ডিজিটেল ডেস্কঃ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত কেৱল ভাৰত বা বিশ্বৰ আন ঠাইতেই নহয়, পৃথিৱীৰ পৰা বহু ওপৰৰ মহাকাশতো উৰিল ত্ৰিৰংগা। বেলুনৰ সহায়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পৃথিৱীৰ পৃষ্ঠৰ পৰা এক লাখ ছয় হাজাৰ ফুট উচ্চতালৈ প্ৰেৰণ কৰা হৈছিল আৰু তাতেই ত্ৰিৰংগাখন উৰুওৱা হয় ।
পৃথিৱীৰ পৰা ৩০ কিলোমিটাৰ ওপৰেৰে পতাকা উৰোৱাৰ পৰিকল্পনা প্ৰকৃততে আজাদী কা মহোৎসৱৰ অংশ আছিল।
তলত গাঢ় নীলা পৃথিৱী। ওপৰত সূৰ্য জিলিকি উঠিছে। ইয়াৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰি আছে। ত্ৰিৰংগা পতাকা খন ধৰি ৰাখিছে বগা ৰঙৰ বেলুনে । স্বাধীনতাৰ ৭৬ তম বাৰ্ষিকীৰ তিনিদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান জনাইছিল ।সেইমৰ্মে স্বাধীনতা দিৱসৰ পুৱা ভাৰতৰ জাতীয় পতাকা খন গ্ৰহটোৰ বাহিৰত উৰুওৱা হয়।
ভাৰতত শিশু বিজ্ঞান গৱেষণাৰ এক বেচৰকাৰী সংগঠন স্পেছ কিডছ ইণ্ডিয়াই সোমবাৰে ৰাতি এই কামটো সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে, সংস্থাটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যেআন এক পৰিকল্পনা কৰিছিল। সংস্থাটোৱে ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত এটা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছিল। কিন্তু উপগ্ৰহ কেৰিয়াৰৰ উৎক্ষেপণৰ পিছতে তাত বিজুতি ঘটাত শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা সেই কৃত্ৰিম উপগ্ৰহটো অৱশেষত মহাকাশত হেৰাই গৈছিল।