--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ ভাৰতত প্ৰতিবছৰে এক লক্ষাধিক লোকে কৰে আত্মহত্যা৷ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ পৱন ৰাঠীয়ে ক্ৰিয়েট ষ্ট’ৰীজ নামৰ এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা আয়োজিত ‘বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস’ শীৰ্ষক এখন আলোচনাচক্ৰত ভাষণ প্ৰদান কৰি এই তথ্য সদৰী কৰে৷ 

শুকুৰবাৰে এক যোগ কেন্দ্ৰত যুৱক-যুৱতী আৰু অভিভাৱকৰ সমাৱেশক সম্বোধন কৰি ডাঃ ৰাঠীয়ে কয়, বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ১০ ছেপ্টেম্বৰত পালন কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত প্ৰতি বছৰে প্ৰায় ১ লাখ লোকে আত্মহত্যা কৰে।

তেওঁ লগতে কয় যে প্ৰতিটো ছেকেণ্ডত পৃথিৱীত কোনোবাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। ‘এনে কিয় হয়, যেতিয়া মানুহে এই মানসিক অৱস্থাত উপনীত হয় আৰু ভাবে যে এতিয়া জীৱনত একো বাকী নাই তেতিয়াই আত্মহত্যাৰ চিন্তা উদ্ভৱ হয়’- এই ব্যাখ্যা ডাঃ ৰাঠীৰ৷

তেওঁ লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আত্মহত্যা কৰা লোকসকলৰ বেছিভাগেই ১৫-২৯ বছৰ বয়সৰ লোক৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আত্মহত্যা কৰা সকলৰ বেছিভাগেই কিশোৰ আৰু যুৱক-যুৱতী৷

লগতে এইটো লক্ষ্য কৰা হৈছে যে এই বয়সত অধ্যয়নৰ চাপ আৰু নিবনুৱা সমস্যা হৈছে আত্মহত্যাৰ মুখ্য কাৰণ। অৱশ্যে ৮০ শতাংশ ক্ষেত্ৰত সহায়ৰ দ্বাৰা আত্মহত্যা প্ৰতিৰোধ কৰিব পাৰি বুলিও ডাঃ ৰাঠীয়ে উল্লেখ কৰে৷

তেওঁ লগতে কয় যে গৱেষণাই দেখুৱাইছে যে আত্মহত্যা প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ইয়াৰ লক্ষণ, হতাশা আৰু বিকাৰৰ লক্ষণবোৰ চিনাক্ত কৰা, যাতে ব্যক্তিজনক সময়মতে চিকিৎসা কৰিব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা