ডিজিটেল ডেস্ক : নাটো। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত এই নামটো ব্যাপকভাৱে চৰ্চিত হৈছে। আমেৰিকা-ইংলেণ্ডৰ নেতৃত্বত গঠন হোৱা এই বিশেষ বাহিনীক লৈয়েই এই সংঘাতৰ সূত্ৰপাত হোৱা বুলি চৰ্চা চলিছে। ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাত কোনো নতুন কথা নহয় যদিও কিহৰ বাবে চুবুৰীয়া দেশখনত ৰাছিয়াই আক্ৰমণ কৰিবলীয়া অৱস্থাৰ সৃষ্টি হ’ল সেই প্ৰশ্নৰ উত্তৰত নাটোৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে। কিন্তু নাটোনো কি? তেওঁলোকৰ মূল উদ্দেশ্য কি? ৰাছিয়াৰ সৈতে সংঘাত কি নাটোৰ?
নাটো হৈছে এটা সন্মিলিত সামৰিক বাহিনী। ১৯৪৯ চনত ১২খন দেশক লৈ এই বাহিনী গঠন কৰা হৈছিল। য’ত আছে আমেৰিকা, ইংলেণ্ড, ফ্ৰান্সৰ দৰে অতি শক্তিশালী দেশসমূহ। নাটোৰ সম্পূৰ্ণ নাম হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেচন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছ’ভিয়েট ইউনিয়নৰ পৰা অহা ভাবুকি প্ৰতিহত কৰাৰ বাবে নাটো বাহিনী গঠন কৰা হৈছিল। ইউনিয়ন অব ছ’ভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকে নাটোক প্ৰত্যুত্তৰ দিয়াৰ বাবে ১৯৫৫চনতে গঠন কৰিছিল নিজা সামৰিক মিত্ৰ বাহিনী। ৱাৰশ্ব’ পেক্ট নামেৰে চিহ্নিত এই বাহিনী ১৯৯০ চনত ছ’ভিয়েট ইউনিয়নৰ পতনৰ পাছতে ভংগ হৈ পৰে আৰু তাৰ পাছত বহু ৱাৰশ্ব’ পেক্টৰ দেশে নাটোত যোগদান কৰে।
এতিয়া নাটোত মুঠ ৩০খন দেশ সদস্য হৈ আছে। কোনো সদস্য দেশৰ ওপৰত হোৱা বহিঃআক্ৰমণ প্ৰতিহত কৰাৰ বাবে এই বাহিনী সদা-সষ্টম হৈ থাকে। নাটোৰ মুখ্য কাৰ্যালয় আছে বেলজিমায়মৰ ব্ৰাছেলছত। নাটো বাহিনীত ২৭খন ইউৰোপীয় দেশৰ লগতে ২খন উত্তৰ আমেৰিকাৰ দেশ সদস্য হিচাপে আছে।
এতিয়া ইউক্ৰেইন ৰাছিয়াৰ সংঘাতৰ বাবে নাটো কিদৰে জগৰীয়া সেই প্ৰশ্নলৈ আহিছোঁ। ৰাছিয়াৰ চুবুৰীয়া দেশ, যিখন এসময়ত আছিল ছ’ভিয়েট ইউনিয়নৰ অংশীদাৰ, তেওঁলোক এতিয়া চামিল হ’ব বিচাৰিছে নাটোত। ৰাছিয়াৰ আনুগত্য ত্যাগ কৰি নাটোত চামিল হ’ব বিচৰাটো স্বাভাৱিকতে সহজভাৱে ল’ব পৰা নাই ৰাছিয়াই। ইউক্ৰেইন নাটোত চামিল হোৱাৰ লগে লগে কৌশলগতভাৱে আমেৰিকা, ইংলেণ্ড বা ফ্ৰান্সৰ দৰে দেশৰ ওচৰত পিছ পৰি যাব ৰাছিয়া। কিয়নো, ইউক্ৰেইনক নাটোত যোগদান কৰোৱাই এইসমূহ দেশে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব ৰাছিয়াৰ ওপৰত। যিটো কথাক সহজভাৱে গ্ৰহণ কৰা নাই ৰাছিয়াই। আৰু ইউক্ৰেইনক নিৰস্ত্ৰ কৰিবলৈকে এই সামৰিক অভিযান চলোৱা বুলি ভবা হৈছে।
মন কৰিবলগীয়া কথাটো হৈছে যে, ইউক্ৰেইনক ব্যৱহাৰ কৰি ৰাছিয়াৰ বিৰুদ্ধে কূটনৈতিক যুঁজ চলোৱা আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে এতিয়া পিছ হুঁহকি যোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত যুদ্ধক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছে তুলনামূলকভাৱে দুৰ্বল ইউক্ৰেইন।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি Volodymyr Zelenskyয়ে আক্ষেপেৰে কৈছে যে, শক্তিধৰ ৰাষ্ট্ৰসমূহে এতিয়া দেশখনক অকলশৰীয়া কৰি তুলিছে আৰু দূৰৈৰ পৰাই সকলো চাই আছে। তেওঁ কয়, ইউক্ৰেইনক নাটোৰ সদস্যপদ দিয়াৰ ক্ষেত্ৰতো এই দেশসমূহ নীৰৱ। তেওঁ কয় যে, মই আডি ২৭খন ইউৰোপীয় দেশৰ নেতাৰ সৈতে কছা পাতিছোঁ কিন্তু আমাক নাটোৰ সদস্যপদ দিয়াৰ ক্ষেত্ৰত তেওঁলোক নীৰৱ? তেওঁলোক সকলো ভীত, প্ৰশ্নৰ উত্তৰ কোনেও দিয়া নাই। মন কৰিবলগীয়া যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াক সকীয়াই দি কৈছে যে, নাটোৰ হাতত যে পাৰমাণৱিক অস্ত্ৰ আছে সেইকথা ৰাছিয়াই পাহৰি যোৱা উচিত নহয়। কিন্তু যুদ্ধক্ষেত্ৰত ননমাকৈ বা ইউক্ৰেইন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহন নকৰাকৈ দি থকা এনেবোৰ সকীয়নিয়ে সংকটৰ সন্মুখীন হোৱা ইউক্ৰেইনক যে বৰ বিশেষ সহায় নকৰে সেয়া স্পষ্ট হৈ পৰিছে।