--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীৰ অন্তিম সংস্কাৰ কৰি উভতি অহাৰ পথতে মৃত্যুক সাবটিলে পত্নীয়ে। স্বামীৰ মৃত্যুৰ মাত্ৰ পাঁচ ঘণ্টাৰ পাছতে মহিলাগৰাকীৰ মৃত্যু হয়। স্বামীক শেষ বিদায় জনাই ঘূৰি আহোতে পথ দুৰ্ঘটনাত পতিত হয় মহিলাগৰাকীৰ বাহন। এই দুৰ্ঘটনাৰ ফলতে মহিলাগৰাকীৰ কৰুণ মৃত্যু হয়। এই ঘটনাৰ পিছৰে পৰা তেওঁলোকৰ পৰিয়াল শোকত ভাগি পৰিছে। এই কৰুণ ঘটনা সংঘটিত হৈছে আমেৰিকাত।

মহিলাগৰাকীৰ নাম চাৰা নোভাক। তেওঁৰ বয়স আছিল ৪২ বছৰ। চাৰাৰ স্বামী কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। স্বামীয়ে মৃত্যুক সাবটি লোৱাত মহিলাগৰাকী দুখত ভাগি পৰে। স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পৰা উভতি আহোঁতে ছাৰাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। আৰক্ষীৰ মতে, তীব্ৰ গতিৰ বাবে গাড়ীখন অনিয়ন্ত্ৰিত হৈ পৰে। নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বাগৰি খাৱৈত পৰিল। ইয়াৰ বাবেই চাৰা আৰু গাড়ীখনত থকা এজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে চালকজনক গাড়ীৰ পৰা উলিয়াই অনা হয়। গুৰুতৰভাৱে আহত চালকজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাৰ পিছত মাতৃ পেট্ৰিচিয়া কাৰ্টৰাইটে কয় যে ''স্বামীৰ অবিহনে তেওঁ জীয়াই থাকিব পাৰিলেহেঁতেন বুলি মই নাভাবো।'' আনহাতে, ভুক্তভোগীৰ পিতৃ ৰেণ্ডেল কাৰ্টৰাইটে ক’লে যে ''কন্যাৰ দুৰ্ঘটনাৰ খবৰে মোক জোকাৰি গৈছে। এই ঘটনা আমাৰ সকলোৰে বাবে দুঃস্বপ্নৰ দৰে।''

২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল চাৰা ন’ভাকৰ। এই দুৰ্ঘটনাৰ বিষয়ে আমেৰিকান আৰক্ষীয়ে জনোৱা মতে, চালকৰ গাফিলতিৰ বাবে গাড়ীখন খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত কেৱল চালকজনকহে বচাব পৰা গ’ল। বাকী দুজন লোকৰ মৃত্যু হৈছে। চাৰাই মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস