ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ ক্ৰমাৎ তীব্ৰ হ’বলৈ ধৰাৰ সময়তে কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলে অৱলম্বন কৰিছে ন ন কৌশল। ইতিমধ্যেই দীঘলীয়া কাৰ্যসূচী লৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশৰ সাংসদসকলৰ সৈতে ভাগে ভাগে চলিছে মোদীৰ বৈঠক। ইটোৰ পাছত সিটো প্ৰকল্পৰে চমক দিয়াৰ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
২০২২ চনত দেশৰ ৫ খন ৰাজ্যত আছে বিধানসভা নিৰ্বাচন। সেই ৰাজ্যকেইখন হ’ল- উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ৷ এই ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰই লক্ষ্য কৰি লৈছে, কিয়নো উত্তৰ প্ৰদেশ বিধানসভাত মুঠ ৪০৩ টা সমষ্টি আছে৷ নিশ্চিতভাৱে বিজেপি চৰকাৰৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ওপৰত যে শেন চকু আছে সেইটো নিশ্চিত৷ উত্তৰ প্ৰদেশত মহিলা ভোটাৰক এক শক্তি হিচাপে বিবেচনা কৰিছে বিজেপি দলে। ৰাজ্যখনত মহিলা ভোটাৰৰ সংখ্যা ৬.৩ কোটি। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য ২১ ডিচেম্বৰ,মঙলবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
মহিলা ভোটাৰক আকৰ্ষিত কৰা বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ বিভিন্ন আত্মসহায়ক গোটৰ বেংক একাউণ্টলৈ ১,০০০ কোটি টকা প্ৰেৰণ কৰে। ইয়াৰ দ্বাৰা প্ৰায় ১৬ লাখ মহিলা উপকৃত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মুখ্যমন্ত্ৰী কন্যা সুমংগলা আঁচনিৰ ১ লাখৰো অধিক হিতাধিকাৰীলৈ ২০ লাখ কোটি টকা স্থানান্তৰ কৰে, এই আঁচনিয়ে কন্যা সন্তানক সহায় আগবঢ়াব বুলি তেওঁ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে "প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত উত্তৰ প্ৰদেশত ৩০ লাখতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। মহিলাৰ নামত প্ৰায় ২৫ লাখ ঘৰ পঞ্জীয়ন কৰা হৈছে। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি মহিলাসকলৰ ইয়াত কোনো সম্পত্তি নাছিল। কিন্তু আজি তেওঁলোক গোটেই ঘৰটোৰ গৰাকী। এয়াই হৈছে প্ৰকৃত মহিলা সবলীকৰণ।" তেওঁ নাৰীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি কয় "আমি এইটো সিদ্ধান্ত ল'লো কিয়নো নাৰীয়ে তেওঁলোকৰ পঢ়া-শুনা আগবঢ়াই নিব বিচাৰে আৰু নিজৰ ভৰিত নিজে থিয় দিবলৈ বিচাৰে। ইয়াৰ উপৰিও মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ৭০% ঋণ মহিলাসকলক বিতৰণ কৰা হৈছে।"
উল্লেখযোগ্য যে উত্তৰ প্ৰদেশলৈ গৈ মহিলাসকলৰ প্ৰতি ইমান দৰদ ওপজা প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া এক নতুন নাটকৰ কৌশল বুলি গণ্য কৰিছে বিৰোধীয়ে। উত্তৰ প্ৰদেশত নাৰীক ভোগৰ সামগ্ৰী হিচাপে গণ্য কৰা হয়। এই ৰাজ্যত নাৰীজনিত কিমান অপৰাধ সংঘটিত হয় তাৰ কোনো লেখ-জোখ নাই। এতিয়াও তাৰ অধিকাংশ নাৰীয়ে নিজৰ মুখ ওৰণিৰে ঢাকি ৰাখিবলগীয়া হয়। এক অৰ্থত উত্তৰ প্ৰদেশত নাৰীৰ স্থান অতি নিম্ন। তাত ধৰ্ষণ, গাৰ্হ্যস্থ হিংসা, যৌন নিৰ্যাতন আদিৰ সংখ্যাই প্ৰতিবাৰেই অভিলেখ গঢ়ে।
সমগ্ৰ দেশক জোকাৰি যোৱা ২০২০ বৰ্ষৰ হাথৰাছ ধৰ্ষণকাণ্ড উত্তৰ প্ৰদেশৰ এক ক'লা অধ্যায়। তাত নাৰীৰ স্থান ইমানেই অৱনমিত যে ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটা যুৱতীগৰাকীৰ মৃতদেহটোক আৰক্ষীয়ে পৰিয়ালৰ লোকে গম নোপোৱাকৈ এক নিৰ্জন স্থানলৈ নি জ্বলাই দিছিল। এই সম্পৰ্কে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হ'ল। কিন্তু প্ৰধানমন্ত্ৰী মোদী ইমান ডাঙৰ এটা ঘটনাত নীৰৱ হৈ থাকিল। তেওঁ আনকি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ঘটনাটোৰ তদন্ত ক্ষীপ্ৰভাৱে কৰিবলৈ বা অপৰাধী যাতে সাৰি নাযায় তাৰ ব্যৱস্থা কৰিবলৈ এটা নিৰ্দেশো প্ৰদান নকৰিলে। সেই প্ৰধানমন্ত্ৰীৰে এতিয়া উত্তৰ প্ৰদেশৰ নাৰীৰ প্ৰতি হঠাৎ জাগি উঠা প্ৰীতি কেৱলমাত্ৰ নিৰ্বাচনী টোপ সেয়া সকলোৱে বুজি উঠিছে।উত্তৰ প্ৰদেশত পুনৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ দলটোৱে সকলো ফালৰ পৰাই ৰণনীতি প্ৰস্তুত কৰি তুলিছে কিয়নো কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰতো আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ ধৰা দিছে।
আৰু পঢ়কঃ দৰা জাৰ্মানীৰ, কইনা ৰাছিয়াৰ; গুজৰাটত হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে পাতিলে বিয়া