--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ জনপ্ৰিয় গায়ক মিকা সিং(Mika Singh)। মিকা সিঙে নিজৰ জীৱন সংগী নিৰ্বাচন কৰি উলিয়াইছে। ষ্টাৰ ভাৰত চেনেল যোগে সম্প্ৰচাৰিত মিকাৰ সয়ম্বৰ অনুষ্ঠান 'Swayamvar: Mika Di Vohti'ৰ বিজয়ী আকাংক্ষা পুৰীক কইনা হিচাপে নিৰ্বাচন কৰিলে মিকাই। বিশেষ বন্ধুৰ পৰা জীৱনৰ বিশেষ হৈ পৰিল মিকা সিং আৰু আকাংক্ষা পুৰী। সয়ম্বৰ শ্ব’ত মিকা সিঙে তেওঁৰ বেষ্ট ফ্ৰেণ্ড আকাংক্ষা পুৰীক কইনা হিচাপে বাছি লোৱা বুলি নিজে সদৰী কৰে। সয়ম্বৰ শ্ব’তে গঢ়ি উঠা আকাংক্ষা পুৰী আৰু মিকা সিঙৰ বন্ধুত্ব এতিয়া নতুন সম্পৰ্কলৈ ৰূপান্তৰিত হৈছে। মিকা সিঙৰ এই সিদ্ধান্তত আকাংক্ষাৰ সুখৰ সীমা নোহোৱা হৈছে। কিন্তু আপুনি জানেনে যে মিকা সিঙৰ হ'বলগীয়া পত্নী আকাংক্ষা পুৰী এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী মডেল। 

৩৪ বছৰীয়া আকাংক্ষা পুৰী বাস্তৱ জীৱনত অতি গ্লেমাৰাছ। আনকি সয়ম্বৰ শ্ব’তো আকাংক্ষাই নিজৰ ষ্টাইল ষ্টেটমেন্ট আৰু ড্ৰেছিং চেন্সেৰে সকলোকে আপ্লুত কৰিছে। পৰম্পৰাগতৰ পৰা পশ্চিমীয়ালৈকে আকাংক্ষা পুৰীয়ে প্ৰতিটো লুকত নিজক অতি সুন্দৰকৈ উজলাই তুলে। আকাংক্ষা পুৰী ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ ১.৪মিলিয়ন ফ’ল’ৱাৰ আছে। আকাংক্ষাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালে তেওঁৰ অধিক গ্লেমাৰাছ ফটো দেখা পাব, য’ৰ পৰা আপোন চকু আঁতৰাই অনা কঠিন হ'ব।

ধুনীয়া আকাংক্ষা পুৰীৰ ষ্টাইল ষ্টেটমেন্ট আৰু ফেশ্বন চেন্সে অনুৰাগীক বৰকৈ আকৰ্ষণ কৰে। শাৰীয়ে হওক, লেহেংগা হওক, চুটেই হওক বা ছুপাৰ চিজলিং ড্ৰেছেই হওক, আকাংক্ষাক সকলো ড্ৰেছতে বৰ ধুনীয়া লাগে। 

ফেশ্বন দিভা আকাংক্ষা পুৰীয়ে দক্ষিণ চলচ্চিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০১৫ চনত কেলেণ্ডাৰ গাৰ্লছৰ জৰিয়তে বলীউডত অভিষেক ঘটায়।

চলচ্চিত্ৰৰ উপৰি জনপ্ৰিয় টিভি শ্ব’ 'বিঘ্নহৰ্তা গণেশ'তো দেৱী পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল আকাংক্ষা পুৰীয়ে। দেৱী পাৰ্বতীৰ চৰিত্ৰত আকাংক্ষাক সকলোৱে বৰ পচন্দ কৰিছিল।
 
আকাংক্ষাৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে তেওঁ বিগ বছ ১৩ ফেম পাৰশ ছাব্ৰাৰ প্ৰাক্তন প্ৰেমিকা। শ্ব’টোৰ সময়ত পাৰশ আৰু আকাংক্ষাৰ মাজত বহুত ভুল বুজাবুজি হৈছিল, তাৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। অৱশেষত মিকা সিঙৰ মাজত নিজৰ হ’বলগীয়া স্বামীৰ ছবিখন দেখা পাইছে আকাংক্ষাই।

মিকাই সয়ম্বৰ শ্ব’ত আকাংক্ষা পুৰীক কইনা হিচাপে বাছি লৈছে যদিও ৪৫ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে এতিয়ালৈকে বিবাহপাশত আবদ্ধ হোৱা নাই। তেওঁ কেৱল আকাংক্ষাক খাৰু আৰু মালা পিন্ধাই নিজৰ সংগী বাছনি কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া অনুৰাগীসকলে মাত্ৰ সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া মিকা সিং আৰু আকাংক্ষা পুৰী ইজনে সিজনৰ লগত বিবাহপাশত আবদ্ধ হৈ চিৰদিনৰ বাবে দুয়ো এক হৈ পৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ