--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ঘটা লোকৰ সংখ্যা ৫৫জনলৈ বৃদ্ধি পাইছে। ৮৮ জনৰো অধিকলোক  এতিয়াও চিকিৎসাধীন হৈ আছে। ইফালে আৰক্ষীয়ে বিষাক্ত সুৰা  যোগান ধৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰৰ মূল অভিযুক্ত হিচাবে চিহ্নিত এই লোকজনৰ উপৰি  ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত  আন ৭জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে শনিবাৰে ছেৰাজিয়াৰ তিৰুচিৰাপল্লী জিলাৰ পৰা প্ৰায় ২৫০ লিটাৰ অবৈধ সুৰা জব্দ কৰে। 

 তামিলনাডুৰ  কল্লাকুৰিচি জিলাত বিোক্ত সুৰা সেৱন কৰি বহু লোক অসুস্থ হৈ পৰিছিল। বহুলোকক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।  ১৯৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  শনিবাৰলৈকে ৫৫ জন লোকে প্ৰাণ হেৰুৱাইছে। বাকীসকল কল্লাকুৰিচি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, পুডুচেৰী, চেলেম, ভিল্লুপুৰম আৰু জিপ’মৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শনিবাৰে কল্লাকুৰিচি আৰক্ষীয়ে জনোৱা মতে চিন্নাদুৰাই নামৰ এজন লোকক  বিষাক্ত সুৰা যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে তেওঁ কৰুণাপুৰমত সুৰাৰ যোগান ধৰিছিল।


ইতিমধ্যে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে এই ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ শোক প্ৰকাশ কৰি তেওঁ কয়, ‘এই ঘটনাত মই স্তম্ভিত হৈছো। কল্লাকুৰিচিত বিষক্ৰিয়াত মৃত্যু হোৱা সকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। এই ঘটনাৰ বাবে দায়ী সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি এই অপৰাধ ৰোধ কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাটো অতি দুখজনক’’।  শনিবাৰে ষ্টেলিনে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হয়। এই ঘটনাত কেইবাজনো আৰক্ষীকো নিলম্বন কৰা হৈছে।
এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে। তেওঁ এক্স হেণ্ডেলত লিখিছে, "কল্লাকুৰিচিত বিষাক্ত সুৰা পন কৰি মানুহৰ হোৱা  মৃত্যুক লৈ মই চিন্তিত।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান