--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। দেশৰ বিভিন্ন প্ৰান্তত দৈনিক অত্যচাৰ তথা লাঞ্ছনাৰ বলি হ'বলগীয়া হৈছে মহিলা তথা যুৱতীসকল। বিশেষকৈ উত্তৰ ভাৰতীয় ৰাজ্য উত্তৰ প্ৰদেশত শেহতীয়াকৈ এনে নাৰীজনিত অপৰাধৰ ঘটনাই দেশৰ ভিতৰতে শীৰ্ষত অৱস্থান কৰিছে। ৰাজ্যখনত মহিলা সুৰক্ষাৰ বিষয়ে ঢাক-ঢোল কোবাই প্ৰচাৰ কৰি অহা হৈছে যদিও দৈনিক প্ৰকাশিত নাৰীজনিত অপৰাধৰ ঘটনাই নাৰী সুৰক্ষাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

উত্তৰ প্ৰদেশত দৈনিক পোহৰলৈ অহা এনে উদ্বেগজনক খবৰৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পাইছে আন এক ভয়ানক ঘটনাৰ কথা। এগৰাকী দুৰ্বৃত্তই প্ৰথমে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ পিছত নিজৰ অপকৰ্ম ঢাকিবলৈ লপূৰ্বকভাৱে গৰ্ভপাতৰ চেষ্টা কৰাৰ ফলত মৃত্যুক সাবটি লৈছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত দিয়া ভাষ্য অনুসৰি জানিবলৈ দিয়া মতে, ধৰ্ষণৰ বলি হোৱা ২২ বছৰীয়া যুৱতীগৰাকীয়ে শিক্ষাৰ বাবে নিজৰ খুৰাকৰ ঘৰত আশ্ৰয় লৈছিল। এই সময়তে যুৱতীগৰাকীয়ে এজন যুৱকৰ সৈতে চিনাকি হয়।

পেছাত গাড়ীচালক ২৮ বৰ্ষীয় লম্পট যুৱকজনে এদিন সুযোগ বুজি যুৱতীগৰাকীক ধৰ্ষণ কৰে। এই ঘটনাৰ পিছতে যুৱতীগৰাকীয়ে গৰ্ভধাৰণ কৰে। এই কথা জানিব পৰাৰ পিছতে লম্পট যুৱকগৰাকীয়ে নিজৰ অপকৰ্ম ঢাকিবলৈ চেষ্টা চলায়।

গৰ্ভধাৰণৰ পাঁচ মাহৰ পিছত অভিযুক্ত যুৱকজনে মহিলাগৰাকীক ঔষধ কিনি দিয়াৰ চলেৰে গৰ্ভপাতৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত বলপূৰ্বক গৰ্ভপাতৰ সময়তে যুৱতীগৰাকী মৃত্যুমুখত পৰে। এই ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে যুৱতীগৰাকীৰ খুৰাকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

খুৰাকৰ অভিযোগৰ ভিত্তিত চাৰিজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ধৰ্ষণৰ অভিযুক্ত যুৱকজনৰ লগতে তেওঁৰ বন্ধু, ব্যক্তিগত চিকিৎসালয়খনৰ জ্যেষ্ঠ বিষয়া আৰু এগৰাকী চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে মুখ্য অভিযুক্ত তথা ধৰ্ষণৰ অভিযুক্ত যুৱকজনৰ লগতে চিকিৎসালয়খনৰ জ্যেষ্ঠ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আনহাতে আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ