--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি শিশুৰ সু-স্বাস্থ্যৰ লগতে গৰ্ভৱতী মহিলাসকলৰ পুষ্টিহীনতা আৰু এনিমিয়া ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পোষন মাহ-২০২৪ উদযাপিত হৈ আছে৷ সেই উপলক্ষে পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যেগত, বোকাখাতৰ সাপজুৰিত সাপ্তাহিক পোষন বজাৰ কেন্দ্ৰীয়ভাৱে সোমবাৰে পালন কৰা হয়। 

সাপজুৰিৰ প্ৰেক্ষাগৃহত পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ অন্তৰ্গত অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, কৰ্মচাৰী, চুপাৰভাইজাৰ সকলৰ লগতে স্থানীয় পুৰুষ আৰু মহিলাসকল উপস্থিত থাকে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰি গৰ্ভৱতী মহিলাসকলে ল'ব লগা সাৱধানতা আৰু সন্তানৰ লালন পালনত ল'ব লগা যত্নৰ বিষয়ে অৱগত কৰে৷ বোকাখাতৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিটো অঙ্গনবাড়ী কেন্দ্ৰত পোষন মাহৰ কাৰ্যসূচী ৰূপায়ন হৈ আছে৷ অৱশ্যে সাপজুৰিৰ আশেপাশে কেইবাখনো বাগিচা আছে আৰু সোমবাৰে সাপজুৰিত বহা সাপ্তাহিক বজাৰত সমৱেত লোকসকলক লৈ কেন্দ্ৰীয়ভাৱে সাপ্তাহিক পোষন বজাৰৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ কেন্দ্ৰীয়ভাৱে এনেধৰণৰ কাৰ্যসূচী ৰাজ্যৰ আন আন ঠাইত অনুষ্ঠিত হোৱা নাই বুলি জানিবলৈ দিয়ে বিভাগীয় বিষয়াই৷সাপ্তাহিক পোষন বজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুষ্টিহীনতা আৰু এনিমিয়া ৰোগৰ ওপৰত অঙ্গনবাড়ী কৰ্মীয়ে এখন নাটকো মঞ্চস্থ কৰে৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে বোকাখাত উপ জিলাৰ সহকাৰী আয়ুক্ত অংকিতা বৰুৱা, বোকাখাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ অজিত কাকতি,অতিৰিক্ত খণ্ড উন্নয়ন বিষয়া কবিতা গগৈ, স্বাস্থ্য বিভাগৰ সমল ব্যক্তি উমেশ বৰা, সংহত শিশু উন্নয়ন বিষয়া স্মৃতিৰেখা হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ‌ বিষয়া গীতা মেদক, তথ্য আৰু জনসংযোগ বিভাগৰ সহ বিষয়া অজয় কাকতিয়েও বক্তব্য প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন