--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে সমগ্ৰ দেশতে মহা আড়ম্বৰেৰে পালন কৰা হ'ল দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা দেশে মুক্তি লাভ কৰা ৭৫ তম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ। কিন্তু দেশৰ স্বাধীনতাৰ এই পবিত্ৰ দিনটোতে নাগালেণ্ডৰ মন জিলাত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত হ'বলগীয়া হৈছে দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত দুগৰাকী সেনা জোৱান।

সোমবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ নিয়াচা গাঁৱত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। নাগালেণ্ডৰ স্থানীয় বিদ্ৰোহী গোটৰ সদস্যই চলোৱা গুলীচালনাত কৰ্তব্যৰত অৱস্থাত থকা আছাম ৰাইফলছৰ দুই জোৱানৰ শৰীৰত গুলী লাগে।

গুলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই জোৱানক লগে লগে যোৰহাটৰ এখন সামৰিক চিকিৎসালয়লৈ লৈ অনা হয়। আহত দুই জোৱানৰ এজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ আঁৰত নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন-কে-ৱাইএ জড়িত আছিল বুলি সন্দেহ কৰা হৈছে। আনহাতে ৰাজ্যখনৰ আন কেইবাটাও প্ৰান্তত বিদ্ৰোহী সংগঠনসমূহে সোমবাৰৰ দিনটোত কূটাঘাতৰ প্ৰচেষ্টা চলায় বুলি জানিব পৰা গৈছে।

আনহাতে নাগালেণ্ডৰ ৰাজ্যিক প্ৰশাসনৰ নিৰ্দেশত স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটবোৰৰ কূটাঘাতৰ আশংকাত ৰাজ্যখনৰ স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাইফলছৰ সেনা মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ