--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৬০ বছৰীয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে লুহিজানত পূৰ্বেশ্বৰ কছাৰীৰ ভঁৰালৰ ধান খাবলৈ লওতে গৃহস্থই লগাই ৰাখা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লয়।

ডিজিটেল ডেস্ক: বিশ্ব পৰিৱেশৰ দিনাই জোনাইত অঘটন। জোনাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু হোৱা খবৰে অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ। খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা এটা বন্যহস্তীয়ে শুকুৰবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয়। 


জানিব পৰা মতে পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৬০ বছৰীয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে লুহিজানত পূৰ্বেশ্বৰ কছাৰীৰ ভঁৰালৰ ধান খাবলৈ লওতে গৃহস্থই লগাই ৰাখা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লয়। গৃহস্থই জানিব দিয়া মতে আজি পুৱতি নিশা প্ৰায় ২ বজাত ভঁৰালৰ কাষত এটা শব্দ হয়। লগে লগে গৃহস্থই ওলাই দেখে এটা প্ৰকাণ্ড হাতী বিদ্যুতৰ তাঁৰত লাগি মৃত্যু আকোৱালি লয়। 


লগে লগে বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে। উল্লেখ্য যে, পবা বনাঞ্চলৰ নিকটৱৰ্তী লূহিজান, লোহিতপুৰ ৰাকুট কেমেৰে বগী নদীত মৃত হাতীটোৱে প্ৰায়ে তাণ্ডৱ চলায় সমীপৱৰ্তী অঞ্চলসমূহত। বিশেষকৈ খাদ্যৰ সন্ধানত আগমন ঘটে বন্যহস্তীৰ। 


সুৰক্ষাৰ বাবে ভঁৰালত বিদ্যুৎ পৰিবাহী তাঁৰসহ এটা বাল্ব সংযোগ কৰা হৈছিল আৰু তাৰ পৰিণতিত এই কৰুণ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, আৰক্ষী দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু পশু চিকিৎসক দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যু প্ৰকৃত কাৰণ জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?