকৰ্ষ আৰু সমৰ্থনৰ বাবে জীৱন উচৰ্গা কৰা প্ৰগ্ৰাম ডাইৰেক্টৰ প্ৰয়াত Kim Jiseok ৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল।

উল্লেখ্য যে, ২০১৭ৰ টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা Village Rockstars য়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ২০১৮ চনত শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনত আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।

Village Rockstars 2 ৰ এই বাছনিত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, " ভিলেইজ ৰকষ্টাৰ্ছ -এ মোৰ অন্তৰত সদায় এক বিশেষ ঠাই অধিকাৰ কৰি আহিছে আৰু ই লাভ কৰা স্বীকৃতি আৰু মৰম মোৰ বাবে প্ৰেৰণাদায়ক। বুছানত Village Rockstars 2 ৰ প্ৰিমিয়াৰ হ'বলৈ যোৱাটোৱে মোক শিহৰিত কৰিছে। ই এখন ছিকুৱেল যদিও এই চিনেমাখন নিজস্বতা আছে, ধুনুৰ সম্পৰ্ক তেওঁৰ মাতৃ, প্ৰকৃতি মাতৃ আছে সংগীতৰ সৈতে ইয়াত অন্বেষণ কৰা হৈছে। মই এই চিনেমাখন সেই সকল সপোন দেখা যুৱ প্ৰতিভাৰ হাতত অৰ্পণ কৰিছোঁ, যিসকলে সীমিত সম্পদৰ মাজতো তাক আহৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভিলেইজ ৰকষ্টাৰ্ছক আদৰি লোৱাৰ দৰে এই চিনেমাখনো দৰ্শকে আদৰি ল'ব বুলি মই আশাবাদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু