--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশে আজি মহা ধুম-ধামেৰে পালন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোতে আন এক ইতিহাসো ৰচনা হ'ল। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে  আজি লালকিল্লাত গৰজি উঠিল স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত  কামান । যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰত সততে বিদেশলৈ চাই থাকিবলগীয়া হোৱা ভাৰতে আজি লালকিল্লাত স্বদেশৰ প্ৰযুক্তিৰ বাহাৰ দেখুৱাবলৈ সক্ষম হয়। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ পিছত 'আত্মনিৰ্ভৰশীলতা'ৰ আহ্বান জনাইছিল। সেই দিশত খোজ দি স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে দেশতে নিৰ্মিত হাউটজাৰ কামান  গানেৰে অভিবাদন জনোৱা হয়। এই অত্যাধুনিক কামান সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ই  নিৰ্মাণ কৰিছে। আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে  'আজাদী কা অমৃত মহোৎসৱ' সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। 

ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।  আজি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লালকিল্লাৰ পৰাই তেওঁ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা ৭৫ বছৰ ধৰি দেশৰ জনসাধাৰণে থলুৱাভাবে নিৰ্মিত কামানৰ  সেই শব্দ শুনিবলৈ অপেক্ষা কৰি আছিল। অৱশেষত আজি শব্দটো শুনা গ'ল। লালকিল্লাত প্ৰথমবাৰৰ বাবে দেশত নিৰ্মিত কামান ব্যৱহাৰ কৰা হৈছে"। 

তেওঁ লগতে কয় যে  ভাৰতে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যোৱাৰ বাবেই প্ৰায় ৩০০ টা প্ৰতিৰক্ষা সঁজুলিৰ আমদানি বন্ধ কৰা হৈছে। সেইবোৰ এতিয়া দেশত নিৰ্মাণ কৰা হৈছে। লালকিল্লাত আজি সেনাৰ আৰ্টিলাৰী ৰেজিমেণ্টৰ পৰা ২১ টা কামান ফুটোৱা হয়। ইমানদিনলৈকে এই অনুষ্ঠানত বিদেশী কামান ব্যৱহাৰ কৰা হৈছিল। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে এডভান্সড ট'ড আৰ্টিলাৰী গান চিষ্টেম (এটিএজিএছ) বা থলুৱা কামানে সেই ঠাই দখল কৰিবলৈ সক্ষম হয়। 

এডভান্সড ট'ড আৰ্টিলাৰী গান চিষ্টেম (এটিএজিএছ) হাউটজাৰ কামানে ১৫৫ মিলিমিটাৰ গোলাবাৰুদ নিক্ষেপ কৰিবলৈ সক্ষম। ই ৪৮ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত আক্ৰমণ কৰিব পাৰে। ইয়াত 'স্বয়ংক্ৰিয় কমাণ্ড এণ্ড কণ্ট্ৰোল চিষ্টেম' আছে। ফলস্বৰূপে, এই হাউইটজাৰে নিশাৰ আন্ধাৰতো শত্ৰুৰ ঘাটি চিনাক্ত কৰি আক্ৰমণ চলাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ