--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত জনমলৈ এক হোৱাৰ প্ৰতিশ্ৰুতি দি এগৰাকী পত্নীয়ে জীৱনৰ আদ‌ বাটতে হত্যা কৰিলে স্বামীক।‌ স্বামী হত্যাৰ ষড়যন্ত্ৰত লগ দিলে নতুন প্ৰেমিকে। 

এগৰাকী পত্নীৰ বিশ্বাসঘাতকতা আৰু লোমহৰ্ষক হত্যাকাণ্ড উত্তৰ প্ৰদেশৰ মেৰুটত। অপৰাধ জগতৰ এই ভয়লগা কাহিনী আজি সৰ্বত্ৰ চৰ্চিত। 

মেৰুটৰ ঘাতক মুস্কান‌। এসময়ত সৌৰভ নামৰ যুৱকৰ সৈতে প্ৰেম কৰি বিয়া পতাৰ পাছত সেই স্বামীকে ডিঙি চেপি হত্যা কৰে মুস্কানে৷ কটাৰী ব্যৱহাৰ কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি প্লাষ্টিকৰ ড্ৰামত ভৰাই ওপৰৰ পৰা ঢালি দিছিল চিমেণ্ট। 

কিন্তু অপৰাধৰ এই ৰহস্য লুকাই নাথাকিল বেছি দিন। মাতৃৰ সমুখত এটা স্বীকাৰোক্তি আৰু তাৰ পাছত আৰক্ষীৰ আগমনৰ লগে লগে সেই ভয়ংকৰ কাহিনী ফাদিল হয়। যিয়ে সমগ্ৰ মেৰুট কঁপাই তুলিলে।

অভিযোগ অনুসৰি শ্বাহিল নামৰ অন্য এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল মুস্কান।  প্ৰথম অৱস্থাত দুয়োৰে মাজত বন্ধুত্ব আছিল যদিও পাছত এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল। শ্বাহিল এতিয়া মুস্কানৰ জীৱনৰ অংশ হৈ পৰিছিল। 

ইফালে ২৫ ফেব্ৰুৱাৰীত পত্নী মুস্কানৰ জন্মদিনৰ বাবে চাকৰিসূত্ৰে লণ্ডনত থকা সৌৰভ উভতিছিল মেৰুটলৈ। পিছে নিজ পত্নী মুস্কান ঘৰত ৰৈ আছিল মৃত্যুদূত হৈ।

পত্নী মুস্কানৰ সন্মুখতে প্ৰেমিক শ্বাহিলে দাঁতেৰে আক্ৰমণ কৰিছিল সৌৰভক। পৰকীয়া প্ৰেমত অন্ধ হৈ পৰা মুস্কানে তেওঁক বচাবলৈও চেষ্টা নকৰিলে। কেইমিনিটমানৰ ভিতৰতে বন্ধ হৈ গৈছিল সৌৰভৰ উশাহ ।

সৌৰভৰ শৰীৰটো টুকুৰা টুকুৰ কৰি ড্ৰাম এটাত ভৰাই দিলে। তাৰ পাছত তাত চিমেণ্ট ঢালি কঠিন কবৰলৈ ৰূপান্তৰিত কৰা হৈছিল যাতে কোনেও সন্দেহ নকৰে।

সৌৰভক হত্যা কৰাৰ পাছত মুস্কান আৰু শ্বাহিল তিনিদিন ধৰি আছিল মানালীত।‌ পৰৱৰ্তী সময়ত মুস্কানৰ মাতৃৰ তৎপৰতাত আৰু কঠোৰতাত কাহিনীটো পোহৰলৈ আহে।

বৰ্তমান মেৰুট আৰক্ষীয়ে দুই পাষণ্ড প্ৰেমিক-প্ৰেমিকাক গ্ৰেপ্তাৰ কৰি হত্যা আৰু ষড়যন্ত্ৰৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা