--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাৰ্ক চাৰ্কলৰ সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে। আমাৰ সমগ্ৰ মুখখনৰ সৌন্দৰ্য্য নষ্ট কৰি পেলায়। ডাৰ্ক চাৰ্কল যিকোনো মানুহৰ লগত হ’ব পাৰে। আপুনি পুৰুষ হওক বা মহিলা হওক, কৈশোৰৰ পিছত যিকোনো সময়তে যিকোনো ব্যক্তিৰ এই সমস্যা হ’ব পাৰে।

চকুৱে আমাৰ মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। কিন্তু সেই ধুনীয়া চকুকেইটাৰ তলত ক’লা বৃত্ত ওলালে কি হয়? আমাৰ সমগ্ৰ মুখখনৰ সৌন্দৰ্য্য নষ্ট কৰি পেলায়। 

ডাৰ্ক চাৰ্কলৰ কাৰণ

ডাৰ্ক চাৰ্কলৰ আৱিৰ্ভাৱৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বহু সময়ত অত্যধিক মানসিক চাপৰ বাবে চকুৰ তলত ক’লা বৃত্ত দেখা দিয়ে। ইয়াৰ বাহিৰেও কম টোপনি, ডিহাইড্ৰেচন, বয়স বৃদ্ধি ইত্যাদিৰ বাবে আমাৰ বেয়া জীৱনশৈলীৰ বাবেও চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি হয়।

এই ঘৰুৱা উপায়সমূহ গ্ৰহণ কৰিলে ডাৰ্ক চাৰ্কল আঁতৰাব পাৰি:

১) কেঁচা আলু: কেঁচা আলুৰ সহায়ত ডাৰ্ক চাৰ্কল সহজে আঁতৰাই পেলাব পাৰি। ইয়াৰ বাবে প্ৰথমে কেঁচা আলুৰ ৰস উলিয়াই লওক। এই আলুৰ ৰস কেইটোপাল নেমুৰ লগত মিহলাই লওক। তাৰপাছত কপাহৰ সহায়ত চকুৰ তলত লগালে চকুৰ তলৰ ডাৰ্ক চাৰ্কল আঁতৰি যাব।


২) চাহ-বেগ: চাহ-বেগেও ডাৰ্ক চাৰ্কল সোনকালে নাইকিয়া কৰে। ইয়াৰ বাবে চাহৰ মোনাটো কিছু সময় পানীত তিয়াই থৈ থৈ দিব। ইয়াৰ পিছত ফ্ৰীজত ঠাণ্ডা কৰক। কিছু সময়ৰ পাছত উলিয়াই চকুত থৈ শুই পৰিব। ইয়াৰ ফলত চকুত শীতলতা আহিব আৰু ডাৰ্ক চাৰ্কল আঁতৰি যাব।

৩) তিয়ঁহঃ ডাৰ্ক চাৰ্কল আঁতৰাবলৈ তিয়ঁহ ভাল ঔষধ। ইয়াৰ বাবে তিয়ঁহখিনি কিছু সময় ফ্ৰীজত ৰাখিব। তাৰ পিছত টুকুৰা টুকুৰকৈ কাটি চকুৰ ওপৰৰ ডাৰ্ক চাৰ্কলত থৈ দিব। ১০-১৫ মিনিট জিৰণি লোৱাৰ পিছত ডাৰ্ক চাৰ্কলৰ টুকুৰাবোৰ উলিয়াই দিব। এনে কৰিলে আপুনি অতি সোনকালে ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

৪) আলমণ্ড অইল: আলমণ্ড অইলত ভিটামিন ইৰ উত্তম উৎস। ৰাতি শোৱাৰ আগতে আলমণ্ড অইল কেইটোপালমানেৰে চকুৰ তলত মালিচ কৰিব লাগে। লাহে লাহে ডাৰ্ক চাৰ্কল কমি যাব।

ইয়াৰ বাহিৰেও প্ৰতি নিশা ৭-৮ ঘণ্টা ভাল টোপনি লওক। নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ৰ’দত ওলাই যোৱাৰ আগতে মুখত ছানস্ক্ৰীণ লগাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ