--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি পালন কৰা হ'ল স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ ১১৪ সংখ্যক জন্ম বাৰ্ষিকী। শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সাহস আৰু ত্যাগক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্ম জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ টুইটযোগে শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰধানমন্ত্ৰী গৰাকীৰ মতে সাহসী শ্বহীদ ভগত সিং সকলো ভাৰতীয়ৰ হৃদয়ত আছে ।ওঁৰ সাহস আৰু ত্যাগে অগনন ভাৰতীয়ৰ মনত দেশপ্ৰেম জগাই তোলে । সেয়ে মহান নায়কগৰাকীৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ বলিদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, শ্বহীদ ভগত সিঙৰ জন্ম ১৯০৭ চনত ফৈজালাবাদ জিলাৰ বাঙা গাঁৱত হৈছিল যি বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশ । ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱী স্বাধীনতা সংগ্ৰামী গৰাকীৰ দুটাকৈ নাটকীয় হিংসাত্মক কাৰ্য আৰু ২৩ বছৰ বয়সত তেওঁৰ মৃত্যুদণ্ডই তেওঁক ভাৰতীয় স্বাধীনতা আন্দোলনৰ লোক নায়ক হিচাপে চিনাকি দিয়ে ।১৯৩১ চনৰ ২৩ মাৰ্চত শিৱৰাম হৰি ৰাজগুৰু আৰু সুখদেৱ থাপাৰৰ সৈতে লাহোৰ কাৰাগাৰত ভগত সিঙক ফাঁচী দিয়া হৈছিল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু