--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰুৱা হিংসাৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হৈছে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে। ভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে পুনমে। পুনমৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ স্বামী ছেম বম্বেক। ছেমে মাৰপিট কৰি আহত কৰা বুলি আৰক্ষী থানাত এজাহাৰ দিছিল পুনমে। মডেলগৰাকীৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে ছেমক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

সুখৰ দিনত পুনম আৰু ছেম

মুম্বাই আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰাৰ পাছতেই পুনম পাণ্ডেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি পুনমে মূৰ, চকু আৰু মুখত গুৰুতৰ আঘাত পাইছে। আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত কৰি আছে। পুনমৰ এই ঘটনা এয়ে প্ৰথম নহয়। বিয়াৰ কিছুদিনৰ পিছতেই স্বামীয়ে বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ লৈ আৰক্ষীৰ কাষ চাপিছিল পুনমে। সেই সময়ত পুনম আৰু চেম গোৱালৈ গৈছিল এক ৰোমাণ্টিক ট্ৰিপত কিন্তু ৰোমাণ্টিকতা গুচি তেওঁলোকৰ মাজত মাৰপিট, গালি-গালাজেহে ঠাই লৈছিল। সেইবাৰো পুনমৰ অভিযোগৰ ভিত্তিত ছেম বম্বেক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

বিয়াৰ মূহুৰ্তৰ ফটো

পাছত ছেমক গোৱা আদালতৰ দ্বাৰা চৰ্ত সাপেক্ষে জামিন দিয়া হৈছিল। পুনমে আনকি স্বামীৰ এই আচৰণৰ বাবে বিবাহ বিচ্ছেদ কৰাৰ কথাও সদৰী কৰিছিল। অৱশ্যে পাছলৈ পুনম আৰু ছেমে সম্পৰ্কটো মিলামিছাৰে আগবঢ়াই নিছিল আৰু সকলো ঠিকেই চলি আছিল। কিন্তু এতিয়া পুনমৰ লগত সংঘটিত হোৱা এই কাণ্ডই সূচায় যে তেওঁলোকৰ সম্পৰ্কত পুনৰ ফাঁট মেলিছে। উল্লেখ্য যে পুনম পাণ্ডেৰ স্বামী ছেম বম্বে এজন চলচ্চিত্ৰ প্ৰযোজক আৰু তেওঁ সংগীতৰ সৈতেও জড়িত। 'বেফিকৰ' নামৰ চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল ছেমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ