--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানৰ নব্য আৰু পৰিশোধিত ৰূপক লৈ উল্লসিত হৈ থকা মহলৰ বাবে এক উদ্বেগৰ খবৰ, ক্ৰমশ: স্পষ্ট হৈ আহিছে কট্টৰপন্থী ইছলামিক সংগঠনৰ সৈতে থকা তালিবানী শাসকৰ সু সম্পৰ্কৰ কথা। ইতিমধ্যেই মাৰ্কিন সেনাৰ আফগানিস্তান ত্যাগৰ পিছত তালিবানক অভিনন্দন জনাই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাই প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা। বাৰ্তাযোগে অভিনন্দন জনাওতে ক্ষান্ত নাথাকি তালিবানক কাশ্মীৰক ‘মুক্ত’ কৰাৰো আহ্বান জনাইছে সংগঠনটোৱে। কাজেই সমগ্ৰ বিষয়টো এতিয়া ভাৰতৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে।

আন্তৰ্জাতিক মহলৰো নিদ্ৰাহৰণ কৰিছে তালিবান আৰু সন্ত্ৰাসবাদী সংগঠনৰ এই প্ৰকাশ্য মিত্ৰতাই।
বাৰ্তাযোগে লেভান্ত, সোমালিয়া, য়েমেন, কাশ্মীৰসহ সমগ্ৰ মুছলিম অঞ্চলক ইছলামৰ শত্ৰুৰ হাতৰ পৰা মুক্ত কৰাৰ আহ্বান জনোৱা হৈছে। বিশ্বৰ সমগ্ৰ মুছলিম বন্দীক মুক্ত কৰাৰ আহ্বানো জনোৱা হৈছে একেটা বাৰ্তাৰ মাধ্যমত। নক’লেও চলে, আফগানিস্তানত তালিবানৰ শাসন প্ৰতিষ্ঠাৰ পিছতে সমগ্ৰ বিশ্বৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহে অম্লজান বিচাৰি পাইছে।

মাত্ৰ কিছুদিন পূৰ্বেই কাশ্মীৰ দখলৰ বাবে তালিবানৰ সহায় বিচাৰিছিল পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনে।ইফালে সীমান্তত থকা লস্কৰ-ই-তইবা, জৈছ-ঈ-মহম্মদসহ অন্যান্য সন্ত্ৰাসবাদী সংগঠনসমূহো সক্ৰিয় হৈ উঠিছে তলিবানৰ পুনৰুত্থানৰ পাছতে। আহি থকা দিনত আফগানিস্তান আৰু পাকিস্তানৰ কৰিড’ৰক ব্যৱহাৰ কৰি সন্ত্ৰাসৰ হাঁতোৰা প্ৰসাৰিত কৰাৰ চেষ্টা যে এই সংগঠনসমূহে চলাব সেয়া প্ৰায় নিশ্চিত। ইতিমধ্যেই আফগানিস্তানত ওচামা বিন লাডেনৰ অন্যতম সহযোগী আমিন উল হকৰ উপস্থিতি প্ৰমাণ হৈছে। তেওঁৰ এখন বিশেষ ছবি ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। কাজেই শেহতীয়া সমগ্ৰ সক্ৰিয়তাই কাশ্মীৰ উপত্যকাত শংকাৰ পৰিৱেশৰ জন্ম দিছে।


আনহাতে সেনা প্ৰত্যাহাৰ কৰিলেও প্ৰয়োজনত দেশখনত সন্ত্ৰাস উৎখাত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ ইংগিত দিছে আমেৰিকান চৰকাৰে। আই এছ – কে ৰ বিৰুদ্ধে লোৱা পদক্ষেপ তাৰেই আগজাননী বুলি বুজিব পাৰি।এনে এক প্ৰেক্ষাপটত আহ থকা দিনত আফগানিস্তানৰ ভূমিত যুদ্ধৰ শংকাও নুই কৰিব নোৱাৰি।যি নহওঁক, ভাৰত উপ মহাদেশৰ পৰা শংকাৰ এই ক’লীয়া ডাৱৰ কেতিয়া আঁতৰি যায় সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ