--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশে আজি মহা ধুম-ধামেৰে পালন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোতে আন এক ইতিহাসো ৰচনা হ'ল। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে  আজি লালকিল্লাত গৰজি উঠিল স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত  কামান । যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰত সততে বিদেশলৈ চাই থাকিবলগীয়া হোৱা ভাৰতে আজি লালকিল্লাত স্বদেশৰ প্ৰযুক্তিৰ বাহাৰ দেখুৱাবলৈ সক্ষম হয়। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ পিছত 'আত্মনিৰ্ভৰশীলতা'ৰ আহ্বান জনাইছিল। সেই দিশত খোজ দি স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে দেশতে নিৰ্মিত হাউটজাৰ কামান  গানেৰে অভিবাদন জনোৱা হয়। এই অত্যাধুনিক কামান সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ই  নিৰ্মাণ কৰিছে। আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে  'আজাদী কা অমৃত মহোৎসৱ' সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। 

ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।  আজি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লালকিল্লাৰ পৰাই তেওঁ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা ৭৫ বছৰ ধৰি দেশৰ জনসাধাৰণে থলুৱাভাবে নিৰ্মিত কামানৰ  সেই শব্দ শুনিবলৈ অপেক্ষা কৰি আছিল। অৱশেষত আজি শব্দটো শুনা গ'ল। লালকিল্লাত প্ৰথমবাৰৰ বাবে দেশত নিৰ্মিত কামান ব্যৱহাৰ কৰা হৈছে"। 

তেওঁ লগতে কয় যে  ভাৰতে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যোৱাৰ বাবেই প্ৰায় ৩০০ টা প্ৰতিৰক্ষা সঁজুলিৰ আমদানি বন্ধ কৰা হৈছে। সেইবোৰ এতিয়া দেশত নিৰ্মাণ কৰা হৈছে। লালকিল্লাত আজি সেনাৰ আৰ্টিলাৰী ৰেজিমেণ্টৰ পৰা ২১ টা কামান ফুটোৱা হয়। ইমানদিনলৈকে এই অনুষ্ঠানত বিদেশী কামান ব্যৱহাৰ কৰা হৈছিল। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে এডভান্সড ট'ড আৰ্টিলাৰী গান চিষ্টেম (এটিএজিএছ) বা থলুৱা কামানে সেই ঠাই দখল কৰিবলৈ সক্ষম হয়। 

এডভান্সড ট'ড আৰ্টিলাৰী গান চিষ্টেম (এটিএজিএছ) হাউটজাৰ কামানে ১৫৫ মিলিমিটাৰ গোলাবাৰুদ নিক্ষেপ কৰিবলৈ সক্ষম। ই ৪৮ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত আক্ৰমণ কৰিব পাৰে। ইয়াত 'স্বয়ংক্ৰিয় কমাণ্ড এণ্ড কণ্ট্ৰোল চিষ্টেম' আছে। ফলস্বৰূপে, এই হাউইটজাৰে নিশাৰ আন্ধাৰতো শত্ৰুৰ ঘাটি চিনাক্ত কৰি আক্ৰমণ চলাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু