--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণত ছবিখনৰ প্ৰযোজক পাৰ্থ কটকী, পৰিচালক মনোজিৎ শৰ্মা আৰু অসমৰ জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা তপন দাসসহ সমগ্ৰ টীমে জুবিন উদ্যানত থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

ডিজিটেল ডেস্ক: অসমৰ হাৰ্টথ্ৰব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত মুক্তিলাভ কৰিবলগীয়া আগন্তুক অসমীয়া ছবি ‘১৮ নৱেম্বৰ’-ৰ কলা-কুশলীসকলে আজি পুৱাই নগাঁৱৰ জুবিন উদ্যানত উপস্থিত হৈ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণত ছবিখনৰ প্ৰযোজক পাৰ্থ কটকী, পৰিচালক মনোজিৎ শৰ্মা আৰু অসমৰ জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা তপন দাসসহ সমগ্ৰ টীমে জুবিন উদ্যানত থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।


"মানুহৰ মনৰ পৰিৱেশো জুবিনৰ দৰে হ'ব লাগিব"। পৰিৱেশ দিৱসৰ দিনটোত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিৱেদন কৰি বিশিষ্ট অভিনেতা তপন দাসে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়: "কেৱল প্ৰকৃতিৰ পৰিৱেশেই নহয়, মানুহৰ মনবোৰৰ পৰিৱেশো জুবিন গাৰ্গৰ দৰে উদাৰ আৰু ভাল হ'ব লাগিব।"


পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ‘১৮ নৱেম্বৰ’ৰ সমগ্ৰ দলটোৱে আজি শিল্পীগৰাকীক এটি নাহৰৰ পুলি উপহাৰ দি শ্ৰদ্ধা জ্ঞাপন কৰে।


শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতেই ছবিখনৰ পৰিচালক মনোজিৎ শৰ্মাই এটা ডাঙৰ ঘোষণা কৰে। অহা ৫ জুলাইৰ পৰা অসমৰ জিলাই জিলাই জুবিন গাৰ্গৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। শ্ৰেষ্ঠ প্ৰতিযোগীয়ে নগদ ১ লাখ টকা পুৰস্কাৰ হিচাপে পোৱাৰ লগতে আগন্তুক ‘১৮ নৱেম্বৰ’ ছবিখনত কণ্ঠদান কৰাৰ এক সোণালী সুযোগ লাভ কৰিব।


উল্লেখ্য যে পৰিচালক মনোজিৎ শৰ্মাৰ পৰিচালনা আৰু পাৰ্থ কটকীৰ প্ৰযোজনাৰে নিৰ্মিত ‘১৮ নৱেম্বৰ’ ছবিখনত জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ লগতে অসমৰ বহুকেইগৰাকী গণ্যমান্য তথা প্ৰতিভাশালী শিল্পীয়ে অভিনয় কৰিছে। ছবিখনক লৈ এতিয়া জুবিন অনুৰাগী তথা অসমৰ চিনেমাপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?