--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী এনে এজন অভিনেতা যিয়ে নিজৰ চৰিত্ৰত সম্পূৰ্ণৰূপে সোমাই পৰে। নৱাজুদ্দিনৰ এই শৈলীয়ে তেওঁৰ অনুৰাগীৰ হৃদয় চুই যায়। তেওঁ নিজৰ প্ৰতিটো চৰিত্ৰক সম্পূৰ্ণ সততাৰে অভিনয় কৰি প্ৰাণৱন্ত কৰি তোলে। নৱাজুদ্দিন ছিদ্দিকীক এতিয়া তেওঁৰ আগন্তুক ছবি 'হাড্ডী'ত  এগৰাকী মহিলাৰ অৱতাৰত দেখা যাব, নৱাজৰ মহিলা গেটআপ এতিয়া চৰ্চাত আছে।

নৱাজুদ্দিন ছিদ্দিকীৰ নাৰী ৰূপক লৈ সকলোতে পূৰ্ণগতিত চৰ্চিত হৈছে। শেহতীয়াকৈ নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ ভূমিকা সম্পৰ্কে কিছু বিশেষ কথা শ্বেয়াৰ কৰিছে। নৱাজুদ্দিনে কয় যে-''আমি 'হাড্ডী'ৰ শ্বুটিং আৰম্ভ কৰিছো। এয়া এখন প্ৰতিশোধমূলক চিনেমা। ছবিখনত মোৰ দুটা চৰিত্ৰ থাকিব।'হাড্ডী'ত মই এগৰাকী মহিলা আৰু এগৰাকী কিন্নৰ চৰিত্ৰত অভিনয় কৰিছোঁ। এইবোৰ বেলেগ বেলেগ অংশ, অৰ্থাৎ ছবিখনত মোৰ দুটা ভূমিকা আছে।''

নৱাজুদ্দিন ছিদ্দিকীয়ে লগতে কয় যে ছবিখনৰ পৰিচালক অক্ষত অজয় ​​শৰ্মাই যোৱা ৪ বছৰে এই চিনেমাখন নিৰ্মাণ কৰিব বিচাৰিছিল। মই তেওঁক বহুদিনৰ পৰা চিনি পাওঁ আৰু এতিয়া আমি ছবিখনৰ কামত ব্যস্ত আছো।''

নৱাজুদ্দিনে নিজৰ নাৰী চৰিত্ৰটোৰ গেটআপটো পাবলৈ দিনটোত প্ৰায় তিনি ঘণ্টা সময় লয়। এই বিষয়ে অভিনেতাজনে কয়-''নাৰীৰ ৰূপত মোক যেতিয়া মোৰ ছোৱালীজনীয়ে দেখিলে, তেতিয়া তাইৰ বৰ খং উঠিছিল। কিন্তু এতিয়া তাই বুজি পাইছে যে সেয়া কেৱল ভূমিকাটোৰ বাবেহে মই তেনে কৰিছো। গতিকে তাই এতিয়া সকলোখিনি বুজি পাইছে। এই অভিজ্ঞতাৰ পিছত মই নিশ্চিতভাৱে ক’ম যে প্ৰতিদিনে এই সকলোবোৰ কৰা সকলো অভিনেত্ৰীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে। মই মাত্ৰ এখন চিনেমাৰ বাবেহে এনে কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকে প্ৰতিখন চিনেমাৰ বাবে এনে কৰিব লাগে। চুলি, মেকআপ, কাপোৰ, নখলৈকে তেওঁলোকে গুৰুত্ব দিবলগীয়া হয়। এতিয়া মই উপলব্ধি কৰিছো যে এগৰাকী অভিনেত্ৰীক এগৰাকী অভিনেতাতকৈ তেওঁৰ ভেনিটি ভ্যানৰ পৰা ওলাই আহিবলৈ কিয় বেছি সময় লাগে। এইটো সম্পূৰ্ণৰূপে ন্যায্য।''

উল্লেখ্য যে 'হাড্ডী'ৰ শ্বুটিং এতিয়াও চলি আছে। অহা বছৰ ২০২৩ চনত মুক্তি পাব ছবিখনে। অক্ষত অজয় ​​শৰ্মাই পৰিচালনা কৰিছে নৱাজুদ্দিন ছিদ্দিকীৰ নৱতম ছবি 'হাড্ডী'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?