--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্পৰেট খণ্ডৰ টাৰ্গেট পূৰণৰ হেঁচাত  অতিষ্ঠ হৈ কৰ্মচাৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি প্ৰায়ে শিৰোনাম দখল কৰা পৰিলক্ষিত হয়৷ শেহতীয়াকৈ ইউ পিৰ ঝাঁচীৰ এটা ফাইনেন্স কোম্পানীৰ এগৰাকী এলেকা মেনেজাৰে আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ 

জানিব পৰামতে নৱাবাদ থানাৰ অন্তৰ্গত গুমনাৱাৰা পিচোৰৰ বাসিন্দা ৪২ বছৰীয়া তৰুণ ছাক্সেনাই এটা ফাইনেন্স কোম্পানীত এৰিয়া মেনেজাৰ হিচাপে কাৰ্মৰত আছিল। এগৰাকী কন্যা আৰু পুত্ৰ সন্তানৰ পিতৃ তৰুণ ছাক্সেনা। ৩০ ছেপ্টেম্বৰ পুৱা কামকৰা মহিলাগৰাকী কাম কৰিবলৈ আহি তৰুণ ছাক্সেনাক এটা কোঠাত ওলমি থকা দেখি পৰিয়ালটোক খবৰ দিয়ে। দৃশ্য দেখি হতভম্ব হৈ পৰে পৰিয়ালৰ লোক।আভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়, আৰক্ষীক খবৰ দিয়া পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো জিম্মাত লয়৷

প্ৰাপ্ত তথ্য অনুসৰি মৃতদেহটোৰ সমীপত উদ্ধাৰ হৈছে ৫ পৃষ্ঠাৰ এখন ছুইচাইড নোট৷ বিগত দুটা মাহ ধৰি কোম্পানীটোৰ বিষয়াসকলে তেওঁক গ্ৰাহকৰ অনাদায় ঋণৰ ধন সংগ্ৰহ কৰিবলৈ বান্ধি দিয়া তাৰ্গেট পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। আৰু তাৰ্গেট পূৰণ নহ’লে দৰমহা কৰ্তনৰ ভাবুকি প্ৰদান কৰিছিল।আৰু  এইবিলাকৰ পৰা বিৰক্ত হৈ তেওঁ আত্মহত্যাৰ সিদ্ধান্ত ল’লে। বুলি পাঁচ পৃষ্ঠাৰ ছুইচাইড নোটত উল্লে কৰি গৈছে৷ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আত্মহত্যা কৰাৰ পূৰ্বে মৃত তৰুণে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোম্পানীটোৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল বুলি জানিব পৰা গাছে৷এনে পৰিস্থিতিত প্ৰশ্ন হয়, সেই সময়ত কি হৈছিল যাৰ বাবে তৰুণ ছাক্সেনাই আত্মহত্যা পথ বাছি ল’বলৈ বাধ্য হয়৷ প্ৰশ্ন হয় এনেদৰে টাৰ্গেট পূৰণৰ হেঁচাত কিমান জন তৰুণ ছাক্সেনাই জীৱন ত্যাগ কৰিব? কৰ্পৰেট গোষ্ঠীৰ বিষয়া সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু