--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰাণী ৰিভল্যুচনেৰী গাৰ্ডৰ প্ৰাক্তন জেনেৰেল কাচেম ছলেমানীৰ স্মৃতিস্থলীৰ ওচৰতে দুটাকৈ বোমা বিস্ফোৰণত ১০৩ জন লোক নিহত হয়। সংবাদ সংস্থা এ এফ পিৰ বাতৰি অনুসৰি ছলেমানীৰ হত্যাৰ চতুৰ্থ বৰ্ষপূৰ্তিত এই আক্ৰমণ সংঘটিত হয়।

স্থানীয় সংবাদ মাধ্যম ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিঙৰ উদ্ধৃতিৰে নিউজ এজেন্সী এ পিয়ে জনোৱা মতে, ইৰাণৰ দক্ষিণ অঞ্চলৰ কেৰমান চহৰৰ চাহেব আল জামান মছজিদৰ ওচৰত শোভাযাত্ৰাক লক্ষ্য কৰি বিস্ফোৰণৰ সময়ত প্ৰায় ১৭০ জন লোক আহত হয়। ব্ৰিটিছ সংবাদ মাধ্যমৰ ৱেবছাইট বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি কেৰমানৰ ডেপুটি গৱৰ্ণৰে এই কাণ্ডক “সন্ত্রাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছে।

অনলাইনত শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে কেইবাটাও মৃতদেহ এটা পথৰ দুয়োপাৰে বিয়পি আছে। এ পিৰ মতে, প্ৰথমটো বিস্ফোৰণৰ ১৫ মিনিটৰ ভিতৰতে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হৈছিল, ইয়াৰ পৰা বুজা যায় যে প্ৰাৰম্ভিক বিস্ফোৰণৰ প্ৰতি সঁহাৰি জনোৱা উদ্ধাৰ আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি দ্বিতীয়টো বোমা বিস্ফোৰণ সংঘটিত হয়৷

বুধবাৰে জেনেৰেল ছলেমানীক সমবেদনা জনোৱাৰ বাবে শতাধিক লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে ছলেমানীৰ ২০২০ চনত চুবুৰীয়া ৰাষ্ট্ৰ ইৰাকত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত হৈছিল।ইৰাণত জেনেৰেল ছলেমানীয়ে গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল আৰু তেওঁক সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ পিছত আটাইতকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। ৰিভল্যুচনেৰী গাৰ্ডৰ বহিঃৰাষ্ট্ৰৰ অভিযান শাখা কুদছ বাহিনীৰ অধিনায়ক হিচাপে ছলেমানীয়ে সমগ্ৰ অঞ্চলটোত ইৰাণৰ নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।তেওঁৰ দায়িত্বৰ ভিতৰত আছিল কুদছ বাহিনীৰ গোপন অভিযান চোৱাচিতা কৰা আৰু মিত্ৰ চৰকাৰ আৰু হামাছ আৰু হিজবুল্লাহৰ দৰে সশস্ত্ৰ গোটসমূহক কৌশলগত দিশ, পুঁজি, অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱা, আৰু লজিষ্টিক সহায় আগবঢ়োৱা।

২০২০ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ছলেমানীক “বিশ্বৰ যিকোনো ঠাইতে এক নম্বৰ সন্ত্ৰাসবাদী” বুলি অভিহিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ