--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পাছতেই বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ভাৰতীয় অৰ্থনীতিত। কেৱল মাত্ৰ ভাৰতীয় অৰ্থনীতিয়েই নহয়, বিশ্বৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰতো ষ্টকৰ মূল্য হোৰাহোৰে কমিছে। ভাৰতীয় শ্বেয়াৰ বজাৰ অভাৱনীয়ভাৱে স্খলন হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিনিয়োগকাৰীৰ মাজত। ৫৭,২৩২.০৬ পইন্টৰ ছেনচেক্সত যুদ্ধৰ পূৰ্বৰ দিনা অৰ্থাৎ ২৩ তাৰিখে বজাৰ বন্ধ হৈছিল। কিন্তু ভাৰতীয় শ্বেয়াৰ মাৰ্কেট খোলাৰ পূৰ্বেই আৰম্ভ হোৱা যুদ্ধৰ প্ৰভাৱত ২৪ তাৰিখে পুৱা ছেনচেক্স ৫৫,৪১৮.৪৫ পইন্টৰ পৰা আৰম্ভ হ’ল। অৰ্থাৎ মাত্ৰ এটা ৰাতিৰ ভিতৰতেই ছেনচেক্স ১৮১৩.৬১ পইণ্টৰ অৱনমিত হ’ল। আনফালে ১৭,০৬৩.২৫ পইণ্টত ২৩ তাৰিখে সমাপ্ত হোৱা নিফটি এটা নিশাৰ ভিতৰতেই ১৬,৫৪৮.৯০ পইণ্টলৈ নামি আহিল। এটা নিশাৰ ভিতৰতেই নিফটি ৫১৪ পইণ্ট তললৈ নামিল। ভাৰতীয় বিনিয়োগকাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ আটাইতকৈ লাভজনক কোম্পানীৰ ষ্টকৰ মূল্য হঠাতে কমি যোৱাত স্তম্ভিত হৈ পৰিছে সকলো। বহুতেই শ্বেয়াৰ মাৰ্কেটত নিজৰ হোল্ডিং এৰিব বিচাৰিছে। যাৰ বাবে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত ব্যাপক অস্থিৰতা দেখা গৈছে। ২৪ তাৰিখৰ পৰা প্ৰায় সংখ্যক শ্বেয়াৰতেই high volatility অব্যাহত আছে। ইতিমধ্যে ভাৰতৰ শ্বেয়াৰ মাৰ্কেট সন্দৰ্ভত বিভিন্নজন অৰ্থনীতিবিদে মন্তব্য আগবঢ়াইছে। অৰ্থনীতিবিদ অৰবিন্দ সাংগাৰে ভাৰতীয় বিনিয়োগকাৰীসকলক শ্বেয়াৰ মাৰ্কেট সন্দৰ্ভত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ষথেষ্ট সাৱধান হ’বলৈ আহ্বান জনাইছে। একেদৰে হীৰেন বেদেও বিনিয়োগকাৰীসকলক ষ্টক বিক্ৰীৰ ক্ষেত্ৰত লৰাধপৰা নকৰিবলৈ আহ্বান জনাইছে। সৌৰভ মুখাৰ্জীৰ মতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ কোনো সুযোগ বা আশংকা নহয়। তেওঁ বিনিয়োগকাৰীসকলক ভাৰতীয় অৰ্থনীতিত বিনিয়োগ কৰাৰ আহ্বান জনাইছে। আনফালে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ষ্টকৰ মূল্য কমি আহিছে। বিভিন্ন লাভদায়ক কোম্পানী যেনে মাইক্ৰ’ছফট, গুগুল, ফেচবুক, এপল আদিৰ ষ্টক মূল্যও কমি আহিছে। এটা নিশাৰ ভিতৰত বিটকইনৰ মূল্য ৮১ হাজাৰ ১১৩ টকা কমিল। যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য আৰু ইন্ধনজাত সামগ্ৰীৰ দামবৃদ্ধি পাব বুলি বিভিন্ন অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে। ইয়াৰোপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও আকাশলংঘী হ’ব বুলি প্ৰকাশ পাইছে। বিশ্বৰ অৰ্থনীতিত কমডিটিৰ বজাৰখনতো ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধখনে প্ৰভাৱ পেলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক