--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেজেৰে ৰাঙলী হোৱা মুখমণ্ডল, বিধ্বস্ত চেহেৰা। গুৰি কলা পৰা গাতত সোমোৱা চকু। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ এখন ভাইৰেল হৈ পৰা আলোকচিত্ৰক লৈ এতিয়া তোলপাৰ লাগিছে। ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে। তাৰ পাছৰ পৰাই তেওঁ ইডিৰ জিম্মাতে আছে। কিন্তু বৃহস্পতিবাৰে তেওঁক ইডিৰ জিম্মাৰ পৰা জৰুৰীভাৱে নিয়া হৈছিল হাস্পতাললৈ। সেই সময়তো তোলা এখন আলোকচিত্ৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তেজ বৈ থকা মুখমণ্ডলৰ সৈতে হাস্পতাললৈ লৈ যোৱা সত্যেন্দ্ৰ জৈন ইডিৰ জিম্মাত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা বুলি এতিয়া গুৰুতৰ অভিযোগ উঠিছে। কিদৰে তেওঁ মুখমণ্ডলত আঘাত পালে আৰু এই আঘাত কিমান গুৰুতৰ এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। ভাইৰেল হৈ পৰা এই আলোকচিত্ৰখন এতিয়া আপৰ বিভিন্নজন নেতাই শ্বেয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ আৰম্ভ কৰিছে।

ইফালে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত শুকুৰবাৰে মুখ খুলিছে। তেওঁ মন্তব্য কৰে যে, জৈন ইডিৰ জিম্মাত আছে আৰু মই এতিয়া যিহেতু তেওঁৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত নাই গতিকে মই এই বিষয়ে এতিয়া বিশেষ একো কব পৰা অৱস্থাত নাই। কালি তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল আৰু চিকিৎসা গ্ৰহণৰ পাছত তেওঁ সুস্থিৰ হোৱাত পুনৰ জিম্মালৈ ওভতাই লৈ যোৱা হৈছে। কেজৰিৱালে এই বিষয়টো সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিলেও দিল্লীৰ বিভিন্ন বাসিন্দাই ঘটনাটোক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এগৰাকী লোকে ইণ্টাৰনেটত লিখিছে, যিগৰাকী লোকে দিল্লীক মোহল্লা ক্লিনিক দিছে, যিয়ে দিল্লীবাসীক সততাৰে সেৱা কৰিছে তেওঁৰ ওপৰতে এই নিৰ্যাতন চলোৱা হৈছে। বিজেপি আৰু ইডিৰ এই দুষ্কাৰ্যৰ হিচাপ ভগৱানে কৰিব।

উল্লেখ্য যে, সত্যেন্দ্ৰ জৈনক ৩০ মেত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। আনহাতে বৃহস্পতিবাৰে তেওঁৰ ইডিৰ জিম্মাৰ ম্যাদ ১৩ জুনলৈকে বঢ়াই দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ শুনানিৰ সময়ত তেওঁ অসুস্থ হৈ পৰা বুলিও প্ৰকাশ কৰিছিল জৈনৰ অধিবক্তাই। ইফালে, জৈনৰ ৰক্তাক্ত মুখমণ্ডলৰ আলোকচিত্ৰৰ প্ৰসংগক লৈ বিজেপিক আক্ৰমণ কৰিছে আপৰ সাংসদ সঞ্জয় সিঙে। তেওঁ কয়, এইগৰাকী লোকে দেশক মোহল্লা ক্লিনিকৰ মডেল দিছে। ৫ খন ফ্লাই অভাৰৰ নিৰ্মাণৰ সময়ত দিল্লীৰ জনগণৰ ৩০০ কোটি টকা বচাইছে। সত্যেন্দ্ৰ জৈনৰ এই আলোকচিত্ৰখন মোদী আৰু তেওঁৰ সেনা ইডিৰ বাবে এখন কলা দাগ হৈ ৰব। দেশৰ জনগণে তোমালোকক কেতিয়াও ক্ষমা নকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে