--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বহু প্ৰত্যাশিত বিশ্বকাপ ২০২৩ ছেমি ফাইনেলৰ বাবে ৱানখেড়ে ষ্টেডিয়ামত ভিন্ন তাৰকাৰে জিলিকি থকা সময়ত এক উল্লেখযোগ্য উপস্থিতি আছিল হাৰ্দিক পাণ্ডিয়াৰ। স্বকীয় নীলা জাৰ্চি পিন্ধি তেওঁ গেলাৰীৰ পৰাই সতীৰ্থসকলক সমৰ্থন আগবঢ়াইছিল। এই বহুমুখী অল ৰাউণ্ডাৰগৰাকীয়ে পুনেত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থাকোঁতে গোৰোহাত আঘাত পাইছিল আৰু এই আঘাতৰ বাবে এইবাৰৰ প্ৰতিযোগিতাখনৰ পৰা বাদ পৰাৰ পাছত হতাশাৰ সন্মুখীন হৈছিল হাৰ্দিক। 

কিন্তু ছেমি ফাইনেলৰ দিনা তেওঁ আকস্মিকভাৱে কেমেৰাত বন্দী হয়। গেলাৰীত বহি নাৰিকল পানী খাই থকা আৰু টুপী পিন্ধি থকাৰ ফটো ভাইৰেল হৈ পৰে হাৰ্দিক পাণ্ডিয়াৰ। এই স্নেপশ্বটটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিল আৰু মিম আৰু কৌতুকৰ বিষয় হৈ পৰিছে

হাস্যৰসেৰে ভৰপূৰ মিমবোৰে ইণ্টাৰনেটত ধুমুহা আনিছে। অৱশ্যে এই ছবিৰে স্বাস্থ্য সচেতন হাৰ্ডিক পাণ্ডিয়াৰ ৰূপটোও দেখা পালে অনুৰাগীয়ে। হাতত কল্ড ড্ৰিংকছ নলৈ তেওঁ যে নাৰিকলৰ পানী খাইছে তাতে হাৰ্ডিকৰ স্বাস্থ্য সচেতনতা ওলাই পৰিছে।
নাৰিকল পানী যে শৰীৰৰ বাবে বৰ উপকাৰী সেয়া হাৰ্ডিকে বুজাই দিলে বুলি মন্তব্য কৰিছে একাংশই।

উল্লেখ্য যে প্ৰথম অৱস্থাত আঘাতৰ বাবে পাণ্ডিয়াৰ অনুপস্থিতিয়ে সকলোকে দুখ দিছিল যদিও তেনে সময়তে মহম্মদ শ্বামী ত্ৰাণকৰ্তাৰ ৰূপত ওলাই আহিল। নিউজিলেণ্ডৰ এই সংঘৰ্ষৰ বাবে প্লেয়িং একাদশত পলমকৈ সংযোজন হোৱা ছামিয়ে পাঁচ উইকেটৰ ঐতিহাসিক হাৰ মুকলি কৰি দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ শক্তিলৈ ৰূপান্তৰিত হয়। হঠাতে প্ৰথমতে বিপৰ্যয়ৰ সৃষ্টি হোৱা পাণ্ডিয়াৰ আঘাতক এতিয়া ভাৰতৰ বাবে ভাগ্যৰ ষ্ট্ৰ’ক হিচাপে গণ্য কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক