--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা হ'ল দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা দেশে মুক্তি লাভ কৰা ৭৫ তম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ। কিন্তু দেশৰ স্বাধীনতাৰ এই পবিত্ৰ দিনটোতে নাগালেণ্ডৰ মন জিলাত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত হ'বলগীয়া হৈছে দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত দুগৰাকী সেনা জোৱান।

সোমবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ নিয়াচা গাঁৱত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। নাগালেণ্ডৰ স্থানীয় বিদ্ৰোহী গোটৰ সদস্যই চলোৱা গুলীচালনাত কৰ্তব্যৰত অৱস্থাত থকা আছাম ৰাইফলছৰ দুই জোৱানৰ শৰীৰত গুলী লাগে।

গুলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই জোৱানক লগে লগে যোৰহাটৰ এখন সামৰিক চিকিৎসালয়লৈ লৈ অনা হয়। আহত দুই জোৱানৰ এজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ আঁৰত নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন-কে-ৱাইএ জড়িত আছিল বুলি সন্দেহ কৰা হৈছে। আনহাতে ৰাজ্যখনৰ আন কেইবাটাও প্ৰান্তত বিদ্ৰোহী সংগঠনসমূহে সোমবাৰৰ দিনটোত কূটাঘাতৰ প্ৰচেষ্টা চলায় বুলি জানিব পৰা গৈছে।

আনহাতে নাগালেণ্ডৰ ৰাজ্যিক প্ৰশাসনৰ নিৰ্দেশত স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটবোৰৰ কূটাঘাতৰ আশংকাত ৰাজ্যখনৰ স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাইফলছৰ সেনা মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু