--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত জনমলৈ এক হোৱাৰ প্ৰতিশ্ৰুতি দি এগৰাকী পত্নীয়ে জীৱনৰ আদ‌ বাটতে হত্যা কৰিলে স্বামীক।‌ স্বামী হত্যাৰ ষড়যন্ত্ৰত লগ দিলে নতুন প্ৰেমিকে। 

এগৰাকী পত্নীৰ বিশ্বাসঘাতকতা আৰু লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ। উত্তৰ প্ৰদেশৰ মেৰুটত সংঘটিত হোৱা অপৰাধ জগতৰ এই ভয়লগা কাহিনী আজি সৰ্বত্ৰ চৰ্চিত।

সৌৰভ ৰাজপুতক বৰ্বৰভাৱে হত্যা কৰিলে পত্নী মুস্কান ৰৌস্তগী আৰু মুস্কানৰ প্ৰেমিক শ্বাহিল শুক্লাই। সৌৰভৰ সৈতে প্ৰেম কৰি বিয়া পতাৰ পাছত সেই স্বামীকে ডিঙি চেপি হত্যা কৰে মুস্কানে৷ কটাৰী ব্যৱহাৰ কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি প্লাষ্টিকৰ ড্ৰামত ভৰাই ওপৰৰ পৰা ঢালি দিছিল চিমেণ্ট। যাতে কোনেও গম নাপায়।

মুস্কানৰ জন্মদিন উপলক্ষে লণ্ডনৰ পৰা স্বগৃহলৈ আহিছিল সৌৰভ আৰু ভাবিছিল পত্নীক ছাৰপ্ৰাইজ দিম বুলি। কিন্তু সৌৰভে সপোনতো ভবা নাছিল যে তেওঁৰ মৰমী পত্নীয়েই তেওঁৰ বাবে মৃত্যুদূত হৈ পৰিব।

সৌৰভক নিচাযুক্ত দ্ৰব্য খুৱাই হত্যা কৰে মুস্কান আৰু শ্বাহিলে। তাৰপাছত দুয়ো মানালীলৈ ফুৰিবলৈ গুচি যায়। 

সৌৰভৰ ভাতৃয়ে সৌৰভ নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে সৌৰভক তেওঁৰ পত্নী মুস্কানে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছে। দুয়োজনে সৌৰভক প্ৰেমৰ বাটৰ পৰা আঁতৰাবলৈ এই অশুভ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

এই হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতেই লজ্জিত হৈ পৰিছে মুস্কানৰ পিতৃ-মাতৃ। মুস্কানৰ মাতৃয়ে কয় যে যেতিয়া আমি গম পালোঁ যে ‘‘মুস্কানে এই হত্যাকাণ্ড কৰিছে, আমি স্পষ্টকৈ ক’লোঁ যে আমি তাইক কেতিয়াও সমৰ্থন নকৰো। সৌৰভ বৰ ভাল ল'ৰা আছিল আৰু আমাৰ ছোৱালীজনীক বহুত ভাল পাইছিল। আমাৰ জোঁৱাইয়ে ন্যায় পাব লাগে। 

আমি তেওঁক বহুত সন্মান কৰিছিলোঁ। তেওঁ আমাকো বহুত সন্মান কৰিছিল। তেওঁক হত্যা কৰি মুস্কানে মহাপাপ কৰিলে। মুস্কানক ফাঁচী দিব লাগে। আমাৰ জোঁৱাই দেৱতা আছিল কিন্তু মোৰ ছোৱালীজনীহে ডাইনী ওলাল।’’

মুস্কানৰ পিতৃয়ে আৱেগিকভাৱে ক’লে, ‘‘আমাৰ ছোৱালীয়ে যি কৰিলে সেয়া ক্ষমাৰ অযোগ্য। তাই জীয়াই থকাৰ অধিকাৰ হেৰুৱাইছে। সৌৰভ কেৱল আমাৰ জোঁৱাই নাছিল, তেওঁ আমাৰ ল’ৰা আছিল। আমাৰ ছোৱালীজনী আৰু আমাৰ বহুত যত্ন লৈছিল সৌৰভে। আমাৰ ছোৱালীজনীক ফাঁচী দিয়া উচিত যাতে কোনোবাই তেনে অপৰাধ কৰাৰ আগতে এশবাৰ চিন্তা কৰে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা