--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাৰ্ক চাৰ্কলৰ সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে। আমাৰ সমগ্ৰ মুখখনৰ সৌন্দৰ্য্য নষ্ট কৰি পেলায়। ডাৰ্ক চাৰ্কল যিকোনো মানুহৰ লগত হ’ব পাৰে। আপুনি পুৰুষ হওক বা মহিলা হওক, কৈশোৰৰ পিছত যিকোনো সময়তে যিকোনো ব্যক্তিৰ এই সমস্যা হ’ব পাৰে।

চকুৱে আমাৰ মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। কিন্তু সেই ধুনীয়া চকুকেইটাৰ তলত ক’লা বৃত্ত ওলালে কি হয়? আমাৰ সমগ্ৰ মুখখনৰ সৌন্দৰ্য্য নষ্ট কৰি পেলায়। 

ডাৰ্ক চাৰ্কলৰ কাৰণ

ডাৰ্ক চাৰ্কলৰ আৱিৰ্ভাৱৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বহু সময়ত অত্যধিক মানসিক চাপৰ বাবে চকুৰ তলত ক’লা বৃত্ত দেখা দিয়ে। ইয়াৰ বাহিৰেও কম টোপনি, ডিহাইড্ৰেচন, বয়স বৃদ্ধি ইত্যাদিৰ বাবে আমাৰ বেয়া জীৱনশৈলীৰ বাবেও চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি হয়।

এই ঘৰুৱা উপায়সমূহ গ্ৰহণ কৰিলে ডাৰ্ক চাৰ্কল আঁতৰাব পাৰি:

১) কেঁচা আলু: কেঁচা আলুৰ সহায়ত ডাৰ্ক চাৰ্কল সহজে আঁতৰাই পেলাব পাৰি। ইয়াৰ বাবে প্ৰথমে কেঁচা আলুৰ ৰস উলিয়াই লওক। এই আলুৰ ৰস কেইটোপাল নেমুৰ লগত মিহলাই লওক। তাৰপাছত কপাহৰ সহায়ত চকুৰ তলত লগালে চকুৰ তলৰ ডাৰ্ক চাৰ্কল আঁতৰি যাব।


২) চাহ-বেগ: চাহ-বেগেও ডাৰ্ক চাৰ্কল সোনকালে নাইকিয়া কৰে। ইয়াৰ বাবে চাহৰ মোনাটো কিছু সময় পানীত তিয়াই থৈ থৈ দিব। ইয়াৰ পিছত ফ্ৰীজত ঠাণ্ডা কৰক। কিছু সময়ৰ পাছত উলিয়াই চকুত থৈ শুই পৰিব। ইয়াৰ ফলত চকুত শীতলতা আহিব আৰু ডাৰ্ক চাৰ্কল আঁতৰি যাব।

৩) তিয়ঁহঃ ডাৰ্ক চাৰ্কল আঁতৰাবলৈ তিয়ঁহ ভাল ঔষধ। ইয়াৰ বাবে তিয়ঁহখিনি কিছু সময় ফ্ৰীজত ৰাখিব। তাৰ পিছত টুকুৰা টুকুৰকৈ কাটি চকুৰ ওপৰৰ ডাৰ্ক চাৰ্কলত থৈ দিব। ১০-১৫ মিনিট জিৰণি লোৱাৰ পিছত ডাৰ্ক চাৰ্কলৰ টুকুৰাবোৰ উলিয়াই দিব। এনে কৰিলে আপুনি অতি সোনকালে ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

৪) আলমণ্ড অইল: আলমণ্ড অইলত ভিটামিন ইৰ উত্তম উৎস। ৰাতি শোৱাৰ আগতে আলমণ্ড অইল কেইটোপালমানেৰে চকুৰ তলত মালিচ কৰিব লাগে। লাহে লাহে ডাৰ্ক চাৰ্কল কমি যাব।

ইয়াৰ বাহিৰেও প্ৰতি নিশা ৭-৮ ঘণ্টা ভাল টোপনি লওক। নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ৰ’দত ওলাই যোৱাৰ আগতে মুখত ছানস্ক্ৰীণ লগাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক