--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পাছতেই বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ভাৰতীয় অৰ্থনীতিত। কেৱল মাত্ৰ ভাৰতীয় অৰ্থনীতিয়েই নহয়, বিশ্বৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰতো ষ্টকৰ মূল্য হোৰাহোৰে কমিছে। ভাৰতীয় শ্বেয়াৰ বজাৰ অভাৱনীয়ভাৱে স্খলন হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিনিয়োগকাৰীৰ মাজত। ৫৭,২৩২.০৬ পইন্টৰ ছেনচেক্সত যুদ্ধৰ পূৰ্বৰ দিনা অৰ্থাৎ ২৩ তাৰিখে বজাৰ বন্ধ হৈছিল। কিন্তু ভাৰতীয় শ্বেয়াৰ মাৰ্কেট খোলাৰ পূৰ্বেই আৰম্ভ হোৱা যুদ্ধৰ প্ৰভাৱত ২৪ তাৰিখে পুৱা ছেনচেক্স ৫৫,৪১৮.৪৫ পইন্টৰ পৰা আৰম্ভ হ’ল। অৰ্থাৎ মাত্ৰ এটা ৰাতিৰ ভিতৰতেই ছেনচেক্স ১৮১৩.৬১ পইণ্টৰ অৱনমিত হ’ল। আনফালে ১৭,০৬৩.২৫ পইণ্টত ২৩ তাৰিখে সমাপ্ত হোৱা নিফটি এটা নিশাৰ ভিতৰতেই ১৬,৫৪৮.৯০ পইণ্টলৈ নামি আহিল। এটা নিশাৰ ভিতৰতেই নিফটি ৫১৪ পইণ্ট তললৈ নামিল। ভাৰতীয় বিনিয়োগকাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ আটাইতকৈ লাভজনক কোম্পানীৰ ষ্টকৰ মূল্য হঠাতে কমি যোৱাত স্তম্ভিত হৈ পৰিছে সকলো। বহুতেই শ্বেয়াৰ মাৰ্কেটত নিজৰ হোল্ডিং এৰিব বিচাৰিছে। যাৰ বাবে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত ব্যাপক অস্থিৰতা দেখা গৈছে। ২৪ তাৰিখৰ পৰা প্ৰায় সংখ্যক শ্বেয়াৰতেই high volatility অব্যাহত আছে। ইতিমধ্যে ভাৰতৰ শ্বেয়াৰ মাৰ্কেট সন্দৰ্ভত বিভিন্নজন অৰ্থনীতিবিদে মন্তব্য আগবঢ়াইছে। অৰ্থনীতিবিদ অৰবিন্দ সাংগাৰে ভাৰতীয় বিনিয়োগকাৰীসকলক শ্বেয়াৰ মাৰ্কেট সন্দৰ্ভত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ষথেষ্ট সাৱধান হ’বলৈ আহ্বান জনাইছে। একেদৰে হীৰেন বেদেও বিনিয়োগকাৰীসকলক ষ্টক বিক্ৰীৰ ক্ষেত্ৰত লৰাধপৰা নকৰিবলৈ আহ্বান জনাইছে। সৌৰভ মুখাৰ্জীৰ মতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ কোনো সুযোগ বা আশংকা নহয়। তেওঁ বিনিয়োগকাৰীসকলক ভাৰতীয় অৰ্থনীতিত বিনিয়োগ কৰাৰ আহ্বান জনাইছে। আনফালে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ষ্টকৰ মূল্য কমি আহিছে। বিভিন্ন লাভদায়ক কোম্পানী যেনে মাইক্ৰ’ছফট, গুগুল, ফেচবুক, এপল আদিৰ ষ্টক মূল্যও কমি আহিছে। এটা নিশাৰ ভিতৰত বিটকইনৰ মূল্য ৮১ হাজাৰ ১১৩ টকা কমিল। যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য আৰু ইন্ধনজাত সামগ্ৰীৰ দামবৃদ্ধি পাব বুলি বিভিন্ন অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে। ইয়াৰোপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও আকাশলংঘী হ’ব বুলি প্ৰকাশ পাইছে। বিশ্বৰ অৰ্থনীতিত কমডিটিৰ বজাৰখনতো ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধখনে প্ৰভাৱ পেলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক