--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী বিখ্যাত ব্ৰিটিছ মডেল, নাম তেওঁৰ জনাথন লেংকেষ্টাৰ। তেওঁ এজন প্ৰেৰণাদায়ক বক্তাহোৱাৰ লগতে অভিজ্ঞতাসমূহ ভাগ কৰি কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰে। কিন্তু শেহতীয়াকৈ জোনাথনে এটা অনুষ্ঠানৰ সময়ত নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল, যিটো শুনি সকলো স্তম্ভিত হৈ পৰিছিল। ছ’চিয়েল মিডিয়াতো এই সন্দৰ্ভত বহু ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল।

দৰাচলতে জোনাথনৰ মুখৰ অদ্ভুত ৰূপৰ বাবেই জন্মতে তেওঁক ত্যাগ কৰিছিল মাক-দেউতাকে। জোনাথনৰ জন্মগতভাৱে আছিল ট্ৰেচাৰ কলিন্স চিনড্ৰম নামৰ এক বিৰল ৰোগ, য’ত মুখ বা মূৰৰ আকৃতি অস্বাভাৱিক হয়। জোনাথনৰ অস্বাভাৱিক ৰূপৰ বাবে যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে ত্যাগ কৰিছিল, তেতিয়া তেওঁক এগৰাকী মহিলাই তুলি লৈছিল। পিছলৈ ২০০৯ চনত জোনাথনে পুনৰ জৈৱিক পিতৃ-মাতৃৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে জোনাথনৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰে। ট্ৰেচাৰ কলিন্স চিনড্ৰম কি আৰু কিয় হয় জানো আহক?

 ১. ট্ৰেচাৰ কলিন্স চিনড্ৰম-

ট্ৰেচাৰ কলিন্স চিনড্ৰম (TCS) হৈছে এটা বিৰল জিনীয় বিকাৰ, য’ত শিশুৰ মূৰ আৰু মুখ বিকৃত হৈ পৰে। ইয়াত শিশুৰ গালৰ হাড়, ছাল, তালু আৰু মুখ জন্মৰ পৰাই অবিকশিত হৈ থাকে। এই অৱস্থাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে আনকি খাদ্য খোৱাতো অসুবিধা হয়। গুৰুতৰ ক্ষেত্ৰত মুখৰ হাড়ৰ অভাৱনীয় বিকাশে শিশুৰ বায়ুপথ বন্ধ কৰি দিব পাৰে, যিটো অৱস্থাৰ ফলত জীৱনলৈ ভাবুকিও আহি পৰে। মুখৰ যিটো অংশত বৈষম্য বেছি, সেই অংশতো ইয়াৰ লগত জড়িত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ৫০ হাজাৰৰ ভিতৰত প্ৰায় এটা শিশুৰ ক্ষেত্ৰত এই গুৰুতৰ সমস্যা হ’ব পাৰে।

 ২. কিয় এনে সমস্যা হয়?

অধ্যয়নত দেখা গৈছে যে কিছুমান বিশেষ ধৰণৰ জিনৰ মিউটেচনে ট্ৰেচাৰ কলিন্স চিনড্ৰমৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই বিকাৰৰ আটাইতকৈ সাধাৰণ কাৰণ TCOF1 জিন মিউটেচন এনে ৯০ শতাংশতকৈ অধিক ৰোগীৰ বাবে দায়ী বুলি ধৰা পৰিছে। এই জিনবোৰৰ পৰা উৎপন্ন হোৱা প্ৰটিনে হাড় আৰু মুখৰ অন্যান্য কলাবোৰৰ আগতীয়া বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৱেষকসকলে অনুমান কৰিছে যে কিছুমান বিশেষ rRNAৰ পৰিমাণ হ্ৰাস হ’লে মুখৰ হাড় আৰু কলাৰ বিকাশৰ লগত জড়িত কোষবোৰত প্ৰভাৱ পেলাই এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 ৩. ট্ৰেচাৰ কলিন্স চিনড্ৰমৰ লক্ষণসমূহ কি কি?

* TCSৰ শাৰীৰিক লক্ষণসমূহ শিশুভেদে বেলেগ বেলেগ হ’ব পাৰে

* কিছুমানৰ ক্ষেত্ৰত ই অতি মৃদু যিটো সাধাৰণতে দেখা নাযায় আনহাতে কিছুমানৰ ক্ষেত্ৰত ই গুৰুতৰ হ’ব পাৰে

* মুখৰ আকাৰ অদ্ভুত হোৱা

* মুখৰ হাড় বহুত কম

* চকু তললৈ নামি যোৱা বা চকুৰ পতা নথকা

* তালুৰ সমস্যা, ইয়াৰ বিকাশ নহয়

* বায়ুপথৰ অস্বাভাৱিক সমস্যা

* কাণ স্বাভাৱিকতকৈ সৰু বা একেবাৰেই নাই

* কাণৰ সন্মুখত ছালৰ বৃদ্ধি

 ৪. কেতিয়া শিশু এটিৰ ট্ৰেচাৰ কলিন্স চিনড্ৰমও হ’ব পাৰে?

চিকিৎসা বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি যিকোনো শিশুৰ ক্ষেত্ৰত এই সমস্যা হ’ব পাৰে, কিন্তু জন্মৰ পাছতহে অনুমান কৰিব পাৰি। যদি চিকিৎসকে শিশুটিৰ জন্মৰ সময়ত কোনো ধৰণৰ অস্বাভাৱিকতা দেখা পায়, তেন্তে  এক্সৰে বা আন পৰীক্ষা কৰিব পাৰে। আপোনাৰ শিশুৰ টিচিএছৰ কাৰণ কি সেয়া জানিবলৈ জেনেটিক পৰীক্ষাৰো সহায় ল’ব পাৰে। টিচিএছৰ চিকিৎসাৰ বাবে এই বৈষম্যসমূহ সংশোধন কৰিবলৈ কেনেধৰণৰ অস্ত্ৰোপচাৰৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি বা যিসকল শিশুৰ বায়ুপথত আক্ৰান্ত হয়, তেওঁলোকৰো জৰুৰীকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ