--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশী-নব্বৈৰ দশকত যেতিয়া তাই পৰ্দাত দেখা দিছিল, তেতিয়া পুৰুষৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছিল। তেওঁ মাধুৰী দীক্ষিত। তেওঁৰ নামটো বলীউডৰ কেইবাজনো শীৰ্ষ অভিনেতাৰ সৈতে জড়িত আছিল। কিন্তু ১৯৯৯ চনত অভিনেত্ৰীগৰাকীয়ে মনোৰঞ্জন জগত এৰি চিকিৎসক শ্ৰীৰাম নেনেৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আমেৰিকালৈ গুচি যায়। অৱশ্যে ইয়াৰ পূৰ্বে মাধুৰীৰ মনৰ গোপন স্থান দখল কৰিছিল এগৰাকী ক্ৰিকেট তাৰকাই।

মাধুৰীৰ প্ৰিয় মানুহজন আন কোনো নহয়, সুনীল গাওস্কাৰ! ১৯৯২ চনত এক সাক্ষাৎকাৰত মাধুৰীয়ে নিজেই এই কথা কৈছিল। নিজতকৈ আঠাইশ বছৰ ডাঙৰ এই ক্ৰিকেটাৰজনক খেলপথাৰত প্ৰৱেশ কৰিলে তেওঁ মুগ্ধ চকুৰে চাই থাকে। কেৱল সেয়াই নহয়, অভিনেত্ৰীগৰাকীয়ে নিজেই স্বীকাৰ কৰিছিল যে তেওঁ সুনীলক লৈ পাগল হৈ পৰিছিল। "মই তেওঁক লৈ পাগল হৈ পৰিছিলো" তাই কয়।

সেই সাক্ষাৎকাৰত মাধুৰীয়ে কৈছিল যে তেওঁ সুনীলক লৈ ইমানেই পাগল হৈ পৰিছিল যে এইগৰাকী বিশ্ববিখ্যাত বেটছমেন তেওঁৰ সপোনত প্ৰায়ে আহিছিল। কিন্তু শেষত মাধুৰীৰ বিয়া হ'ল হৃদৰোগ বিশেষজ্ঞ শ্ৰীৰাম নেনেৰ লগত। তেওঁলোকৰ বিবাহৰ প্ৰায় চৌবিশ বছৰ হ’ল। তেওঁলোকৰ দুটা সন্তান আছে এৰিয়ান আৰু ৰিয়ান। বিয়াৰ পিছত বহুদিনৰ বিৰতিৰ পিছত পুনৰ অভিনয়লৈ ঘূৰি আহিল মাধুৰীয়ে। কেতিয়াবা আমেৰিকাত, কেতিয়াবা মুম্বাইত দুয়োখন দেশতে থাকে। মাধুৰীক স্বামী শ্ৰীৰামৰ সৈতে যিকোনো অনুষ্ঠানতে দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু