--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: যেন আন এক মোক্ষম আঘাত৷ নীতি আয়োগে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰকাশ কৰা স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদনত অসমৰ স্থান আছিল দেশৰ ভিতৰতে দ্বাদশত৷ যাক লৈ সৰব চৰ্চা অব্যাহত আছে অসমত৷ স্বাস্থ্যখণ্ডত অসমৰ অৱনমিত স্থানৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ মাজৰ পৰা সুশাসনৰ এক সূচী প্ৰকাশ কৰিছে৷ য’ত ১১খন ৰাজ্যৰ ভিতৰত সপ্তম স্থান লাভ কৰিছে অসমে৷ ২৫ ডিচেম্বৰত সুশাসন দিৱস উপলক্ষে ভাৰত চৰকাৰে প্ৰকাশ কৰা সুশাসনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য, পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড তথা জম্মু-কাশ্মীৰসহ ১১খন ৰাজ্যৰ মাজত অসমে সপ্তম স্থানত নিজৰ সন্মান ৰক্ষা কৰিছে৷

সুশাসনৰ ক্ষেত্ৰত শীৰ্ষত আছে বৰফাবৃত হিমাচল প্ৰদেশ, লগতে দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে মিজোৰাম আৰু উত্তৰাখণ্ডে লাভ কৰিছে৷ কৃষি আৰু সহযোগী ক্ষেত্ৰ, বাণিজ্য আৰু উদ্যোগ, মানৱ সম্পদ বিকাশ, জনস্বাস্থ্য, ৰাজহুৱা আন্তঃগাঁথনি আৰু ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সমাজ কল্যাণ আৰু বিকাশ, ন্যায়ৰ ব্যৱস্থা আৰু ৰাজহুৱা সুৰক্ষা, পৰিৱেশ তথা নাগৰিককেন্দ্ৰিক সেৱা- এই দহটা ৰাজহুৱা খণ্ডৰ ৫৮টা চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷ কৃষিপ্ৰধান ৰাজ্য হোৱা সত্ত্বেও অসমৰ কৃষি আৰু সহযোগী ক্ষেত্ৰৰ এক পৰিতাপৰ ছবি পোহৰলৈ আহিছে৷ কৃষি আৰু সহযোগী ক্ষেত্ৰসমূহৰ শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অসমে লাভ কৰিছে পঞ্চম স্থান৷ আকৌ, বাণিজ্য আৰু উদ্যোগ শিতানত উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ভিতৰত অসমে লাভ কৰিছে চতুৰ্থ স্থান৷

আনহাতে, মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত অসমে ১১খন ৰাজ্যৰ ভিতৰত লাভ কৰিছে ষষ্ঠ স্থান৷ এই শিতানত শীৰ্ষস্থান লাভ কৰিছে হিমাচল প্ৰদেশে৷ একেদৰে, ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ স্থান সৰ্বনিম্ন হোৱাৰ লগতে শীৰ্ষত আছে মিজোৰাম৷ সুশাসনৰ সূচীৰ ক্ষেত্ৰত অন্য শিতানসমূহতো ক’তোৱেই শীৰ্ষস্থান পাবলৈ সক্ষম হোৱা নাই অসম৷ স্বাস্থ্য সূচকাংকৰ পৰিসংখ্যাত অসমৰ নিম্ন ফল প্ৰদৰ্শনৰ সমান্তৰালভাৱে প্ৰকাশিক সুশাসনৰ প্ৰতিবেদনত অসমে সপ্তম স্থান পোৱাক লৈ সামাজিক মাধ্যমত চৰ্চা চলা পৰিলক্ষিত হৈছে৷

যিসময়ত অসমক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কৈ আহিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই, সেই সময়তে ক্ৰমাগতভাৱে অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত শোচনীয় ফল দেখুৱাইছে৷ কেৱল মাথোঁ চমক আৰু কথাৰ ফুলজাৰিৰে অসমক শ্ৰেষ্ঠ কৰিব নোৱাৰি বুলি টিপ্পনী কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহেও৷ কিয়নো, অসমত হিতাধিকাৰী সজাই চমক সৃষ্টি কৰি মৌলিক বিষয়বোৰ, ৰাজ্যৰ ব্যৱস্থাগত দুৰ্বলতাবোৰ ঢাকি ৰাখিব খোজাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাই প্ৰকাশিত এই প্ৰতিবেদনসমূহতে ৰাজ্যৰ বিকাশ আৰু উন্নতিৰ ফোপোলা স্বৰূপটোকে উন্মোচন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ