--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ জলসংকটৰ সন্মুখীন হৈছে ব্ৰাজিল৷ব্ৰাজিলৰ বৰ্ষাৰণ্যৰ প্ৰাণস্বৰূপ আমাজন নদী অভূতপূৰ্ব খৰাং পৰিস্থিতিৰ বাবে এশ বছৰৰো অধিক সময়ৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামি আহিছে।এই পৰিৱেশ সংকটে লাখ লাখ মানুহৰ জীৱন বিঘ্নিত কৰি অৰণ্যৰ পৰিৱেশ তন্ত্ৰৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

আমাজন নদীৰ উপনৈসমূহ দ্ৰুতগতিত শুকাই যোৱাৰ ফলত নাও আবদ্ধ হৈ পৰিছে আৰু দুৰ্গম গাঁওসমূহলৈ খাদ্য আৰু পানীৰ যোগান বিচ্ছিন্ন হৈ পৰিছে। পানীৰ উষ্ণতা বৃদ্ধিৰ বাবে ১০০ৰো অধিক বিপন্ন নদী ডলফিনৰ মৃত্যুও হৈছে।

অঞ্চলটোৰ আটাইতকৈ জনবহুল চহৰ মানাউছ বন্দৰত সোমবাৰে ১৩.৫৯ মিটাৰ (৪৪.৬ ফুট) জলস্তৰ ৰেকৰ্ড কৰা হয়, যিটো এবছৰৰ পূৰ্বে জুখি উলিওৱা ১৭.৬০ মিটাৰৰ সৈতে একেবাৰে বিপৰীত। ১৯০২ চনত অভিলেখ আৰম্ভ হোৱাৰ পাছত এইটোৱেই আটাইতকৈ নিম্ন স্তৰ, যিয়ে ২০১০ চনত পূৰ্বৰ সৰ্বকালৰ নিম্নতম স্তৰ অতিক্ৰম কৰে।

যোৱা সপ্তাহত ব্ৰাজিলৰ এটা বেচৰকাৰী সংস্থাই আমাজন নদীৰ পাৰৰ জনগোষ্ঠীলৈ যোগান ধৰাৰ সময়ত মানাউছৰ পশ্চিমে থকা চান্টা হেলেনা ডো ইংলেছৰ গাঁৱৰ পেড্ৰ’ মেণ্ডনকাই সকাহ প্ৰকাশ কৰে। তেওঁ কয় যে আমি ইয়াত আমাৰ সমাজত বৰষুণ নোহোৱাকৈ তিনিমাহ পাৰ কৰিছোঁ৷

ব্ৰাজিলৰ চৰকাৰী দুৰ্যোগ সতৰ্ক কেন্দ্ৰ চেমাডেনৰ মতে, ১৯৮০ চনৰ পাছত আমাজনৰ কিছুমান অঞ্চলত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সৰ্বনিম্ন বৰষুণ হৈছে।বতৰ বিজ্ঞান মন্ত্ৰালয়ে এই খৰাং পৰিস্থিতিৰ কাৰণ এই বছৰৰ এল নিনো জলবায়ু পৰিঘটনাৰ আৰম্ভণি বুলি কয়, যিয়ে বিশ্বজুৰি চৰম বতৰৰ আৰ্হিক আগুৱাই লৈ গৈছে। মন্ত্ৰালয়ে অনুমান কৰিছে যে খৰাং অন্ততঃ ডিচেম্বৰ মাহলৈকে চলি থাকিব যেতিয়া এল নিনোৰ প্ৰভাৱ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত