--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই ৰোমান্টিক ‘লাভাৰ বয়’ হিচাপে অভিনয় কৰি আহিছে চুলবুল পাণ্ডে-ই। দীৰ্ঘদিন ধৰি এই পৰিচয়কে বুকুত কঢি়য়াই ফুৰিছে চুলবুল পাণ্ডে খ্যাত ছলমান খানে। ২০০৯ত এইজন ‘লাভাৰবয়’কে এটা নতুন গেটেপত দেখা গৈছিল। সেইবৰ্ষত মুক্তি পোৱা 'ৱান্টেড' ছবিখনে ছলমানৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। বলীউডত একচন চিনেমাত আৰক্ষীৰ ৰূপত নতুন অৱতাৰ ধাৰণ কৰিছিল ভাইজানে। এয়াই যি আৰম্ভণি। তাৰ পাছত আৰু বহুতো একচন ছবিত অভিনয় কৰিছে ছলমানে। কিন্তু আৰক্ষীৰ চৰিত্ৰৰ প্ৰতি দুৰ্বলতাই খেদি ফুৰিছিল তেওঁক। এই আপাহতে 'ডাবাং' নামৰ এখন চলচ্চিত্ৰও তেওঁৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা হৈছিল।

ছবিখনত 'চুলবুল পাণ্ডে'ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। কৌতুক-একচনৰ মিশ্ৰণেৰে পৰিপূৰ্ণ বহুল সমাদৃত এই চৰিত্ৰটোৱে দৰ্শকৰ হৃদয়ত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ‘চুলবুল পাণ্ডে’ৰ প্ৰেমত পৰাৰ পাছত ছলমানে ইতিমধ্যে ‘দাবাং’ৰ তিনিটা ছিকুৱেল নিৰ্মাণ কৰিছে। ইফালে পৰিচালক ৰোহিত চেট্টীয়ে এখন পুলিচ একচন চিনেমা নিৰ্মাণ কৰিবলৈ যুটি বান্ধিছে। তেওঁৰ প্ৰিয় পুলিচ চৰিত্ৰৰ তালিকাত আছে 'চুলবুল পাণ্ডে' আৰু অজয় দেৱগন অভিনীত 'সিংঘম' ।


ৰোহিত চেট্টীয়ে দুয়োজনৰ সংমিশ্ৰণত আন এটা নতুন কেমিঅ'ৰ জন্ম দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰস্তাৱটো ছলমানৰ ওচৰলৈ লৈ গৈছিল ৰোহিতে। বলীউড ভাইজানে ৰোহিতৰ প্ৰস্তাৱৰ প্ৰতি আগবঢ়াইছে পূৰ্ণ সমৰ্থন।ভৱিষ্যতে তেওঁৰ পুলিচ একচন চিনেমাত অভিনয় কৰিব বুলি ছনমান খানে ৰোহিত চেট্টীক আশ্বাস দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে, ৰোহিত বৰ্তমান তেওঁৰ শেহতীয়া পুলিচ একচন ছবি 'সূৰ্যবংশী'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছবিখনত আৰক্ষী চৰিত্ৰত দেখিবলৈ পোৱা যাৱ অক্ষয় কুমাৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ