--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আৰু সন্মানীয় আলোচনী হিচাপে বিবেচিত টাইম আলোচনীয়ে প্ৰকাশ কৰিছে ২০২২ চনৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ নামৰ তালিকা। টাইমে এই বৰ্ষৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে তিনিগৰাকী ভাৰতীয় ব্যক্তিক। 

এই তিনি ভাৰতীয় হৈছে ক্ৰমে দেশৰ শীৰ্ষস্থানীয় ধনকুবেৰ-ব্যৱসায়ী গৌতম আদানি, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কৰুণা নুণ্ডি আৰু মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰভেজ। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, সাংবাদিক ডিমিট্ৰি মুৰাটভ, টেনিছ তাৰকা ৰাফেল নাদাল, এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক সহ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

গৌতম আদানি সন্দৰ্ভত টাইমে কয় যে আদানি গ্ৰুপ এতিয়া বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ ভাৰতৰ এক বৃহৎ আৰু শক্তিশালী গোট। জনগণৰ দৃষ্টিৰ আঁৰত থাকি আদানিয়ে নিঃশব্দে তেওঁৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছে বুলি টাইমে উল্লেখ কৰে।

"বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানৰ বাবে আদানি আৰু ৱাৰেন বাফেটৰ মাজত প্ৰতিযোগিতা চলি আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ভিতৰত ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলা যি লক্ষ্য লৈছে, ইয়াত আদানিৰ যাত্ৰা অধিক গতিত আৰম্ভ হ'ব পাৰে।"- আদানি সন্দৰ্ভত টাইমে এইদৰে সন্নিৱিষ্ট কৰিছে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কৰুণা নুণ্ডি সন্দৰ্ভত টাইমে কয় যে নুণ্ডি কেৱল এগৰাকী উকীলেই নহয়, আদালতৰ ভিতৰে-বাহিৰে সবল আৰু সাহসী কণ্ঠস্বৰে সামাজিক পৰিৱৰ্তনৰ বাবে মাত মতা তেওঁ এগৰাকী ৰাজহুৱা কৰ্মীও। 

নুণ্ডিক মহিলাৰ অধিকাৰৰ যুঁজখনৰ এগৰাকী ‘চেম্পিয়ন’ আখ্যা দি টাইমে কয় যে নুণ্ডিয়ে ধৰ্ষণ বিৰোধী আইনৰ সংস্কাৰৰ বাবে ওকালতি কৰিছে আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰত সাহসিকতাৰে যুঁজ দিছে। 

টাইমৰ এই তালিকাখনত এছিয়ান ফেডাৰেচন এগেইনষ্ট ইনভেণ্টেল ডিচেপশ্বনৰ অধ্যক্ষ খুৰাম পাৰভেজকো স্থান দিয়া হৈছে। যোৱা বৰ্ষৰ নৱেম্বৰৰ পৰা UAPA ৰ অধীনত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মানৱ অধিকাৰ কৰ্মী খুৰাম বৰ্তমান কাশ্মীৰ কাৰাগাৰত বন্দী হৈ আছে। 

টাইমত খুৰাম পাৰভেজ সম্পৰ্কে লিখা টোকাত সাংবাদিক ৰাণা আয়ুবে কয় যে কাশ্মীৰ উপত্যকাত মানৱ অধিকাৰ উলংঘন আৰু অন্যায়ৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত ৰখা পাৰভেজ কণ্ঠস্বৰ সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈ পৰিছে। সেয়ে তেওঁৰ কণ্ঠস্বৰ ৰুদ্ধ কৰা প্ৰয়োজন হৈ পৰে, যাৰ বাবে পাৰভেজক কাৰাবন্দী কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান