--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিৰোধীৰ মুখ বন্ধ কৰিবলৈয়েই হওঁক বা আন কাৰণতেই হওঁক তদান্তীন প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত  দেশৰ অৰ্থনৈতিক অৱস্থা মুঠেও ভাল নাছিল।মূল্যবৃদ্ধি আদিৰ দৰে বিষয়সমূহে মানুহক বিতুষ্ট কৰি তুলিছিল। সেই সময়ত দেশত প্ৰতিবিধ সামগ্ৰীৰ দাম অতাধিক বৃদ্ধি পাইছিল। দেশবাসীয়ে সেয়ে প্রয়োজনীয় সামগ্ৰী আদি ভালদৰে ক্ৰয় কৰিব পৰা নাছিল। 

১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছতে তেওঁৰ প্রথম কাম হৈছিল দেশত মূল্যবৃদ্ধি ৰোধ কৰা। সেই মৰ্মে তেওঁ বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ নানান পন্থা গ্ৰহণ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আশ্চৰ্যজনকভাৱে কমি গৈছিল। সামগ্ৰীৰ মূল্য হাস পোৱাৰ ফলত দেশত জনতাই ইন্দিৰা গান্ধীৰ প্ৰতি ভাল মনোভাৱ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তুলিছিল। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কম কৰাৰ বাবে ইন্দিৰা গান্ধীয়ে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ বিভিন্ন নীতিৰ পৰিৱৰ্তন সাধন কৰিছিল। 

তেওঁ ধনৰ যোগানৰ ক্ষেত্ৰত ছয় শতাংশ উৰ্ধসীমা নিৰ্ধাৰণ কৰিছিল। ইয়াৰ ফলত দেশত মুদ্ৰাস্ফীতিৰ হাৰ বহু পৰিমাণে কমি গৈছিল। ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত খাদ্য-শস্যৰ উৎপাদনবৃদ্ধি কৰাৰ বাবে জোৰ দিছিল। ইয়াৰ ফলত ১৯৭৫ চনত দেশত খাদ্য-শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। চাহিদাৰ তুলনাত যোগানৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত জৰুৰীকালীন অৱস্থাৰ মাজতে দেশত খাদ্য শস্যৰ দাম বছ পৰিমাণে কমি গৈছিল। ইন্দিৰা গান্ধীয়ে বাহিৰৰ পৰা খাদ্য-শস্যৰ আমদানিও বৃদ্ধি কৰিছিল।

ইয়াৰ ফলত দেশত খাদ্য-শস্যৰ নাটনি ভালেখিনি দূৰ হৈছিল আৰু খাদ্য- শস্যৰ দাম কমি গৈছিল। ইন্দিৰা গান্ধীয়ে শ্রমিকৰ মজুৰিৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন কৰিছিল। মুদ্ৰাস্ফীতি ৰোধ কৰাৰ বাবেই তেওঁ বিভিন্ন ধৰণৰ পৃছ্থা ৰহণ কৰিছিল। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্টখিনি কম হৈ আছিল। কিন্তু ইয়াৰ পিছৰে পৰা দেশত পুনৰ খাদ্য শস্যৰ দাম বৃদ্ধি পাবলৈ ধৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলৰ পৰা ৬ অক্টোবৰৰ ভিতৰত দেশত পাইকাৰী মূল্যৰ সূচাংক ১০ শতাংশ বৃদ্ধি পায়, চাউলৰ দাম ৮.৩ শতাংশ বৃদ্ধি পায়, বাদাম তেলৰ দাম ৪৮ শতাংশ বৃদ্ধি পায়, উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত কেঁচা মালৰ দাম ২৯.৩ শতাংশ বৃদ্ধি পায়। দৰাচলতে ১৯৭৬ চনৰ মাৰ্চ মাহৰ পৰাই দেশত খাদ্য-শস্যৰ উৎপাদন তাংপৰ্যপূৰ্ণভাৱে কমি গৈছিল। সেই সময়ছোৱাত দেশত খাদ্য-শস্যৰ উৎপাদন ৭.৯ শতাংশ হ্ৰাস পাইছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত দেশৰ জনতা চৰকাৰৰ বিভিন্ন নীতিক লৈ ক্ষোভিত হৈথকাৰ সময়তে ইন্দিৰা গান্ধীয়ে দেশৰ কৰব্যৱস্থালৈ কেতবোৰ আমোল পৰিৱৰ্তন আনিছিল। তেওঁ ৬ হাজাৰৰ পৰা ৮ হাজাৰ টকা আয় কৰা লোকসকলক কৰ আদায় দিয়াৰ পৰা ৰেহাই দিছিল। 

একেদৰে ৮ হাজাৰৰ পৰা ১৫ হাজাৰ টকা আয় কৰা লোকসকলৰ ক্ষেত্ৰত কৰ ৪৫ টকাৰ পৰা ২৬৪ টকালৈ ধাৰ্য কৰিছিল। সেই সময়ত দেশৰ মাত্ৰ ৩৮ লাখ লোকেহে কৰপ্ৰদান কৰিছিল। ইন্দিৰা গান্ধীয়ে সম্পদৰ ওপৰত আৰোপিত কৰ পূৰ্বৰ ৮ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস কৰিছিল। একেদৰে ১ লাখ টকা উপাৰ্জন কৰা লোকসকলে পূৰ্বে ৭৭ শতাংশ আয় কৰ প্রদান কৰিব লাগিছিল যদিও ইন্দিৰা গান্ধীয়ে সেই হাৰ ৬৬ শতাংশলৈ হ্ৰাস কৰিছিল। এনেদৰে ইন্দিৰা গান্ধীয়ে কৰ ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰি জৰুৰীকালীন অৱস্থাৰ সময়তো সাধাৰণ বহু জনতাৰ আস্থা ভাজন হ’বলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ ইয়াৰোপৰি এনে ঘাটি পূৰণ কৰিবলৈ ইন্দিৰা গান্ধীয়ে শিক্ষাৰ লগতে সামাজিক কল্যাণৰ আঁচনিৰ ধন কৰ্তন কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ