--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত তাৰকা তথা অভিনেতা-অভিনেত্ৰীসকলে পলমকৈ শ্বুটিংস্থলীত উপস্থিত হোৱাতো তেনেই সাধাৰণ কথা। ফিল্ম ইণ্ডাষ্ট্ৰীত এয়া স্বাভাৱিক ঘটনা বুলিয়েই গণ্য কৰা হয়। কিন্তু এইখিনিতে সম্পূৰ্ণ এক ব্যতিক্ৰমী আচৰণ প্ৰদৰ্শন কৰিলে বলীউড বাদশ্বাহ শ্বাহৰুখ খানে। সেয়েহে বৰ্তমান চৰ্চাত আছে কিং খান। এক বিজ্ঞাপনৰ শ্বুটিঙৰ কামত পলমকৈ উপস্থিত হোৱাৰ বাবে প্ৰথমে কলাকুশলীসকলৰ পৰা ক্ষমা বিচাৰিলে শ্বাহৰুখে। 

উল্লেখ্য যে ওৰে নিশা সাৰে থাকি এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত আছিল শ্বাহৰুখ খান। সেইবাবেই পিছদিনা এক বিজ্ঞাপনৰ শ্বুটিঙত অংশ লোৱাৰ ক্ষেত্ৰত কিছুদেৰি পলম হ'ল মহাতাৰকাগৰাকীৰ। শ্বুটিংস্থলীত উপস্থিত হোৱাৰ পাছতেই বিজ্ঞাপনৰ দৃশ্যগ্ৰহণকাৰী লৰেন্স ডি কুনহাৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচাৰিলে কিং খানে। শ্বাহৰুখ খানৰ উদাৰতাত শ্বুটিংস্থলীত উপস্থিত থকা সকলো লোক অবাক হৈ পৰিল। 

লৰেন্স ডি কুনহাই কয় যে, ''শ্বাহৰুখৰ স'তে মই প্ৰথমবাৰ কাম কৰিছো। শ্বাহৰুখ খান এজন বহুত ডাঙৰ তাৰকা। কিন্তু ইমান বিখ্যাত তাৰকা হৈয়ো শ্বাহৰুখ খানৰ কোনো অহংকাৰ নাই। কোনো তাৰকাসুলভ আচৰণ নাই। সকলোৰে সৈতে তেওঁ সহজে মিলি যাব পাৰে। শ্বাহৰুখৰ এই ব্যৱহাৰত আমি মুগ্ধ। সেই কাৰণেই তেওঁ বলীউডৰ বাদশ্বাহ।'' এই ঘটনাৰ পাছতেই শ্বাহৰুখ খানক লৈ ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। সকলোৱে শ্বাহৰুখৰ এই সৰল ব্যৱহাৰক উচ্চ প্ৰশংসা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ