--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেজেৰে ৰাঙলী হোৱা মুখমণ্ডল, বিধ্বস্ত চেহেৰা। গুৰি কলা পৰা গাতত সোমোৱা চকু। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ এখন ভাইৰেল হৈ পৰা আলোকচিত্ৰক লৈ এতিয়া তোলপাৰ লাগিছে। ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে। তাৰ পাছৰ পৰাই তেওঁ ইডিৰ জিম্মাতে আছে। কিন্তু বৃহস্পতিবাৰে তেওঁক ইডিৰ জিম্মাৰ পৰা জৰুৰীভাৱে নিয়া হৈছিল হাস্পতাললৈ। সেই সময়তো তোলা এখন আলোকচিত্ৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তেজ বৈ থকা মুখমণ্ডলৰ সৈতে হাস্পতাললৈ লৈ যোৱা সত্যেন্দ্ৰ জৈন ইডিৰ জিম্মাত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা বুলি এতিয়া গুৰুতৰ অভিযোগ উঠিছে। কিদৰে তেওঁ মুখমণ্ডলত আঘাত পালে আৰু এই আঘাত কিমান গুৰুতৰ এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। ভাইৰেল হৈ পৰা এই আলোকচিত্ৰখন এতিয়া আপৰ বিভিন্নজন নেতাই শ্বেয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ আৰম্ভ কৰিছে।

ইফালে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত শুকুৰবাৰে মুখ খুলিছে। তেওঁ মন্তব্য কৰে যে, জৈন ইডিৰ জিম্মাত আছে আৰু মই এতিয়া যিহেতু তেওঁৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত নাই গতিকে মই এই বিষয়ে এতিয়া বিশেষ একো কব পৰা অৱস্থাত নাই। কালি তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল আৰু চিকিৎসা গ্ৰহণৰ পাছত তেওঁ সুস্থিৰ হোৱাত পুনৰ জিম্মালৈ ওভতাই লৈ যোৱা হৈছে। কেজৰিৱালে এই বিষয়টো সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিলেও দিল্লীৰ বিভিন্ন বাসিন্দাই ঘটনাটোক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এগৰাকী লোকে ইণ্টাৰনেটত লিখিছে, যিগৰাকী লোকে দিল্লীক মোহল্লা ক্লিনিক দিছে, যিয়ে দিল্লীবাসীক সততাৰে সেৱা কৰিছে তেওঁৰ ওপৰতে এই নিৰ্যাতন চলোৱা হৈছে। বিজেপি আৰু ইডিৰ এই দুষ্কাৰ্যৰ হিচাপ ভগৱানে কৰিব।

উল্লেখ্য যে, সত্যেন্দ্ৰ জৈনক ৩০ মেত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। আনহাতে বৃহস্পতিবাৰে তেওঁৰ ইডিৰ জিম্মাৰ ম্যাদ ১৩ জুনলৈকে বঢ়াই দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ শুনানিৰ সময়ত তেওঁ অসুস্থ হৈ পৰা বুলিও প্ৰকাশ কৰিছিল জৈনৰ অধিবক্তাই। ইফালে, জৈনৰ ৰক্তাক্ত মুখমণ্ডলৰ আলোকচিত্ৰৰ প্ৰসংগক লৈ বিজেপিক আক্ৰমণ কৰিছে আপৰ সাংসদ সঞ্জয় সিঙে। তেওঁ কয়, এইগৰাকী লোকে দেশক মোহল্লা ক্লিনিকৰ মডেল দিছে। ৫ খন ফ্লাই অভাৰৰ নিৰ্মাণৰ সময়ত দিল্লীৰ জনগণৰ ৩০০ কোটি টকা বচাইছে। সত্যেন্দ্ৰ জৈনৰ এই আলোকচিত্ৰখন মোদী আৰু তেওঁৰ সেনা ইডিৰ বাবে এখন কলা দাগ হৈ ৰব। দেশৰ জনগণে তোমালোকক কেতিয়াও ক্ষমা নকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস