--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী সৈনিক। দেশৰ নিৰাপত্তাৰ বাবে তেওঁ নিয়োজিত হৈ আছিল অতি দুৰ্গম ছিয়াছেনত। কিন্তু এদিন হঠাতে কৰ্তব্যস্থীৰ পৰাই তেওঁ সন্ধানহীন হৈ পৰিছিল। বহু বিচাৰ -খোচাৰ কৰিও তেওঁৰ সন্ধান পোৱা হোৱা নাছিল। এনেদৰে ৩৮ টা বছৰ বাগৰি গ'ল। ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে ৩৮ বছৰৰ পিছত সন্ধানহীন হৈ থকা সেনা জোৱন জনৰ মৃতদেহ উদ্দাৰ হৈছে।

সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ছিয়াছেনৰ চাচেন হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা এজন সন্ধানহীন হৈ থকা সৈনিক জনৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভাৰতীয় সেনাই শ্বহীদজনৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক  ঘূৰাই দিয়াৰো ব্যৱস্থা কৰিছে। জোৱানজনৰ অন্তিম সংস্কাৰ সামৰিক সন্মানেৰে সম্পন্ন কৰা হ'ব।  

চলিত বৰ্ষৰ ১৩ আগষ্টত চিয়াচেন হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা লেন্স নায়েক চন্দ্ৰ শেখৰৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰফৰ মাজত থকাৰ বাবেই তেওঁৰ দেহটো এতিয়াও চিনিব পৰা হৈয়েই আছে। লেন্স নায়েক চন্দ্ৰ শেখৰে ১৯৮৪ চনত ভাৰতীয় সেনাৰ অপাৰেচন মেঘদূতৰ অংশ গ্ৰহণ কৰিছিল আৰু ছিয়াছেনত কৰ্মৰত হৈ আছিল। কুমাওঁ ৰেজিমেণ্টক হিমবাহৰ সুবিধাজনক স্থান ৫৯৬৫ অংশটো  দখল কৰাৰ দায়িত্ব দিয়া হৈছিল। সেই অংশটোৰ ওপৰত  পাকিস্তানী সেনাৰ চকু আছিল। লেন্স নায়েক চন্দ্ৰ শেখৰে অভিযানৰ সময়ত ১৯৮৪  চনৰ  ২৯  মে'ৰ নিশা প্ৰচণ্ড তুষাৰপাতৰ ফলত সন্ধানহীন হৈ পৰিছিল। সেই প্ৰাকৃতিক দুৰ্যোগত চৈধ্যজন ভাৰতীয় সৈনিক নিহত হৈছিল। পাঁচজন  সন্ধানহীন হৈছিল।

৩৮ বছৰৰ পিছত যোৱা  ১৩  আগষ্টত সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০  ফুট উচ্চতাত থকা হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা লেন্স নায়েক চন্দ্ৰ শেখৰৰ দেহৰ অৱশেষ উদ্ধাৰ কৰা হয়। মৃতদেহৰ কাষতে সেনাৰ নম্বৰ প্লেটখন পৰি আছিল। সেয়া চায়েই মৃতদেহটো চন্দ্ৰ শেখৰৰ বুলি নিষ্চিত কৰা হয়। এজন সেনা বিষয়াই কয়  যে গ্ৰীষ্মকালত হিমবাহৰ বৰফ গলি যোৱাৰ পিছত বাংকাটোত জোৱান জনৰ মৃতদেহ ওলাই পৰে।

লেন্স নায়েকৰ ৬৫ বছৰীয়া পত্নীয়ে ৩৮ বছৰৰ পিছত মৃত অৱস্থাত হ'লেও স্বামীক ঘূৰাই পোৱাত যেন এক অধীৰ অপেক্ষা আৰু ৰহস্যৰ অন্ত পৰিল।সেনাৰ সূত্ৰই জনোৱা অনুসৰি শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰা হ'ব। প্ৰাক্তন কুমাওঁ ৰেজিমেন্টৰ প্ৰয়াত জোৱানজনৰ দুগৰাকী কন্যাও আছে। তেওঁলোকে কেতিয়াও ভবা নাছিল যে লেন্স নায়েক চন্দ্ৰ শেখৰৰ কিবা সন্ধান পোৱা যাব।কিন্তু এতিয়া সকলো কথাই সলনি হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু