--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আৰু সন্মানীয় আলোচনী হিচাপে বিবেচিত টাইম আলোচনীয়ে প্ৰকাশ কৰিছে ২০২২ চনৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ নামৰ তালিকা। টাইমে এই বৰ্ষৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে তিনিগৰাকী ভাৰতীয় ব্যক্তিক। 

এই তিনি ভাৰতীয় হৈছে ক্ৰমে দেশৰ শীৰ্ষস্থানীয় ধনকুবেৰ-ব্যৱসায়ী গৌতম আদানি, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কৰুণা নুণ্ডি আৰু মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰভেজ। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, সাংবাদিক ডিমিট্ৰি মুৰাটভ, টেনিছ তাৰকা ৰাফেল নাদাল, এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক সহ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

গৌতম আদানি সন্দৰ্ভত টাইমে কয় যে আদানি গ্ৰুপ এতিয়া বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ ভাৰতৰ এক বৃহৎ আৰু শক্তিশালী গোট। জনগণৰ দৃষ্টিৰ আঁৰত থাকি আদানিয়ে নিঃশব্দে তেওঁৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছে বুলি টাইমে উল্লেখ কৰে।

"বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানৰ বাবে আদানি আৰু ৱাৰেন বাফেটৰ মাজত প্ৰতিযোগিতা চলি আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ভিতৰত ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলা যি লক্ষ্য লৈছে, ইয়াত আদানিৰ যাত্ৰা অধিক গতিত আৰম্ভ হ'ব পাৰে।"- আদানি সন্দৰ্ভত টাইমে এইদৰে সন্নিৱিষ্ট কৰিছে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কৰুণা নুণ্ডি সন্দৰ্ভত টাইমে কয় যে নুণ্ডি কেৱল এগৰাকী উকীলেই নহয়, আদালতৰ ভিতৰে-বাহিৰে সবল আৰু সাহসী কণ্ঠস্বৰে সামাজিক পৰিৱৰ্তনৰ বাবে মাত মতা তেওঁ এগৰাকী ৰাজহুৱা কৰ্মীও। 

নুণ্ডিক মহিলাৰ অধিকাৰৰ যুঁজখনৰ এগৰাকী ‘চেম্পিয়ন’ আখ্যা দি টাইমে কয় যে নুণ্ডিয়ে ধৰ্ষণ বিৰোধী আইনৰ সংস্কাৰৰ বাবে ওকালতি কৰিছে আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰত সাহসিকতাৰে যুঁজ দিছে। 

টাইমৰ এই তালিকাখনত এছিয়ান ফেডাৰেচন এগেইনষ্ট ইনভেণ্টেল ডিচেপশ্বনৰ অধ্যক্ষ খুৰাম পাৰভেজকো স্থান দিয়া হৈছে। যোৱা বৰ্ষৰ নৱেম্বৰৰ পৰা UAPA ৰ অধীনত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মানৱ অধিকাৰ কৰ্মী খুৰাম বৰ্তমান কাশ্মীৰ কাৰাগাৰত বন্দী হৈ আছে। 

টাইমত খুৰাম পাৰভেজ সম্পৰ্কে লিখা টোকাত সাংবাদিক ৰাণা আয়ুবে কয় যে কাশ্মীৰ উপত্যকাত মানৱ অধিকাৰ উলংঘন আৰু অন্যায়ৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত ৰখা পাৰভেজ কণ্ঠস্বৰ সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈ পৰিছে। সেয়ে তেওঁৰ কণ্ঠস্বৰ ৰুদ্ধ কৰা প্ৰয়োজন হৈ পৰে, যাৰ বাবে পাৰভেজক কাৰাবন্দী কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ