--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী এনে এজন অভিনেতা যিয়ে নিজৰ চৰিত্ৰত সম্পূৰ্ণৰূপে সোমাই পৰে। নৱাজুদ্দিনৰ এই শৈলীয়ে তেওঁৰ অনুৰাগীৰ হৃদয় চুই যায়। তেওঁ নিজৰ প্ৰতিটো চৰিত্ৰক সম্পূৰ্ণ সততাৰে অভিনয় কৰি প্ৰাণৱন্ত কৰি তোলে। নৱাজুদ্দিন ছিদ্দিকীক এতিয়া তেওঁৰ আগন্তুক ছবি 'হাড্ডী'ত  এগৰাকী মহিলাৰ অৱতাৰত দেখা যাব, নৱাজৰ মহিলা গেটআপ এতিয়া চৰ্চাত আছে।

নৱাজুদ্দিন ছিদ্দিকীৰ নাৰী ৰূপক লৈ সকলোতে পূৰ্ণগতিত চৰ্চিত হৈছে। শেহতীয়াকৈ নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ ভূমিকা সম্পৰ্কে কিছু বিশেষ কথা শ্বেয়াৰ কৰিছে। নৱাজুদ্দিনে কয় যে-''আমি 'হাড্ডী'ৰ শ্বুটিং আৰম্ভ কৰিছো। এয়া এখন প্ৰতিশোধমূলক চিনেমা। ছবিখনত মোৰ দুটা চৰিত্ৰ থাকিব।'হাড্ডী'ত মই এগৰাকী মহিলা আৰু এগৰাকী কিন্নৰ চৰিত্ৰত অভিনয় কৰিছোঁ। এইবোৰ বেলেগ বেলেগ অংশ, অৰ্থাৎ ছবিখনত মোৰ দুটা ভূমিকা আছে।''

নৱাজুদ্দিন ছিদ্দিকীয়ে লগতে কয় যে ছবিখনৰ পৰিচালক অক্ষত অজয় ​​শৰ্মাই যোৱা ৪ বছৰে এই চিনেমাখন নিৰ্মাণ কৰিব বিচাৰিছিল। মই তেওঁক বহুদিনৰ পৰা চিনি পাওঁ আৰু এতিয়া আমি ছবিখনৰ কামত ব্যস্ত আছো।''

নৱাজুদ্দিনে নিজৰ নাৰী চৰিত্ৰটোৰ গেটআপটো পাবলৈ দিনটোত প্ৰায় তিনি ঘণ্টা সময় লয়। এই বিষয়ে অভিনেতাজনে কয়-''নাৰীৰ ৰূপত মোক যেতিয়া মোৰ ছোৱালীজনীয়ে দেখিলে, তেতিয়া তাইৰ বৰ খং উঠিছিল। কিন্তু এতিয়া তাই বুজি পাইছে যে সেয়া কেৱল ভূমিকাটোৰ বাবেহে মই তেনে কৰিছো। গতিকে তাই এতিয়া সকলোখিনি বুজি পাইছে। এই অভিজ্ঞতাৰ পিছত মই নিশ্চিতভাৱে ক’ম যে প্ৰতিদিনে এই সকলোবোৰ কৰা সকলো অভিনেত্ৰীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে। মই মাত্ৰ এখন চিনেমাৰ বাবেহে এনে কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকে প্ৰতিখন চিনেমাৰ বাবে এনে কৰিব লাগে। চুলি, মেকআপ, কাপোৰ, নখলৈকে তেওঁলোকে গুৰুত্ব দিবলগীয়া হয়। এতিয়া মই উপলব্ধি কৰিছো যে এগৰাকী অভিনেত্ৰীক এগৰাকী অভিনেতাতকৈ তেওঁৰ ভেনিটি ভ্যানৰ পৰা ওলাই আহিবলৈ কিয় বেছি সময় লাগে। এইটো সম্পূৰ্ণৰূপে ন্যায্য।''

উল্লেখ্য যে 'হাড্ডী'ৰ শ্বুটিং এতিয়াও চলি আছে। অহা বছৰ ২০২৩ চনত মুক্তি পাব ছবিখনে। অক্ষত অজয় ​​শৰ্মাই পৰিচালনা কৰিছে নৱাজুদ্দিন ছিদ্দিকীৰ নৱতম ছবি 'হাড্ডী'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র