--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছত কি হয় সেই বিষয়ে সকলোতে চৰ্চা হৈ আহিছে। মানুহৰ মৃত্যুৰ পাছত কি হয় কোনেও নাজানে, যদিও কেতিয়াবা মানুহে মৃত্যুৰ পাছত পুনৰ জীৱিত হৈ ‘মৃত’ অৱস্থাত অনুভৱ কৰা কথাবোৰ বৰ্ণনা কৰাৰ উদাহৰণ মাজে-সময়ে পোৱা যায়।  মৃত্যু হোৱাৰ ২৭ মিনিটৰ পাছত পুনৰ জীৱিত হৈ উঠিল এগৰাকী মহিলা। 

হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ চিকিৎসালয়ত মৃত্যু ঘটিছিল মহিলাগৰাকীৰ। মহিলাগৰাকী আমেৰিকাৰ এৰিজোনাৰ বাসিন্দা টিনা হাইনছ। চাৰিটা সন্তানৰ মাতৃ টিনাই পুনৰ জীৱন পোৱাৰ পাছত হাস্পতালৰ বিচনাতে থাকি পৰিয়ালৰ লোকক কাগজ-কলম আনিবলৈ ইংগিত দিয়ে। সেই কাগজত টিনাই স্পষ্টকৈ লিখিলে- ‘এয়া বাস্তৱ।’(It is real)

পৰিয়ালৰ লোকে টিনাক সুধে যে ‘এয়া বাস্তৱ’ বুলি তেওঁ কি ক’ব বিচাৰিছে। তেতিয়া টিনাই লিখে যে ‘স্বৰ্গ সঁচাই আছে’(Heaven is real)

সুস্থ হৈ উঠাৰ পাছত টিনাই দাবী কৰে যে তেওঁৰ মৃত্যুৰ পাছত তেওঁ স্বৰ্গ দেখা পাইছিল আৰু তেওঁ যীশুকো দেখা পাইছিল।

টিনাই কৈছিল “যীশু যত থিয় হৈ আছিল তাৰ ঠিক পিছফালে এক অবিশ্বাস্য জিলিকনি আছিল। সেই জিলিকনি আটাইতকৈ স্পন্দনশীল আৰু ধুনীয়া উজ্জ্বল হালধীয়া আছিল। ঈশ্বৰে মোৰ জীৱনটো এক অলৌকিকতাৰে ৰক্ষা কৰিবলৈ বাছি লৈছিল, তেওঁৰ দয়া, মংগল আৰু প্ৰেম দেখুৱাবলৈ। ২৭ মিনিট মোৰ উশাহ বন্ধ কৰি মোক পুনৰ জীৱনৰ উশাহ দিলে ঈশ্বৰে। তেওঁ মোক তেওঁৰ সুন্দৰ সৌন্দৰ্য্য আৰু প্ৰেমৰ বিষয়ে জনাবলৈ অনুমতি দিছিল।’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ