--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বহু প্ৰত্যাশিত বিশ্বকাপ ২০২৩ ছেমি ফাইনেলৰ বাবে ৱানখেড়ে ষ্টেডিয়ামত ভিন্ন তাৰকাৰে জিলিকি থকা সময়ত এক উল্লেখযোগ্য উপস্থিতি আছিল হাৰ্দিক পাণ্ডিয়াৰ। স্বকীয় নীলা জাৰ্চি পিন্ধি তেওঁ গেলাৰীৰ পৰাই সতীৰ্থসকলক সমৰ্থন আগবঢ়াইছিল। এই বহুমুখী অল ৰাউণ্ডাৰগৰাকীয়ে পুনেত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলখনত বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থাকোঁতে গোৰোহাত আঘাত পাইছিল আৰু এই আঘাতৰ বাবে এইবাৰৰ প্ৰতিযোগিতাখনৰ পৰা বাদ পৰাৰ পাছত হতাশাৰ সন্মুখীন হৈছিল হাৰ্দিক। 

কিন্তু ছেমি ফাইনেলৰ দিনা তেওঁ আকস্মিকভাৱে কেমেৰাত বন্দী হয়। গেলাৰীত বহি নাৰিকল পানী খাই থকা আৰু টুপী পিন্ধি থকাৰ ফটো ভাইৰেল হৈ পৰে হাৰ্দিক পাণ্ডিয়াৰ। এই স্নেপশ্বটটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিল আৰু মিম আৰু কৌতুকৰ বিষয় হৈ পৰিছে

হাস্যৰসেৰে ভৰপূৰ মিমবোৰে ইণ্টাৰনেটত ধুমুহা আনিছে। অৱশ্যে এই ছবিৰে স্বাস্থ্য সচেতন হাৰ্ডিক পাণ্ডিয়াৰ ৰূপটোও দেখা পালে অনুৰাগীয়ে। হাতত কল্ড ড্ৰিংকছ নলৈ তেওঁ যে নাৰিকলৰ পানী খাইছে তাতে হাৰ্ডিকৰ স্বাস্থ্য সচেতনতা ওলাই পৰিছে।
নাৰিকল পানী যে শৰীৰৰ বাবে বৰ উপকাৰী সেয়া হাৰ্ডিকে বুজাই দিলে বুলি মন্তব্য কৰিছে একাংশই।

উল্লেখ্য যে প্ৰথম অৱস্থাত আঘাতৰ বাবে পাণ্ডিয়াৰ অনুপস্থিতিয়ে সকলোকে দুখ দিছিল যদিও তেনে সময়তে মহম্মদ শ্বামী ত্ৰাণকৰ্তাৰ ৰূপত ওলাই আহিল। নিউজিলেণ্ডৰ এই সংঘৰ্ষৰ বাবে প্লেয়িং একাদশত পলমকৈ সংযোজন হোৱা ছামিয়ে পাঁচ উইকেটৰ ঐতিহাসিক হাৰ মুকলি কৰি দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ শক্তিলৈ ৰূপান্তৰিত হয়। হঠাতে প্ৰথমতে বিপৰ্যয়ৰ সৃষ্টি হোৱা পাণ্ডিয়াৰ আঘাতক এতিয়া ভাৰতৰ বাবে ভাগ্যৰ ষ্ট্ৰ’ক হিচাপে গণ্য কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক