--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীৰ অন্তিম সংস্কাৰ কৰি উভতি অহাৰ পথতে মৃত্যুক সাবটিলে পত্নীয়ে। স্বামীৰ মৃত্যুৰ মাত্ৰ পাঁচ ঘণ্টাৰ পাছতে মহিলাগৰাকীৰ মৃত্যু হয়। স্বামীক শেষ বিদায় জনাই ঘূৰি আহোতে পথ দুৰ্ঘটনাত পতিত হয় মহিলাগৰাকীৰ বাহন। এই দুৰ্ঘটনাৰ ফলতে মহিলাগৰাকীৰ কৰুণ মৃত্যু হয়। এই ঘটনাৰ পিছৰে পৰা তেওঁলোকৰ পৰিয়াল শোকত ভাগি পৰিছে। এই কৰুণ ঘটনা সংঘটিত হৈছে আমেৰিকাত।

মহিলাগৰাকীৰ নাম চাৰা নোভাক। তেওঁৰ বয়স আছিল ৪২ বছৰ। চাৰাৰ স্বামী কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। স্বামীয়ে মৃত্যুক সাবটি লোৱাত মহিলাগৰাকী দুখত ভাগি পৰে। স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পৰা উভতি আহোঁতে ছাৰাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। আৰক্ষীৰ মতে, তীব্ৰ গতিৰ বাবে গাড়ীখন অনিয়ন্ত্ৰিত হৈ পৰে। নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বাগৰি খাৱৈত পৰিল। ইয়াৰ বাবেই চাৰা আৰু গাড়ীখনত থকা এজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে চালকজনক গাড়ীৰ পৰা উলিয়াই অনা হয়। গুৰুতৰভাৱে আহত চালকজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাৰ পিছত মাতৃ পেট্ৰিচিয়া কাৰ্টৰাইটে কয় যে ''স্বামীৰ অবিহনে তেওঁ জীয়াই থাকিব পাৰিলেহেঁতেন বুলি মই নাভাবো।'' আনহাতে, ভুক্তভোগীৰ পিতৃ ৰেণ্ডেল কাৰ্টৰাইটে ক’লে যে ''কন্যাৰ দুৰ্ঘটনাৰ খবৰে মোক জোকাৰি গৈছে। এই ঘটনা আমাৰ সকলোৰে বাবে দুঃস্বপ্নৰ দৰে।''

২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল চাৰা ন’ভাকৰ। এই দুৰ্ঘটনাৰ বিষয়ে আমেৰিকান আৰক্ষীয়ে জনোৱা মতে, চালকৰ গাফিলতিৰ বাবে গাড়ীখন খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত কেৱল চালকজনকহে বচাব পৰা গ’ল। বাকী দুজন লোকৰ মৃত্যু হৈছে। চাৰাই মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা