--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ জগতখনত আমেৰিকান ডলাৰৰ একচেটিয়া অধিকাৰৰ দিন শেষ হ’বলৈ ওলাইছে। বহু দেশে বাণিজ্যিক লেনদেনত ডলাৰৰ বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিছে। সেই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে আফ্ৰিকাৰ কেইবাখনো দেশ।

শেহতীয়াকৈ আফ্ৰিকাৰ কেইবাখনো দেশ ডলাৰৰ প্ৰতি মোহভংগ হোৱা দেখা গৈছে। তেওঁলোকে মহাদেশখনৰ ভিতৰত বাণিজ্যৰ বাবে আমেৰিকাৰ মুদ্ৰা ব্যৱহাৰৰ পক্ষপাতী নহয়।

শেহতীয়াকৈ ভাৰতত থকা দক্ষিণ আফ্ৰিকাৰ দূতাবাসে ডলাৰৰ আধিপত্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সেই দেশৰ প্ৰতিনিধিয়ে ভাৰতীয় সংবাদমাধ্যমৰ আগত ডলাৰ-ব্যৱসায়ৰ বিৰোধিতা কৰিছিল।


কিছুদিন পূৰ্বে কেনিয়াৰ পৰাও ডলাৰৰ বিপৰীতে সুৰ শুনা গৈছিল। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে আফ্ৰিকাৰ আন নেতাসকলক মহাদেশখনৰ ভিতৰত বাণিজ্যৰ বাবে ডলাৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।

সেই ক্ষেত্ৰত কেনিয়াৰ ৰাষ্ট্ৰপতিয়ে বিকল্প হিচাপে প্যান আফ্ৰিকান বাণিজ্য ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল। এই ব্যৱস্থা ২০২২ চনত আফ্ৰিকা মহাদেশত প্ৰৱৰ্তন কৰা হৈছিল। এইটোৱেই তেওঁলোকৰ স্বতন্ত্ৰ ব্যৱসায়িক পদ্ধতি।

কিন্তু শেহতীয়াকৈ কেৱল আফ্ৰিকাতে নহয়, দক্ষিণ আমেৰিকাতো ডলাৰ বিৰোধী ধাৰা দেখা গৈছে। ব্ৰাজিল, আৰ্জেণ্টিনাৰ দৰে দেশে ‘ডি-ডলাৰাইজেচন’ক সমৰ্থন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ সিংহাসনৰ পৰা আমেৰিকাৰ মুদ্ৰা আঁতৰাই ইয়াৰ গুৰুত্ব হ্ৰাস কৰা প্ৰক্ৰিয়াটো হ’ল ‘ডি-ডলাৰাইজেচন’। বহু দেশ এই প্ৰক্ৰিয়াত যোগদান কৰিবলৈ আগ্ৰহী।

চলিত বৰ্ষৰ এপ্ৰিল মাহত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা ছিলভাই চীন ভ্ৰমণ কৰিছিল। তাত তেওঁ বিভিন্ন দেশক ডলাৰ পৰিত্যাগ কৰি স্থানীয় মুদ্ৰা ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়।

ব্ৰাজিল আৰু চীনে দ্বিপাক্ষিক বাণিজ্যত ডলাৰ ব্যৱহাৰ নকৰাৰ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে আন দেশক ডলাৰ পৰিত্যাগ কৰিবলৈ কয়।

দক্ষিণ আমেৰিকাৰ আন এখন দেশ আৰ্জেণ্টিনাও ডলাৰৰ বিপৰীতে থকা দেখা গৈছে। শেহতীয়াকৈ তেওঁলোকে চীনৰ সৈতে ব্যৱসায়ত ডলাৰৰ পৰিৱৰ্তে চীনৰ মুদ্ৰা ইউয়ান ব্যৱহাৰ কৰিবলৈ সন্মত হৈছে।

যোৱা বছৰ জিম্বাবুৱেত চূড়ান্ত অৰ্থনৈতিক সংকটৰ মাজতে ডলাৰলৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই দেশত সোণৰ মুদ্ৰা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।

ডলাৰৰ বিপৰীতে জিম্বাবুৱেৰ মুদ্ৰাৰ মূল্য একেবাৰে হ্ৰাস পায়। যাৰ ফলত দেশত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হ’ল। দৈনিক প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে।

এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিম্বাবুৱেই ডলাৰৰ বিকল্প হিচাপে সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰে। মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াত ই উপযোগী বুলি বিশ্বাস কৰা হয়। বিদেশী বিনিয়োগকাৰীসকলেও জিম্বাবুৱেৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

‘ডি-ডলাৰাইজেচন’ত ভাৰত পিছ পৰি থকা নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকে বিশ্বৰ মুঠ ১৮খন দেশত ‘স্পেচিয়েল ৰুপী ভাষ্ট্ৰ’ একাউণ্ট’ বা এছ আৰ ভি এ খোলাৰ বাবে সেউজ সংকেত দিছে।

এই দেশসমূহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ডলাৰৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। তেওঁলোকে ডলাৰৰ বিকল্প হিচাপে ভাৰতীয় টকাৰ প্ৰতি উৎসাহ প্ৰকাশ কৰে। গতিকে ৰাছিয়া, ছিংগাপুৰ, বটছৱানা, জাৰ্মানী, ব্ৰিটেইন, ফিজি, গায়ানা, ইজৰাইল, কেনিয়াৰ দৰে দেশসমূহে ভাৰতৰ সৈতে ভাৰতীয় টকাত ব্যৱসায় কৰিব।

পৰিসংখ্যা অনুসৰি ২০০০ চনত বিশ্বৰ কেন্দ্ৰীয় বেংকত ডলাৰৰ অংশীদাৰিত্ব আছিল ৭১ শতাংশ, যিটো বৰ্তমান ৫৯ শতাংশলৈ হ্ৰাস পাইছে। ডলাৰৰ অংশীদাৰিত্ব হ্ৰাস পোৱাৰ অন্যতম কাৰণ হ’ল ইউৰো আৰু চীনৰ ইউয়ানৰ অংশীদাৰিত্ব বৃদ্ধি।

আমেৰিকাই সদায় নিজৰ ডলাৰক আন দেশক স্তব্ধ কৰাৰ অস্ত্ৰ হিচাপে দেখি আহিছে বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে। এই পন্থাই ডলাৰৰ অৱনতিৰ সূচনা কৰিছিল। তেওঁলোকেও ভাবে যে আগন্তুক দিনত ডলাৰৰ মূল্য আৰু গুৰুত্ব যিমানেই কমি যাব সিমানেই আনৰ আত্মবিশ্বাস বাঢ়িব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস