--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্পৰেট খণ্ডৰ টাৰ্গেট পূৰণৰ হেঁচাত  অতিষ্ঠ হৈ কৰ্মচাৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি প্ৰায়ে শিৰোনাম দখল কৰা পৰিলক্ষিত হয়৷ শেহতীয়াকৈ ইউ পিৰ ঝাঁচীৰ এটা ফাইনেন্স কোম্পানীৰ এগৰাকী এলেকা মেনেজাৰে আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে 

জানিব পৰামতে নৱাবাদ থানাৰ অন্তৰ্গত গুমনাৱাৰা পিচোৰৰ বাসিন্দা ৪২ বছৰীয়া তৰুণ ছাক্সেনাই এটা ফাইনেন্স কোম্পানীত এৰিয়া মেনেজাৰ হিচাপে কাৰ্মৰত আছিল। এগৰাকী কন্যা আৰু পুত্ৰ সন্তানৰ পিতৃ তৰুণ ছাক্সেনা। ৩০ ছেপ্টেম্বৰ পুৱা কামকৰা মহিলাগৰাকী কাম কৰিবলৈ আহি তৰুণ ছাক্সেনাক এটা কোঠাত ওলমি থকা দেখি পৰিয়ালটোক খবৰ দিয়ে। দৃশ্য দেখি হতভম্ব হৈ পৰে পৰিয়ালৰ লোক।আভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়, আৰক্ষীক খবৰ দিয়া পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো জিম্মাত লয়৷

প্ৰাপ্ত তথ্য অনুসৰি মৃতদেহটোৰ সমীপত উদ্ধাৰ হৈছে ৫ পৃষ্ঠাৰ এখন ছুইচাইড নোট৷ বিগত দুটা মাহ ধৰি কোম্পানীটোৰ বিষয়াসকলে তেওঁক গ্ৰাহকৰ অনাদায় ঋণৰ ধন সংগ্ৰহ কৰিবলৈ বান্ধি দিয়া তাৰ্গেট পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। আৰু তাৰ্গেট পূৰণ নহ’লে দৰমহা কৰ্তনৰ ভাবুকি প্ৰদান কৰিছিল।আৰু  এইবিলাকৰ পৰা বিৰক্ত হৈ তেওঁ আত্মহত্যাৰ সিদ্ধান্ত ল’লে। বুলি পাঁচ পৃষ্ঠাৰ ছুইচাইড নোটত উল্লে কৰি গৈছে৷ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আত্মহত্যা কৰাৰ পূৰ্বে মৃত তৰুণে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোম্পানীটোৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল বুলি জানিব পৰা গাছে৷এনে পৰিস্থিতিত প্ৰশ্ন হয়, সেই সময়ত কি হৈছিল যাৰ বাবে তৰুণ ছাক্সেনাই আত্মহত্যা পথ বাছি ল’বলৈ বাধ্য হয়৷ প্ৰশ্ন হয় এনেদৰে টাৰ্গেট পূৰণৰ হেঁচাত কিমান জন তৰুণ ছাক্সেনাই জীৱন ত্যাগ কৰিব? কৰ্পৰেট গোষ্ঠীৰ বিষয়া সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ