--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ  টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি‌ এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি লাভ কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা  ভিলেজ ৰকষ্টাৰ চিনেমাখন ছিকুৱেল  ভিলেজ ৰকষ্টাৰ-২ চিনেমাখন ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত কিম জিচেক বঁটা(The Kim Jiseok Award)ৰ বাবে মনোনীত হৈছে।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল 'ভিলেইজ ৰকষ্টাৰ্ছ ২' সমাগত ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত 'ৱৰ্ল্ড প্ৰিমিয়াৰ'ৰ বাবে সাজু হৈছে। Jiseok Competition শাখাত আঠখন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা এইখন হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
 
Jiseok এছিয়াৰ চলচিত্ৰ নিৰ্মাতাৰ তিনি বা ততোধিক চিনেমাৰ প্ৰতিযোগিতা শাখা। দুখন শ্ৰেষ্ঠ চিনেমাক Kim Jiseok বঁটা প্ৰদান কৰা হয়। এছিয়াৰ চিনেমাৰ উৎকৰ্ষ আৰু সমৰ্থনৰ বাবে জীৱন উচৰ্গা কৰা প্ৰগ্ৰাম ডাইৰেক্টৰ প্ৰয়াত Kim Jiseok ৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল।

উল্লেখ্য যে, ২০১৭ৰ টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা Village Rockstars য়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ২০১৮ চনত শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনত আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।

Village Rockstars 2 ৰ এই বাছনিত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, " ভিলেইজ ৰকষ্টাৰ্ছ -এ মোৰ অন্তৰত সদায় এক বিশেষ ঠাই অধিকাৰ কৰি আহিছে আৰু ই লাভ কৰা স্বীকৃতি আৰু মৰম মোৰ বাবে প্ৰেৰণাদায়ক। বুছানত Village Rockstars 2 ৰ প্ৰিমিয়াৰ হ'বলৈ যোৱাটোৱে মোক শিহৰিত কৰিছে। ই এখন ছিকুৱেল যদিও এই চিনেমাখন নিজস্বতা আছে, ধুনুৰ সম্পৰ্ক তেওঁৰ মাতৃ, প্ৰকৃতি মাতৃ আছে সংগীতৰ সৈতে ইয়াত অন্বেষণ কৰা হৈছে। মই এই চিনেমাখন সেই সকল সপোন দেখা যুৱ প্ৰতিভাৰ হাতত অৰ্পণ কৰিছোঁ, যিসকলে সীমিত সম্পদৰ মাজতো তাক আহৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভিলেইজ ৰকষ্টাৰ্ছক আদৰি লোৱাৰ দৰে এই চিনেমাখনো দৰ্শকে আদৰি ল'ব বুলি মই আশাবাদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ