--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ঘটা লোকৰ সংখ্যা ৫৫জনলৈ বৃদ্ধি পাইছে। ৮৮ জনৰো অধিকলোক  এতিয়াও চিকিৎসাধীন হৈ আছে। ইফালে আৰক্ষীয়ে বিষাক্ত সুৰা  যোগান ধৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰৰ মূল অভিযুক্ত হিচাবে চিহ্নিত এই লোকজনৰ উপৰি  ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত  আন ৭জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে শনিবাৰে ছেৰাজিয়াৰ তিৰুচিৰাপল্লী জিলাৰ পৰা প্ৰায় ২৫০ লিটাৰ অবৈধ সুৰা জব্দ কৰে। 

 তামিলনাডুৰ  কল্লাকুৰিচি জিলাত বিোক্ত সুৰা সেৱন কৰি বহু লোক অসুস্থ হৈ পৰিছিল। বহুলোকক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।  ১৯৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  শনিবাৰলৈকে ৫৫ জন লোকে প্ৰাণ হেৰুৱাইছে। বাকীসকল কল্লাকুৰিচি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, পুডুচেৰী, চেলেম, ভিল্লুপুৰম আৰু জিপ’মৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শনিবাৰে কল্লাকুৰিচি আৰক্ষীয়ে জনোৱা মতে চিন্নাদুৰাই নামৰ এজন লোকক  বিষাক্ত সুৰা যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে তেওঁ কৰুণাপুৰমত সুৰাৰ যোগান ধৰিছিল।


ইতিমধ্যে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে এই ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ শোক প্ৰকাশ কৰি তেওঁ কয়, ‘এই ঘটনাত মই স্তম্ভিত হৈছো। কল্লাকুৰিচিত বিষক্ৰিয়াত মৃত্যু হোৱা সকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। এই ঘটনাৰ বাবে দায়ী সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি এই অপৰাধ ৰোধ কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাটো অতি দুখজনক’’।  শনিবাৰে ষ্টেলিনে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হয়। এই ঘটনাত কেইবাজনো আৰক্ষীকো নিলম্বন কৰা হৈছে।
এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে। তেওঁ এক্স হেণ্ডেলত লিখিছে, "কল্লাকুৰিচিত বিষাক্ত সুৰা পন কৰি মানুহৰ হোৱা  মৃত্যুক লৈ মই চিন্তিত।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু