--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত জনমলৈ এক হোৱাৰ প্ৰতিশ্ৰুতি দি এগৰাকী পত্নীয়ে জীৱনৰ আদ‌ বাটতে হত্যা কৰিলে স্বামীক।‌ স্বামী হত্যাৰ ষড়যন্ত্ৰত লগ দিলে নতুন প্ৰেমিকে। 

এগৰাকী পত্নীৰ বিশ্বাসঘাতকতা আৰু লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ। উত্তৰ প্ৰদেশৰ মেৰুটত সংঘটিত হোৱা অপৰাধ জগতৰ এই ভয়লগা কাহিনী আজি সৰ্বত্ৰ চৰ্চিত।

সৌৰভ ৰাজপুতক বৰ্বৰভাৱে হত্যা কৰিলে পত্নী মুস্কান ৰৌস্তগী আৰু মুস্কানৰ প্ৰেমিক শ্বাহিল শুক্লাই। সৌৰভৰ সৈতে প্ৰেম কৰি বিয়া পতাৰ পাছত সেই স্বামীকে ডিঙি চেপি হত্যা কৰে মুস্কানে৷ কটাৰী ব্যৱহাৰ কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি প্লাষ্টিকৰ ড্ৰামত ভৰাই ওপৰৰ পৰা ঢালি দিছিল চিমেণ্ট। যাতে কোনেও গম নাপায়।

মুস্কানৰ জন্মদিন উপলক্ষে লণ্ডনৰ পৰা স্বগৃহলৈ আহিছিল সৌৰভ আৰু ভাবিছিল পত্নীক ছাৰপ্ৰাইজ দিম বুলি। কিন্তু সৌৰভে সপোনতো ভবা নাছিল যে তেওঁৰ মৰমী পত্নীয়েই তেওঁৰ বাবে মৃত্যুদূত হৈ পৰিব।

সৌৰভক নিচাযুক্ত দ্ৰব্য খুৱাই হত্যা কৰে মুস্কান আৰু শ্বাহিলে। তাৰপাছত দুয়ো মানালীলৈ ফুৰিবলৈ গুচি যায়। 

সৌৰভৰ ভাতৃয়ে সৌৰভ নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে সৌৰভক তেওঁৰ পত্নী মুস্কানে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছে। দুয়োজনে সৌৰভক প্ৰেমৰ বাটৰ পৰা আঁতৰাবলৈ এই অশুভ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

এই হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতেই লজ্জিত হৈ পৰিছে মুস্কানৰ পিতৃ-মাতৃ। মুস্কানৰ মাতৃয়ে কয় যে যেতিয়া আমি গম পালোঁ যে ‘‘মুস্কানে এই হত্যাকাণ্ড কৰিছে, আমি স্পষ্টকৈ ক’লোঁ যে আমি তাইক কেতিয়াও সমৰ্থন নকৰো। সৌৰভ বৰ ভাল ল'ৰা আছিল আৰু আমাৰ ছোৱালীজনীক বহুত ভাল পাইছিল। আমাৰ জোঁৱাইয়ে ন্যায় পাব লাগে। 

আমি তেওঁক বহুত সন্মান কৰিছিলোঁ। তেওঁ আমাকো বহুত সন্মান কৰিছিল। তেওঁক হত্যা কৰি মুস্কানে মহাপাপ কৰিলে। মুস্কানক ফাঁচী দিব লাগে। আমাৰ জোঁৱাই দেৱতা আছিল কিন্তু মোৰ ছোৱালীজনীহে ডাইনী ওলাল।’’

মুস্কানৰ পিতৃয়ে আৱেগিকভাৱে ক’লে, ‘‘আমাৰ ছোৱালীয়ে যি কৰিলে সেয়া ক্ষমাৰ অযোগ্য। তাই জীয়াই থকাৰ অধিকাৰ হেৰুৱাইছে। সৌৰভ কেৱল আমাৰ জোঁৱাই নাছিল, তেওঁ আমাৰ ল’ৰা আছিল। আমাৰ ছোৱালীজনী আৰু আমাৰ বহুত যত্ন লৈছিল সৌৰভে। আমাৰ ছোৱালীজনীক ফাঁচী দিয়া উচিত যাতে কোনোবাই তেনে অপৰাধ কৰাৰ আগতে এশবাৰ চিন্তা কৰে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ