--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতৰ অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত সম্পৰ্ক আৰু তেওঁলোকৰ কিছুমান কাৰ্যকলাপ টপ ট্ৰেণ্ডিং হৈ পৰে। গ্লেমাৰ জগতৰ তাৰকাসকলৰ জীৱনক লৈ উৎসাহী হৈ থাকে অনুৰাগীসকল। বলীউড জগতৰ অন্যতম ডাঙৰ নাম হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। এই দম্পতীৰ প্ৰেম কাহিনী সকলোৰে পৰিচিত। এপ্ৰিলত ৰণবীৰ কাপুৰে আলিয়া ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াৰ কেন্দ্ৰবিন্দু হৈ আহিছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ।
 দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। খৰখেদাকৈ এই বিয়াখন পাতে দুয়োটা পৰিয়ালে। ৰণবীৰ-আলিয়াৰ ঘৰুৱা জীৱন এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং বিষয় হৈ পৰিছে। জানিব পৰা মতে আলিয়াই বিয়া হৈ কাপুৰৰ বোৱাৰী হোৱাৰ পাছৰে পৰা ৰণবীৰক বহুত সলনি কৰি দিছে। ক’ব পাৰি যে বিয়াৰ পিছত ৰণবীৰ সম্পূৰ্ণ সলনি হৈছে। ৰণবীৰৰ মাতৃ নিতু কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত নিজে কৈছে এই কথা।

আপুনি নিশ্চয় ভাবিছে যে বিয়াৰ কিছুদিনৰ ভিতৰতে আলিয়াই ৰণবীৰক কেনেকৈ সলনি কৰিলে। সেয়া অলপ বেলেগ কথা। শেহতীয়াকৈ আলিয়াৰ শাহুৱেক নীতু কাপুৰে আলিয়াৰ বিষয়ে বহু কথাই কৈছে। নীতু কাপুৰে কয় যে, আলিয়াই মোৰ পুত্ৰ ৰণবীৰক সম্পূৰ্ণৰূপে সলনি কৰি দিছে। ৰণবীৰ এতিয়া আগৰ তুলনাত বহুত বেছি সুখী। ইয়াৰ পিছতে নীতু কাপুৰে আফচোচ কৰি কয় যে ''আলিয়াক বোৱাৰী কৰি লোৱাৰ পাছতে মোৰ মনত এটা দুখ হৈছে। কাৰণ বিয়া হোৱাৰ আগতে আমি দুয়ো একেলগে বহি বহুত কথা পাতিছিলো কিন্তু বিয়াৰ পিছত সকলো সলনি হ’ল। আলিয়াই এতিয়া কথা পাতিবলৈ একেবাৰে সময় নোপোৱা হৈছে।'' বিয়াৰ পাছৰে পৰা নীতু কাপুৰে আলিয়াৰ সৈতে মনখুলি কথা পাতিবলৈ নোৱাৰা হ’ল..ইয়াৰ কাৰণ হ’ল আলিয়াৰ কৰ্মজীৱনৰ ভীষণ ব্যস্ততা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ