--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগনা ৰানাৱটৰ সমস্যাৰ অন্ত পৰা নাই। কংগনা ৰানাৱটৰ আগন্তুক ৰাজনৈতিক ছবি ‘ইমাৰ্জেন্সি’ৰ সন্দৰ্ভত এক জাননী জাৰি কৰা হৈছে। শিৰোমণি গুৰদ্বাৰা পৰিচালনা সমিতিয়ে ছবিখনৰ প্ৰযোজকলৈ আইনী জাননী প্ৰেৰণ কৰিছে। ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ আঁতৰাবলৈ দাবী জনাইছে এছজিপিচিয়ে। যোৱা ১৪ আগষ্টত মুক্তি পাইছিল ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰটো।


এছজিপিচিৰ সম্পাদক প্ৰতাপ সিঙে ছবিখনক লৈ আপত্তি প্ৰকাশ কৰে ৷প্ৰতাপ সিঙে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ লগতে চেঞ্চৰ ব’ৰ্ডলৈও কেইবাখনো অভিযোগ পত্ৰ প্ৰেৰণ কৰি ছবিখন নিষিদ্ধ কৰিছে। কংগনা ৰানাৱটে শিখসকলৰ আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে সম্পাদকগৰাকীয়ে। তেওঁ দাবী কৰিছে যে ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰত শিখ বিৰোধী দৃশ্যৰে ভৰি আছে, যিয়ে তেওঁৰ ছবিখন কলংকিত কৰিছে।

যোৱা সপ্তাহত চিডিপিচি আৰু অকল তাখ্টে ইমাৰ্জেন্সি ছবিখন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছিল। শিখসকলক হত্যাকাৰী হিচাপে দেখুওৱা ট্ৰেইলাৰত চিডিপিচি আৰু অকল তাখ্টেও আপত্তি প্ৰকাশ কৰে। এছজিপিচিৰ সভাপতি হৰজিন্দৰ সিং ধামীয়ে সংবাদমেল অনুষ্ঠিত কৰি কংগনা ৰানাৱটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

আনহাতে, অকাল তখ্তৰ সভাপতি জ্ঞানী ৰঘবীৰ সিঙে দাবী কৰে যে ‘ইমাৰ্জেন্সি ছবিখনত শিখ সম্প্ৰদায়ক ইচ্ছাকৃতভাৱে ভুলকৈ উপস্থাপন কৰা হৈছে, যিটো ষড়যন্ত্ৰ যেন লাগে, ছবিখনে সমগ্ৰ সম্প্ৰদায়ক অসন্মান কৰিছে, কংগনাই ইচ্ছাকৃতভাৱে এই সকলোবোৰ কৰি আছে।

উল্লেখ্য যে, ২০২১ চনত কংগনা ৰানাৱটে ইমাৰ্জেন্সি ছবিখনৰ বিষয়ে ঘোষণা কৰিছিল।কংগনা ৰানাৱটে জৰুৰীকালীন অৱস্থাত দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। কংগনা ৰানাৱটৰ উপৰিও জয়প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অনুপ খেৰ, অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত শ্ৰেয়াছ তালপাড়ে, আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামৰ চৰিত্ৰত প্ৰয়াত অভিনেতা সতীশ কৌশিকক দেখা যাব। অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলৈ গৈ আছে ইমাৰ্জেন্সি ছবিখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু