--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'লেট লতিফ' হিচাপে খ্যাত তেওঁ! বলীউডৰ নামী-দামী তাৰকাৰ সৈতে তেওঁৰ আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। বিশ্বৰ বহু তাৰকা অভিনেতা, অভিনেত্ৰী,ক্ৰীড়াবিদে তেওঁৰ অনুষ্ঠানৰ অতিথি হোৱা আমি ইতিমধ্যে দেখিবলৈ পাইছো। কৌতুকক এক অনন্য মাত্ৰা প্ৰদান কৰা এইগৰাকী ব্যক্তি হৈছে কপিল শৰ্মা। শেহতীয়াকৈ, পুনৰ কপিল শৰ্মাৰ প্ৰসংগই চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। অলপতে ছ'চিয়েল মিডিয়াত ছনী এণ্টাৰটেইনমেণ্টে 'কৌন বনেগা কড়োৰপতি'ৰ আগন্তুক খণ্ডটোৰ প্ৰ'ম' শ্বেয়াৰ কৰিছে। প্ৰ’ম’টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’ প্ৰ’ম’টোত কপিল-অমিতাভৰ কথোপকথনে শ্ৰোতা-দৰ্শকৰ অন্তৰ চুই গৈছে। উল্লেখ্য যে, ‘কৌন বনেগা কড়োৰপতি’ৰ শেহতীয়া খণ্ডটিত অমিতাভৰ অতিথি হ’ব কপিল শৰ্মা। লগত আছে বলীউড তাৰকা চনু ছুদ।

ভিডিঅ’টোত দেখুওৱা মতে, কৌতুক অভিনেতাজনে অনুষ্ঠানটোত প্ৰৱেশ কৰিয়েই 'ৰিমজিম গিৰে চাৱন' গীতৰ কলি গুণগুণাবলৈ ধৰে। গীতটো শেষ হোৱাৰ লগে লগে অমিতাভে কপিলক তেওঁ পলমকৈ অহাৰ কথা মনত পেলাই দিয়ে। অমিতাভে কয়, ‘আজি আপুনি সঠিক সময়তে আহিছে। আপোনাক প্ৰায় ১২ বজাতে লগ পোৱাৰ কথা আছিল আৰু আপুনি ঠিক ৪:৩০বজাত উপস্থিত হৈছে। অমিতাভৰ কথা শুনি হাঁহি ধৰি ৰাখিব নোৱাৰিলে কপিলে। উল্লেখ্য যে, যিকোনো অনুষ্ঠানলৈ পলমকৈ অহাটো কপিলৰ নতুন অভ্যাস নহয়। ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা যায়। কেইবাবছৰ আগতে এটা দৃশ্যগ্ৰহণৰ সময়ত অজয় দেৱগন আৰু শ্বাহৰুখ খানৰ দৰে বলীউড তাৰকায়ো কপিলৰ বাবে বহুপৰ অপেক্ষা কৰিবলগীয়া হৈছিল বুলি শুনিবলৈ পোৱা যায়। অৱশেষত, হেনো সেই শ্বুটিং বাতিল কৰাও হৈছিল। বাৰু যি কি নহওক, হাঁহি,ধেমালিৰ মাজেৰে যে এই খণ্ডটো অধিক উপভোগ্য হৈ পৰিব প্ৰ’ম’ চাইয়ে উপলব্ধি কৰিছে শ্ৰোতা-দৰ্শকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ