--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত কেৱল ভাৰত বা বিশ্বৰ আন ঠাইতেই নহয়, পৃথিৱীৰ পৰা বহু ওপৰৰ মহাকাশতো উৰিল ত্ৰিৰংগা। বেলুনৰ সহায়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পৃথিৱীৰ পৃষ্ঠৰ পৰা এক লাখ ছয় হাজাৰ ফুট উচ্চতালৈ প্ৰেৰণ কৰা হৈছিল আৰু  তাতেই ত্ৰিৰংগাখন  উৰুওৱা হয় ।

পৃথিৱীৰ পৰা ৩০ কিলোমিটাৰ ওপৰেৰে পতাকা উৰোৱাৰ পৰিকল্পনা প্ৰকৃততে আজাদী কা মহোৎসৱৰ অংশ আছিল।

তলত গাঢ় নীলা পৃথিৱী। ওপৰত   সূৰ্য জিলিকি উঠিছে। ইয়াৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰি আছে। ত্ৰিৰংগা পতাকা খন ধৰি ৰাখিছে বগা ৰঙৰ বেলুনে । স্বাধীনতাৰ ৭৬ তম বাৰ্ষিকীৰ তিনিদিন পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান জনাইছিল ।সেইমৰ্মে স্বাধীনতা দিৱসৰ পুৱা  ভাৰতৰ  জাতীয় পতাকা খন গ্ৰহটোৰ বাহিৰত উৰুওৱা হয়। 

ভাৰতত শিশু বিজ্ঞান গৱেষণাৰ  এক বেচৰকাৰী সংগঠন স্পেছ কিডছ ইণ্ডিয়াই সোমবাৰে ৰাতি এই  কামটো সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে, সংস্থাটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যেআন এক পৰিকল্পনা কৰিছিল। সংস্থাটোৱে ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত এটা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছিল। কিন্তু উপগ্ৰহ কেৰিয়াৰৰ উৎক্ষেপণৰ পিছতে তাত বিজুতি ঘটাত শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা  সেই কৃত্ৰিম উপগ্ৰহটো  অৱশেষত মহাকাশত হেৰাই গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ