--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰুৱা হিংসাৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হৈছে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে। ভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে পুনমে। পুনমৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ স্বামী ছেম বম্বেক। ছেমে মাৰপিট কৰি আহত কৰা বুলি আৰক্ষী থানাত এজাহাৰ দিছিল পুনমে। মডেলগৰাকীৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে ছেমক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

সুখৰ দিনত পুনম আৰু ছেম

মুম্বাই আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰাৰ পাছতেই পুনম পাণ্ডেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি পুনমে মূৰ, চকু আৰু মুখত গুৰুতৰ আঘাত পাইছে। আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত কৰি আছে। পুনমৰ এই ঘটনা এয়ে প্ৰথম নহয়। বিয়াৰ কিছুদিনৰ পিছতেই স্বামীয়ে বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ লৈ আৰক্ষীৰ কাষ চাপিছিল পুনমে। সেই সময়ত পুনম আৰু চেম গোৱালৈ গৈছিল এক ৰোমাণ্টিক ট্ৰিপত কিন্তু ৰোমাণ্টিকতা গুচি তেওঁলোকৰ মাজত মাৰপিট, গালি-গালাজেহে ঠাই লৈছিল। সেইবাৰো পুনমৰ অভিযোগৰ ভিত্তিত ছেম বম্বেক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

বিয়াৰ মূহুৰ্তৰ ফটো

পাছত ছেমক গোৱা আদালতৰ দ্বাৰা চৰ্ত সাপেক্ষে জামিন দিয়া হৈছিল। পুনমে আনকি স্বামীৰ এই আচৰণৰ বাবে বিবাহ বিচ্ছেদ কৰাৰ কথাও সদৰী কৰিছিল। অৱশ্যে পাছলৈ পুনম আৰু ছেমে সম্পৰ্কটো মিলামিছাৰে আগবঢ়াই নিছিল আৰু সকলো ঠিকেই চলি আছিল। কিন্তু এতিয়া পুনমৰ লগত সংঘটিত হোৱা এই কাণ্ডই সূচায় যে তেওঁলোকৰ সম্পৰ্কত পুনৰ ফাঁট মেলিছে। উল্লেখ্য যে পুনম পাণ্ডেৰ স্বামী ছেম বম্বে এজন চলচ্চিত্ৰ প্ৰযোজক আৰু তেওঁ সংগীতৰ সৈতেও জড়িত। 'বেফিকৰ' নামৰ চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল ছেমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ