--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানৰ নব্য আৰু পৰিশোধিত ৰূপক লৈ উল্লসিত হৈ থকা মহলৰ বাবে এক উদ্বেগৰ খবৰ, ক্ৰমশ: স্পষ্ট হৈ আহিছে কট্টৰপন্থী ইছলামিক সংগঠনৰ সৈতে থকা তালিবানী শাসকৰ সু সম্পৰ্কৰ কথা। ইতিমধ্যেই মাৰ্কিন সেনাৰ আফগানিস্তান ত্যাগৰ পিছত তালিবানক অভিনন্দন জনাই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাই প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা। বাৰ্তাযোগে অভিনন্দন জনাওতে ক্ষান্ত নাথাকি তালিবানক কাশ্মীৰক ‘মুক্ত’ কৰাৰো আহ্বান জনাইছে সংগঠনটোৱে। কাজেই সমগ্ৰ বিষয়টো এতিয়া ভাৰতৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে।

আন্তৰ্জাতিক মহলৰো নিদ্ৰাহৰণ কৰিছে তালিবান আৰু সন্ত্ৰাসবাদী সংগঠনৰ এই প্ৰকাশ্য মিত্ৰতাই।
বাৰ্তাযোগে লেভান্ত, সোমালিয়া, য়েমেন, কাশ্মীৰসহ সমগ্ৰ মুছলিম অঞ্চলক ইছলামৰ শত্ৰুৰ হাতৰ পৰা মুক্ত কৰাৰ আহ্বান জনোৱা হৈছে। বিশ্বৰ সমগ্ৰ মুছলিম বন্দীক মুক্ত কৰাৰ আহ্বানো জনোৱা হৈছে একেটা বাৰ্তাৰ মাধ্যমত। নক’লেও চলে, আফগানিস্তানত তালিবানৰ শাসন প্ৰতিষ্ঠাৰ পিছতে সমগ্ৰ বিশ্বৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহে অম্লজান বিচাৰি পাইছে।

মাত্ৰ কিছুদিন পূৰ্বেই কাশ্মীৰ দখলৰ বাবে তালিবানৰ সহায় বিচাৰিছিল পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনে।ইফালে সীমান্তত থকা লস্কৰ-ই-তইবা, জৈছ-ঈ-মহম্মদসহ অন্যান্য সন্ত্ৰাসবাদী সংগঠনসমূহো সক্ৰিয় হৈ উঠিছে তলিবানৰ পুনৰুত্থানৰ পাছতে। আহি থকা দিনত আফগানিস্তান আৰু পাকিস্তানৰ কৰিড’ৰক ব্যৱহাৰ কৰি সন্ত্ৰাসৰ হাঁতোৰা প্ৰসাৰিত কৰাৰ চেষ্টা যে এই সংগঠনসমূহে চলাব সেয়া প্ৰায় নিশ্চিত। ইতিমধ্যেই আফগানিস্তানত ওচামা বিন লাডেনৰ অন্যতম সহযোগী আমিন উল হকৰ উপস্থিতি প্ৰমাণ হৈছে। তেওঁৰ এখন বিশেষ ছবি ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। কাজেই শেহতীয়া সমগ্ৰ সক্ৰিয়তাই কাশ্মীৰ উপত্যকাত শংকাৰ পৰিৱেশৰ জন্ম দিছে।


আনহাতে সেনা প্ৰত্যাহাৰ কৰিলেও প্ৰয়োজনত দেশখনত সন্ত্ৰাস উৎখাত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ ইংগিত দিছে আমেৰিকান চৰকাৰে। আই এছ – কে ৰ বিৰুদ্ধে লোৱা পদক্ষেপ তাৰেই আগজাননী বুলি বুজিব পাৰি।এনে এক প্ৰেক্ষাপটত আহ থকা দিনত আফগানিস্তানৰ ভূমিত যুদ্ধৰ শংকাও নুই কৰিব নোৱাৰি।যি নহওঁক, ভাৰত উপ মহাদেশৰ পৰা শংকাৰ এই ক’লীয়া ডাৱৰ কেতিয়া আঁতৰি যায় সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক