--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'লেট লতিফ' হিচাপে খ্যাত তেওঁ! বলীউডৰ নামী-দামী তাৰকাৰ সৈতে তেওঁৰ আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। বিশ্বৰ বহু তাৰকা অভিনেতা, অভিনেত্ৰী,ক্ৰীড়াবিদে তেওঁৰ অনুষ্ঠানৰ অতিথি হোৱা আমি ইতিমধ্যে দেখিবলৈ পাইছো। কৌতুকক এক অনন্য মাত্ৰা প্ৰদান কৰা এইগৰাকী ব্যক্তি হৈছে কপিল শৰ্মা। শেহতীয়াকৈ, পুনৰ কপিল শৰ্মাৰ প্ৰসংগই চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। অলপতে ছ'চিয়েল মিডিয়াত ছনী এণ্টাৰটেইনমেণ্টে 'কৌন বনেগা কড়োৰপতি'ৰ আগন্তুক খণ্ডটোৰ প্ৰ'ম' শ্বেয়াৰ কৰিছে। প্ৰ’ম’টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’ প্ৰ’ম’টোত কপিল-অমিতাভৰ কথোপকথনে শ্ৰোতা-দৰ্শকৰ অন্তৰ চুই গৈছে। উল্লেখ্য যে, ‘কৌন বনেগা কড়োৰপতি’ৰ শেহতীয়া খণ্ডটিত অমিতাভৰ অতিথি হ’ব কপিল শৰ্মা। লগত আছে বলীউড তাৰকা চনু ছুদ।

ভিডিঅ’টোত দেখুওৱা মতে, কৌতুক অভিনেতাজনে অনুষ্ঠানটোত প্ৰৱেশ কৰিয়েই 'ৰিমজিম গিৰে চাৱন' গীতৰ কলি গুণগুণাবলৈ ধৰে। গীতটো শেষ হোৱাৰ লগে লগে অমিতাভে কপিলক তেওঁ পলমকৈ অহাৰ কথা মনত পেলাই দিয়ে। অমিতাভে কয়, ‘আজি আপুনি সঠিক সময়তে আহিছে। আপোনাক প্ৰায় ১২ বজাতে লগ পোৱাৰ কথা আছিল আৰু আপুনি ঠিক ৪:৩০বজাত উপস্থিত হৈছে। অমিতাভৰ কথা শুনি হাঁহি ধৰি ৰাখিব নোৱাৰিলে কপিলে। উল্লেখ্য যে, যিকোনো অনুষ্ঠানলৈ পলমকৈ অহাটো কপিলৰ নতুন অভ্যাস নহয়। ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা যায়। কেইবাবছৰ আগতে এটা দৃশ্যগ্ৰহণৰ সময়ত অজয় দেৱগন আৰু শ্বাহৰুখ খানৰ দৰে বলীউড তাৰকায়ো কপিলৰ বাবে বহুপৰ অপেক্ষা কৰিবলগীয়া হৈছিল বুলি শুনিবলৈ পোৱা যায়। অৱশেষত, হেনো সেই শ্বুটিং বাতিল কৰাও হৈছিল। বাৰু যি কি নহওক, হাঁহি,ধেমালিৰ মাজেৰে যে এই খণ্ডটো অধিক উপভোগ্য হৈ পৰিব প্ৰ’ম’ চাইয়ে উপলব্ধি কৰিছে শ্ৰোতা-দৰ্শকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু