--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত তাৰকা তথা অভিনেতা-অভিনেত্ৰীসকলে পলমকৈ শ্বুটিংস্থলীত উপস্থিত হোৱাতো তেনেই সাধাৰণ কথা। ফিল্ম ইণ্ডাষ্ট্ৰীত এয়া স্বাভাৱিক ঘটনা বুলিয়েই গণ্য কৰা হয়। কিন্তু এইখিনিতে সম্পূৰ্ণ এক ব্যতিক্ৰমী আচৰণ প্ৰদৰ্শন কৰিলে বলীউড বাদশ্বাহ শ্বাহৰুখ খানে। সেয়েহে বৰ্তমান চৰ্চাত আছে কিং খান। এক বিজ্ঞাপনৰ শ্বুটিঙৰ কামত পলমকৈ উপস্থিত হোৱাৰ বাবে প্ৰথমে কলাকুশলীসকলৰ পৰা ক্ষমা বিচাৰিলে শ্বাহৰুখে। 

উল্লেখ্য যে ওৰে নিশা সাৰে থাকি এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত আছিল শ্বাহৰুখ খান। সেইবাবেই পিছদিনা এক বিজ্ঞাপনৰ শ্বুটিঙত অংশ লোৱাৰ ক্ষেত্ৰত কিছুদেৰি পলম হ'ল মহাতাৰকাগৰাকীৰ। শ্বুটিংস্থলীত উপস্থিত হোৱাৰ পাছতেই বিজ্ঞাপনৰ দৃশ্যগ্ৰহণকাৰী লৰেন্স ডি কুনহাৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচাৰিলে কিং খানে। শ্বাহৰুখ খানৰ উদাৰতাত শ্বুটিংস্থলীত উপস্থিত থকা সকলো লোক অবাক হৈ পৰিল। 

লৰেন্স ডি কুনহাই কয় যে, ''শ্বাহৰুখৰ স'তে মই প্ৰথমবাৰ কাম কৰিছো। শ্বাহৰুখ খান এজন বহুত ডাঙৰ তাৰকা। কিন্তু ইমান বিখ্যাত তাৰকা হৈয়ো শ্বাহৰুখ খানৰ কোনো অহংকাৰ নাই। কোনো তাৰকাসুলভ আচৰণ নাই। সকলোৰে সৈতে তেওঁ সহজে মিলি যাব পাৰে। শ্বাহৰুখৰ এই ব্যৱহাৰত আমি মুগ্ধ। সেই কাৰণেই তেওঁ বলীউডৰ বাদশ্বাহ।'' এই ঘটনাৰ পাছতেই শ্বাহৰুখ খানক লৈ ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। সকলোৱে শ্বাহৰুখৰ এই সৰল ব্যৱহাৰক উচ্চ প্ৰশংসা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু