--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী সৈনিক। দেশৰ নিৰাপত্তাৰ বাবে তেওঁ নিয়োজিত হৈ আছিল অতি দুৰ্গম ছিয়াছেনত। কিন্তু এদিন হঠাতে কৰ্তব্যস্থীৰ পৰাই তেওঁ সন্ধানহীন হৈ পৰিছিল। বহু বিচাৰ -খোচাৰ কৰিও তেওঁৰ সন্ধান পোৱা হোৱা নাছিল। এনেদৰে ৩৮ টা বছৰ বাগৰি গ'ল। ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে ৩৮ বছৰৰ পিছত সন্ধানহীন হৈ থকা সেনা জোৱন জনৰ মৃতদেহ উদ্দাৰ হৈছে।

সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ছিয়াছেনৰ চাচেন হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা এজন সন্ধানহীন হৈ থকা সৈনিক জনৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভাৰতীয় সেনাই শ্বহীদজনৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক  ঘূৰাই দিয়াৰো ব্যৱস্থা কৰিছে। জোৱানজনৰ অন্তিম সংস্কাৰ সামৰিক সন্মানেৰে সম্পন্ন কৰা হ'ব।  

চলিত বৰ্ষৰ ১৩ আগষ্টত চিয়াচেন হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা লেন্স নায়েক চন্দ্ৰ শেখৰৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰফৰ মাজত থকাৰ বাবেই তেওঁৰ দেহটো এতিয়াও চিনিব পৰা হৈয়েই আছে। লেন্স নায়েক চন্দ্ৰ শেখৰে ১৯৮৪ চনত ভাৰতীয় সেনাৰ অপাৰেচন মেঘদূতৰ অংশ গ্ৰহণ কৰিছিল আৰু ছিয়াছেনত কৰ্মৰত হৈ আছিল। কুমাওঁ ৰেজিমেণ্টক হিমবাহৰ সুবিধাজনক স্থান ৫৯৬৫ অংশটো  দখল কৰাৰ দায়িত্ব দিয়া হৈছিল। সেই অংশটোৰ ওপৰত  পাকিস্তানী সেনাৰ চকু আছিল। লেন্স নায়েক চন্দ্ৰ শেখৰে অভিযানৰ সময়ত ১৯৮৪  চনৰ  ২৯  মে'ৰ নিশা প্ৰচণ্ড তুষাৰপাতৰ ফলত সন্ধানহীন হৈ পৰিছিল। সেই প্ৰাকৃতিক দুৰ্যোগত চৈধ্যজন ভাৰতীয় সৈনিক নিহত হৈছিল। পাঁচজন  সন্ধানহীন হৈছিল।

৩৮ বছৰৰ পিছত যোৱা  ১৩  আগষ্টত সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০  ফুট উচ্চতাত থকা হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা লেন্স নায়েক চন্দ্ৰ শেখৰৰ দেহৰ অৱশেষ উদ্ধাৰ কৰা হয়। মৃতদেহৰ কাষতে সেনাৰ নম্বৰ প্লেটখন পৰি আছিল। সেয়া চায়েই মৃতদেহটো চন্দ্ৰ শেখৰৰ বুলি নিষ্চিত কৰা হয়। এজন সেনা বিষয়াই কয়  যে গ্ৰীষ্মকালত হিমবাহৰ বৰফ গলি যোৱাৰ পিছত বাংকাটোত জোৱান জনৰ মৃতদেহ ওলাই পৰে।

লেন্স নায়েকৰ ৬৫ বছৰীয়া পত্নীয়ে ৩৮ বছৰৰ পিছত মৃত অৱস্থাত হ'লেও স্বামীক ঘূৰাই পোৱাত যেন এক অধীৰ অপেক্ষা আৰু ৰহস্যৰ অন্ত পৰিল।সেনাৰ সূত্ৰই জনোৱা অনুসৰি শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰা হ'ব। প্ৰাক্তন কুমাওঁ ৰেজিমেন্টৰ প্ৰয়াত জোৱানজনৰ দুগৰাকী কন্যাও আছে। তেওঁলোকে কেতিয়াও ভবা নাছিল যে লেন্স নায়েক চন্দ্ৰ শেখৰৰ কিবা সন্ধান পোৱা যাব।কিন্তু এতিয়া সকলো কথাই সলনি হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ