--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: যেন আন এক মোক্ষম আঘাত৷ নীতি আয়োগে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰকাশ কৰা স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদনত অসমৰ স্থান আছিল দেশৰ ভিতৰতে দ্বাদশত৷ যাক লৈ সৰব চৰ্চা অব্যাহত আছে অসমত৷ স্বাস্থ্যখণ্ডত অসমৰ অৱনমিত স্থানৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ মাজৰ পৰা সুশাসনৰ এক সূচী প্ৰকাশ কৰিছে৷ য’ত ১১খন ৰাজ্যৰ ভিতৰত সপ্তম স্থান লাভ কৰিছে অসমে৷ ২৫ ডিচেম্বৰত সুশাসন দিৱস উপলক্ষে ভাৰত চৰকাৰে প্ৰকাশ কৰা সুশাসনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য, পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড তথা জম্মু-কাশ্মীৰসহ ১১খন ৰাজ্যৰ মাজত অসমে সপ্তম স্থানত নিজৰ সন্মান ৰক্ষা কৰিছে৷

সুশাসনৰ ক্ষেত্ৰত শীৰ্ষত আছে বৰফাবৃত হিমাচল প্ৰদেশ, লগতে দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে মিজোৰাম আৰু উত্তৰাখণ্ডে লাভ কৰিছে৷ কৃষি আৰু সহযোগী ক্ষেত্ৰ, বাণিজ্য আৰু উদ্যোগ, মানৱ সম্পদ বিকাশ, জনস্বাস্থ্য, ৰাজহুৱা আন্তঃগাঁথনি আৰু ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সমাজ কল্যাণ আৰু বিকাশ, ন্যায়ৰ ব্যৱস্থা আৰু ৰাজহুৱা সুৰক্ষা, পৰিৱেশ তথা নাগৰিককেন্দ্ৰিক সেৱা- এই দহটা ৰাজহুৱা খণ্ডৰ ৫৮টা চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷ কৃষিপ্ৰধান ৰাজ্য হোৱা সত্ত্বেও অসমৰ কৃষি আৰু সহযোগী ক্ষেত্ৰৰ এক পৰিতাপৰ ছবি পোহৰলৈ আহিছে৷ কৃষি আৰু সহযোগী ক্ষেত্ৰসমূহৰ শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অসমে লাভ কৰিছে পঞ্চম স্থান৷ আকৌ, বাণিজ্য আৰু উদ্যোগ শিতানত উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ভিতৰত অসমে লাভ কৰিছে চতুৰ্থ স্থান৷

আনহাতে, মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত অসমে ১১খন ৰাজ্যৰ ভিতৰত লাভ কৰিছে ষষ্ঠ স্থান৷ এই শিতানত শীৰ্ষস্থান লাভ কৰিছে হিমাচল প্ৰদেশে৷ একেদৰে, ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ স্থান সৰ্বনিম্ন হোৱাৰ লগতে শীৰ্ষত আছে মিজোৰাম৷ সুশাসনৰ সূচীৰ ক্ষেত্ৰত অন্য শিতানসমূহতো ক’তোৱেই শীৰ্ষস্থান পাবলৈ সক্ষম হোৱা নাই অসম৷ স্বাস্থ্য সূচকাংকৰ পৰিসংখ্যাত অসমৰ নিম্ন ফল প্ৰদৰ্শনৰ সমান্তৰালভাৱে প্ৰকাশিক সুশাসনৰ প্ৰতিবেদনত অসমে সপ্তম স্থান পোৱাক লৈ সামাজিক মাধ্যমত চৰ্চা চলা পৰিলক্ষিত হৈছে৷

যিসময়ত অসমক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কৈ আহিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই, সেই সময়তে ক্ৰমাগতভাৱে অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত শোচনীয় ফল দেখুৱাইছে৷ কেৱল মাথোঁ চমক আৰু কথাৰ ফুলজাৰিৰে অসমক শ্ৰেষ্ঠ কৰিব নোৱাৰি বুলি টিপ্পনী কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহেও৷ কিয়নো, অসমত হিতাধিকাৰী সজাই চমক সৃষ্টি কৰি মৌলিক বিষয়বোৰ, ৰাজ্যৰ ব্যৱস্থাগত দুৰ্বলতাবোৰ ঢাকি ৰাখিব খোজাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাই প্ৰকাশিত এই প্ৰতিবেদনসমূহতে ৰাজ্যৰ বিকাশ আৰু উন্নতিৰ ফোপোলা স্বৰূপটোকে উন্মোচন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু