--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিৰোধীৰ মুখ বন্ধ কৰিবলৈয়েই হওঁক বা আন কাৰণতেই হওঁক তদান্তীন প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত  দেশৰ অৰ্থনৈতিক অৱস্থা মুঠেও ভাল নাছিল।মূল্যবৃদ্ধি আদিৰ দৰে বিষয়সমূহে মানুহক বিতুষ্ট কৰি তুলিছিল। সেই সময়ত দেশত প্ৰতিবিধ সামগ্ৰীৰ দাম অতাধিক বৃদ্ধি পাইছিল। দেশবাসীয়ে সেয়ে প্রয়োজনীয় সামগ্ৰী আদি ভালদৰে ক্ৰয় কৰিব পৰা নাছিল। 

১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছতে তেওঁৰ প্রথম কাম হৈছিল দেশত মূল্যবৃদ্ধি ৰোধ কৰা। সেই মৰ্মে তেওঁ বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ নানান পন্থা গ্ৰহণ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আশ্চৰ্যজনকভাৱে কমি গৈছিল। সামগ্ৰীৰ মূল্য হাস পোৱাৰ ফলত দেশত জনতাই ইন্দিৰা গান্ধীৰ প্ৰতি ভাল মনোভাৱ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তুলিছিল। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কম কৰাৰ বাবে ইন্দিৰা গান্ধীয়ে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ বিভিন্ন নীতিৰ পৰিৱৰ্তন সাধন কৰিছিল। 

তেওঁ ধনৰ যোগানৰ ক্ষেত্ৰত ছয় শতাংশ উৰ্ধসীমা নিৰ্ধাৰণ কৰিছিল। ইয়াৰ ফলত দেশত মুদ্ৰাস্ফীতিৰ হাৰ বহু পৰিমাণে কমি গৈছিল। ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত খাদ্য-শস্যৰ উৎপাদনবৃদ্ধি কৰাৰ বাবে জোৰ দিছিল। ইয়াৰ ফলত ১৯৭৫ চনত দেশত খাদ্য-শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। চাহিদাৰ তুলনাত যোগানৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত জৰুৰীকালীন অৱস্থাৰ মাজতে দেশত খাদ্য শস্যৰ দাম বছ পৰিমাণে কমি গৈছিল। ইন্দিৰা গান্ধীয়ে বাহিৰৰ পৰা খাদ্য-শস্যৰ আমদানিও বৃদ্ধি কৰিছিল।

ইয়াৰ ফলত দেশত খাদ্য-শস্যৰ নাটনি ভালেখিনি দূৰ হৈছিল আৰু খাদ্য- শস্যৰ দাম কমি গৈছিল। ইন্দিৰা গান্ধীয়ে শ্রমিকৰ মজুৰিৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন কৰিছিল। মুদ্ৰাস্ফীতি ৰোধ কৰাৰ বাবেই তেওঁ বিভিন্ন ধৰণৰ পৃছ্থা ৰহণ কৰিছিল। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্টখিনি কম হৈ আছিল। কিন্তু ইয়াৰ পিছৰে পৰা দেশত পুনৰ খাদ্য শস্যৰ দাম বৃদ্ধি পাবলৈ ধৰে। ১৯৭৬ চনৰ ১ এপ্ৰিলৰ পৰা ৬ অক্টোবৰৰ ভিতৰত দেশত পাইকাৰী মূল্যৰ সূচাংক ১০ শতাংশ বৃদ্ধি পায়, চাউলৰ দাম ৮.৩ শতাংশ বৃদ্ধি পায়, বাদাম তেলৰ দাম ৪৮ শতাংশ বৃদ্ধি পায়, উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত কেঁচা মালৰ দাম ২৯.৩ শতাংশ বৃদ্ধি পায়। দৰাচলতে ১৯৭৬ চনৰ মাৰ্চ মাহৰ পৰাই দেশত খাদ্য-শস্যৰ উৎপাদন তাংপৰ্যপূৰ্ণভাৱে কমি গৈছিল। সেই সময়ছোৱাত দেশত খাদ্য-শস্যৰ উৎপাদন ৭.৯ শতাংশ হ্ৰাস পাইছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত দেশৰ জনতা চৰকাৰৰ বিভিন্ন নীতিক লৈ ক্ষোভিত হৈথকাৰ সময়তে ইন্দিৰা গান্ধীয়ে দেশৰ কৰব্যৱস্থালৈ কেতবোৰ আমোল পৰিৱৰ্তন আনিছিল। তেওঁ ৬ হাজাৰৰ পৰা ৮ হাজাৰ টকা আয় কৰা লোকসকলক কৰ আদায় দিয়াৰ পৰা ৰেহাই দিছিল। 

একেদৰে ৮ হাজাৰৰ পৰা ১৫ হাজাৰ টকা আয় কৰা লোকসকলৰ ক্ষেত্ৰত কৰ ৪৫ টকাৰ পৰা ২৬৪ টকালৈ ধাৰ্য কৰিছিল। সেই সময়ত দেশৰ মাত্ৰ ৩৮ লাখ লোকেহে কৰপ্ৰদান কৰিছিল। ইন্দিৰা গান্ধীয়ে সম্পদৰ ওপৰত আৰোপিত কৰ পূৰ্বৰ ৮ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস কৰিছিল। একেদৰে ১ লাখ টকা উপাৰ্জন কৰা লোকসকলে পূৰ্বে ৭৭ শতাংশ আয় কৰ প্রদান কৰিব লাগিছিল যদিও ইন্দিৰা গান্ধীয়ে সেই হাৰ ৬৬ শতাংশলৈ হ্ৰাস কৰিছিল। এনেদৰে ইন্দিৰা গান্ধীয়ে কৰ ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰি জৰুৰীকালীন অৱস্থাৰ সময়তো সাধাৰণ বহু জনতাৰ আস্থা ভাজন হ’বলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ ইয়াৰোপৰি এনে ঘাটি পূৰণ কৰিবলৈ ইন্দিৰা গান্ধীয়ে শিক্ষাৰ লগতে সামাজিক কল্যাণৰ আঁচনিৰ ধন কৰ্তন কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু