--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাডাখৰ ভৱিষ্যত সুৰক্ষা তথা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ষষ্ঠ অনুসূচীৰ মৰ্যাদা বিচাৰি সোনম ৱাংচুকৰ নেতৃত্বত লাডাখৰ জনতা দেশৰ ৰাজধানী দিল্লীলৈ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷সোমবাৰে নিশা লাডাখৰ পৰা পদযাত্ৰা কৰি আহি দিল্লী সীমান্তত উপস্থিত হোৱা সময়তে সোনম ৱাংচুকসহ প্ৰায় ১৫০ জন সহযোগীক আৰক্ষায়ে আটক কৰে৷

কেন্দ্ৰচৰকাৰে শান্তিপূৰ্ণ ভাৱে নিজৰ অধিকাৰ বিচাৰি ৰাজধানী চহৰ দিল্লীত আহি উপস্থিত হোৱা সমদল কৰিসকলক আটক কৰা কাৰ্যত  বিৰোধী নেতা ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱালে ক্ষোভ প্ৰকাশ কৰিছে৷ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে মোদীচৰকাৰে লাডাখৰ পৰা শান্তিপূৰ্ণ ভৱে সমদল কৰি অহা শিক্ষাবিদ তথা জলবায়ু কৰ্মী সোণম ৱাংচুকে ধৰি তেওঁৰ সহযোগী সকলক দিল্লী আৰক্ষীয়ে আটক কৰা কাৰ্য গ্ৰহণযোগ্য হোৱা নাই বুলি এক্সৰ এক প’ষ্টৰ জৰিয়তে মত প্ৰকাশ কৰিছে৷   

উল্লেখযোগ্য এই পদযাত্ৰাৰ কাৰ্যসূচী ১ ছেপ্টেম্বৰত লাডাখৰ পৰা আৰম্ভ হৈছিল আৰু "চলো দিল্লী ক্লাইমেট মাৰ্চ"ৰ অংশগ্ৰহণকাৰীসকলৰ ভিতৰত প্ৰবীণ পুৰুষ-মহিলাৰ লগতে কেইবাজনো প্ৰাক্তন সৈনিকেও অংশগ্ৰহণ কৰিছিল। এই পদযাত্ৰা শান্তিপূৰ্ণ হোৱাৰ পিছতো, আৰক্ষীয়ে আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত সমদলকাৰী সকলক আটক কৰা বুলি সদৰি কৰিছে। ৱাংচুক আৰু আন গ্ৰেপ্তাৰ হোৱা লোকসকলক দিল্লী-হাৰিয়ানা সীমান্তৰ বিভিন্ন থানাত আটক কৰি ৰখা বুলি জানিব পৰা গৈছে। পদযাত্ৰাত অংশগ্ৰহণ কৰা মহিলাসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দিল্লীত ছদিনৰ কৰাণে কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব বুলি জাননি জাৰি কৰা হৈছে জনায়৷ ইয়াৰ ভিত্তিত সমদলকাৰী সকলক আটক কৰা বুলি সদৰি কৰিছে৷ 

সমদলটোৰ নেতৃত্ব প্ৰদান কৰা সোমন ৱাংচুকে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জনায় যে চৰকাৰে এই সমদল সফলহোৱা হোৱাটো নিবিছাৰে, প্ৰথম অৱস্থাত চৰকাৰে সুৰক্ষা প্ৰদান কৰা বুলি অনুমান হৈছিল কিন্তু দিল্লীৰ সীমান্তৰ কাষ চাপি অহাৰ লগে লগে আটক কৰা হৈছে বুলি স্পষ্ট হৈ পৰে৷ লগতে তেওঁ কয় যে দিল্লী সীমান্তত প্ৰায় ১০০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে আৰু দিল্লীৰ লাডাখ ভৱন আৰু লাডাখৰ ছাত্ৰ-ছাত্ৰী বাস কৰা অঞ্চলসমূহতো নিৰাপত্তাৰক্ষীৰ মোতায়েন কৰা বুলি জনিব পৰা গৈছে৷ 

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে লাডাখৰ বাবে গণতান্ত্ৰিক অধিকাৰ দাবী কৰাটো ভুল নেকি? ২ অক্টোবৰত সত্যগ্ৰহীসকলে গান্ধী সমাধি ভ্ৰমণ কৰাটো ভুল নেকি? সোণম ৱাংচুক আটক কৰাটো একনায়কত্ববাদ বুলি মতপ্ৰকাশ কৰে৷ আৰু তেওঁক লগ কৰিবলৈ বাৱানা থানালৈ যাব বুলি সদৰি কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

উল্লেখনীয় যে লাডাখত কাৰিকৰী উন্নয়ন আৰু শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক কামৰ বাবে সোনম ৱাংচুক জনাজাত, তেওঁ সদায় পৰিৱেশ সুৰক্ষা আৰু সামাজিক সংস্কাৰৰ বাবে সৰৱ হৈ আহিছে। তেওঁৰ গ্ৰেপ্তাৰে লাডাখৰ সমস্যাসমূহৰ লগতে ভাৰতত নাগৰিক অধিকাৰৰ ওপৰত চৰকাৰৰ বিস্তৃত প্ৰভাৱৰ ওপৰত মনোযোগ আকৰ্ষণ কৰিছে। 

এনে পৰিস্থিতি লাডাখৰ দাবী তথা ৱাংচুক আৰু তেওঁৰ সংগীসকলৰ মুক্তিৰ বাবে উত্থাপন হোৱা দাবীসমূহৰ ওপৰত চৰকাৰ কি প্ৰতিক্ৰিয়া হয় আৰু লাডাখৰ বাবে অধিক স্বায়ত্তশাসনৰ দাবীসমূহ পূৰণ হয় নে নহয় সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement